ETV Bharat / state

লীলাবাৰী বিমানবন্দৰত আৰম্ভ পাইলটৰ প্ৰশিক্ষণ

author img

By

Published : Apr 19, 2022, 11:03 AM IST

লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত আৰম্ভ হ’ল পাইলট প্ৰশিক্ষণৰ কাম-কাজ (Pilot training begins at Lilabari airport) ৷ ইতিমধ্যে 12 গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই কেন্দ্ৰত নামভৰ্তি কৰিছে ৷ ৰেড বাৰ্ড ফ্লাইং ট্ৰেইনিং একাডেমীয়ে পৰিচালনা কৰা এই প্ৰশিক্ষণ কেন্দ্ৰত দুখন ক্ষুদ্ৰ বিমানেৰে প্ৰশিক্ষাৰ্থীসকলক দিয়া হ’ব প্ৰশিক্ষণ ৷

Northeasts first aviation academy at Lilabari Airport
লীলাবাৰী বিমান বন্দৰত আৰম্ভ পাইলট প্ৰশিক্ষণৰ কাম

লখিমপুৰ, 19 এপ্ৰিল : উত্তৰ-পূৱ ভাৰতৰ ভিতৰত প্ৰথম আৰু দেশৰ ভিতৰত সপ্তম স্থানত আছে লখিমপুৰৰ লীলাবাৰী বৈমানিক প্ৰশিক্ষণ কেন্দ্ৰ (North east's first aviation academy) ৷ লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত ইতিমধ্যে আৰম্ভ হৈছে পাইলটৰ প্ৰশিক্ষণৰ কাম কাজ (Pilot training begins at Lilabari airport)।

Northeasts first aviation academy at Lilabari Airport
লীলাবাৰী বৈমানিক প্ৰশিক্ষণ কেন্দ্ৰ

চলিত মাহৰ 12 তাৰিখে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া (Minister of Civil Aviation Jyotiraditya Scindia) আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে এই প্ৰশিক্ষণ কেন্দ্ৰটো ৷ তাৰ পাচতেই এতিয়া পাইলটৰ প্ৰশিক্ষণৰ প্ৰাথমিক কাম-কাজ আৰম্ভ হৈছে লীলাবাৰী বিমান বন্দৰত ।

Northeasts first aviation academy at Lilabari Airport
লীলাবাৰী বিমান বন্দৰত আৰম্ভ পাইলট প্ৰশিক্ষণৰ কাম

তথ্য অনুসৰি, এই প্ৰশিক্ষণ কেন্দ্ৰত দুখন ক্ষুদ্ৰ বিমানেৰে প্ৰশিক্ষাৰ্থীসকলক দিয়া হ’ব প্ৰশিক্ষণ । ৰেড বাৰ্ড ফ্লাইং ট্ৰেইনিং একাডেমী(Red Bird Flying Training Academy) য়ে পৰিচালনা কৰা এই কেন্দ্ৰটোত নিয়োজিত প্ৰশিক্ষক পাইলট গৰাকীয়ে সদৰি কৰা অনুসৰি, ইতিমধ্যে 12 গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই কেন্দ্ৰত নামভৰ্তি কৰিছে । ক্ৰমাৎ প্ৰশিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে ৷

লীলাবাৰী বিমান বন্দৰত আৰম্ভ পাইলট প্ৰশিক্ষণৰ কাম

লগতে আগন্তুক বৰ্ষসমূহত প্ৰশিক্ষাৰ্থীৰ সংখ্যা 100 লৈ বৃদ্ধি কৰা হ’ব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত সদৰী কৰে । একেৰাহে সম্পূর্ণ 200 ঘণ্টা প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়া হ’ব ৷

যাতে সকলো বতৰতে বিমান চলাবলৈ এগৰাকী দক্ষ পাইলট হ’বলৈ সক্ষম হয় প্ৰতিগৰাকী বিমান প্ৰশিক্ষাৰ্থী ৷ লগতে প্ৰশিক্ষক পাইলট গৰাকীয়ে উল্লেখ কৰে যে, এই কেন্দ্ৰৰ জৰিয়তে প্ৰশিক্ষণ লৈ উত্তৰ-পূৱ তথা ভাৰতৰ নৱ প্ৰজন্মই নাম উজ্বলাবলৈ সক্ষম হ’ব ।

Northeasts first aviation academy at Lilabari Airport
আৰম্ভ হ’ল পাইলট প্ৰশিক্ষণৰ কাম

উল্লেখ্য যে, নৱ প্ৰজন্মৰ আকাশ চোৱাৰ হেঁপাহক বাস্তৱায়িত কৰিবলৈ আৰু উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ নাম উজলাই তুলিবলৈ এইক্ষেত্ৰত লখিমপুৰৰ লীলাবাৰী পাইলট প্ৰশিক্ষণ কেন্দ্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক : North Easts First Aviation Academy: পাইলট প্ৰশিক্ষণৰ বাবে সাজু লখিমপুৰৰ লীলাবাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.