অসম

assam

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনা NCRB প্ৰতিবেদন প্ৰকাশ কৰাক লৈ কংগ্ৰেছৰ‌ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 4:40 PM IST

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ'ৰ শেহতীয়া তথ্য মতে অসমত বৃদ্ধি পাইছে অপৰাধৰ সংখ্যা ৷ বিশেষকৈ মহিলা আৰু‌ শিশুৰ ওপৰত হোৱা অপৰাধৰ সংখ্যা উৰ্দ্ধগামী হৈছে (Assam increase in crime rate on NCRB report) ৷

Assam increase in crime rate since 2021 on NCRB report
অসমত বৃদ্ধি পাইছে অপৰাধৰ সংখ্যা

অসমত বৃদ্ধি পাইছে অপৰাধৰ সংখ্যা

গুৱাহাটী, ৫ ডিচেম্বৰ :নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ'ৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিবেদন বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চাৰিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনা প্ৰকাশ কৰাৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰিছ অসম প্ৰদেশ‌ কংগ্ৰেছৰ নেতা বেদব্ৰত বৰাই ।‌ গুৱাহাটীত মঙলবাৰে অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ‌ কংগ্ৰেছৰ নেতা বেদব্ৰত বৰাই কয় যে নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ সময়ত এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰকাশ‌ কৰিব নালাগে । এয়া আচলতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ব পৰিকল্পিত অভিসন্ধি । কাৰণ এই প্ৰতিবেদনত বিভিন্ন অপৰাধ বৃদ্ধিৰ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে ।

নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ সময়ত এই প্ৰতিবেদন কিয়‌ প্ৰকাশ‌ নকৰিলে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । তেওঁ NCRB তথ্যৰ উল্লেখ কৰি কয় যে তথ্য মতে দেশত অৰ্থনৈতিক অপৰাধ বাঢ়িছে ১১.২ শতাংশ । জ্যেষ্ঠ নাগৰিকৰ বিৰুদ্ধে অপৰাধ বাঢ়িছে ৯.৩ শতাংশ ।

অনুসূচীত জাতিৰ বিৰুদ্ধে অপৰাধ‌ বাঢ়িছে ৭ শতাংশ । অনুসূচীত জনজাতিৰ বিৰুদ্ধে অপৰাধ‌ বাঢ়িছে ১৪.৩ শতাংশ । 2022 ত বিভিন্ন কাৰণত আত্মহননৰ সংখ্যাও বাঢ়িছে ৷ এইবোৰৰ উপৰিও পথ দুৰ্ঘটনাৰ সংখ্যাও ৭ শতাংশ বাঢ়িছে ৷

তেওঁ আৰু কয় যে অসমত নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ'ৰ শেহতীয়া তথ্য মতে মহিলা আৰু‌ শিশুৰ ‌বিৰুদ্ধে অপৰাধৰ সংখ্যা ক্ৰমাৎ বাঢ়িছে । মহিলাৰ বিৰুদ্ধে অপৰাধ‌ বাঢ়িছে ৪.৩ শতাংশ । বিশেষকৈ মহিলাৰ ওপৰত ঘৰুৱা হিংসাৰ সংখ্যাও বাঢ়িছে ৷

চৰকাৰৰ আচ্ছে দিনৰ নামত যে বুৰা দিন চলিছে সেয়া প্ৰমাণিত হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম প্ৰদেশ‌ কংগ্ৰেছৰ নেতা বেদব্ৰত বৰাই ।

লগতে পঢ়ক :পাঁচ ৰাজ্যৰ নিৰ্বাচনত আমি ৰাইজৰ ৰায় মানি লৈছো : ৰিপুণ বৰা

ABOUT THE AUTHOR

...view details