ETV Bharat / state

পাঁচ ৰাজ্যৰ নিৰ্বাচনত আমি ৰাইজৰ ৰায় মানি লৈছো : ৰিপুণ বৰা

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 3:17 PM IST

TMC Leader Ripun bora
ৰিপুন বৰাৰ সংবাদমেল

‘‘পাঁচ ৰাজ্যৰ নিৰ্বাচনত আমি ৰাইজৰ ৰায় মানি লৈছো । এই নিৰ্বাচন ইণ্ডিয়া মিত্ৰজোঁট হিচাপে নিৰ্বাচনত অৱৰ্তীণ হোৱা নাছিল । এই যুঁজ আছিল বিজেপি আৰু কংগ্ৰেছৰ মাজতহে আছিল ৷’’ পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সংবাদমেল আয়োজন কৰি এই মন্তব্য প্ৰদান কৰে ৷

ৰিপুন বৰাৰ সংবাদমেল

গুৱাহাটী, 5 ডিচেম্বৰ : সদ্যসমাপ্ত দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত 3 খনত শাসনাধীন বিজেপি আৰু এখনত আঞ্চলিক দল বিজয়ী হোৱাৰ পিচত মঙলবাৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মহানগৰীৰ জয়ানগৰস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে । এই পৰাজয়ে 2024 চনৰ লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যক লক্ষ্যক বিচলিত কৰিব নোৱৰাৰ লগতে এই নিৰ্বাচনত যদিও সামগ্ৰিকভাৱে বিজেপিয়ে বিজয়ী হৈছে তথাপি তুলনামূলকভাৱে শতাংশ হিচাপত কংগ্ৰেছ আৰু বিৰোধী দলসমূহে বেছি ভোট পোৱা বুলি দাবী কৰে তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

সভাপতিগৰাকীয়ে কয়, ‘‘পাঁচ ৰাজ্যৰ নিৰ্বাচনত আমি ৰাইজৰ ৰায় মানি লৈছো । এই নিৰ্বাচন ইণ্ডিয়া মিত্ৰজোঁট হিচাপে নিৰ্বাচনত অৱৰ্তীণ হোৱা নাছিল । এই যুঁজ আছিল বিজেপি আৰু কংগ্ৰেছৰ মাজতহে । INDIA ALLIANCE ৰ যি টাৰ্গেট আছে, এতিয়াও সেই টাৰ্গেটতেই লোৱা আছে । ONE TO ONE CONTAST হ’ব । পাঁচ ৰাজ্যত বিজেপি জয় হৈছে যদিও ৰাইজে বিজেপিৰ বিৰুদ্ধেহে ভোট দিছে’’ ।

তেওঁ আৰু কয়, ‘‘ৰাজস্থানত কংগ্ৰেছ আৰু বিৰোধী দলৰ ভোটৰ শতাংশ যোগ কৰিলে দেখা যায় যে বিৰোধীয়ে বেছি ভোট লাভ কৰিছে । ছত্তীশগড়তো বিৰোধী আৰু কংগ্ৰেছৰ ভোটৰ শতাংশ বিজেপিতকৈ বেছি । মধ্যপ্ৰদেশতো কংগ্ৰেছ আৰু বিৰোধীৰ ভোট যোগ কৰিলে বিজেপিতকৈ শতাংশ হিচাপত কম ৷ মানুহে বিজেপিৰ বিৰুদ্ধেহে ভোট দিছে । এই নিৰ্বাচনে লোকসভা নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায়’’ ।

সভাপতিগৰাকীয়ে কয়, ‘‘কংগ্ৰেছক অনুৰোধ - লোকসভাত যাতে কংগ্ৰেছে এনে ভুল নকৰে, যি ভুল তেওঁলোকে এই পাঁচ ৰাজ্যত কৰিলে । তেলেংগানাত কংগ্ৰেছ জিকিছে যদিও বিজেপিক ৰোধ কৰিব পৰা নাই ৷ তাত BRS কহে ৰোধ কৰিছে । এতিয়াৰে পৰা TMC ৰ দায়িত্ব আৰু বাঢ়িল বিজেপিক ৰুধিবৰ বাবে । কাৰণ TMC ৰ সাংসদ বেছি আছে কংগ্ৰেছতকৈ’’ ।

এই সম্পৰ্কত পৰিসংখ্যা দেখুৱাই ৰিপুণ বৰাই কয়, ‘‘এতিয়াও বিজেপিক ৰুধিব পৰা শক্তি আছে বিৰোধীৰ । যদি গোটেই বিৰোধী একত্ৰিত হয়, তেন্তে বিজেপি জয়ী হ’ব নোৱাৰে । অসমত বিৰোধী একগোট হ’লে বিজেপিয়ে অসমত সংখ্যা গৰিষ্ঠতা নাপায় । পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ পাচত অসমৰ বিৰোধী 15 টা দলে বহি আলোচনা কৰিবলৈ কংগ্ৰেছক সংবাদমেলৰ জৰিয়তে আহ্বান জনাই ৰিপুণ বৰাই ।

লগতে পঢ়ক : বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচীৰ পাচত বিজেপিৰ সংকল্প যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.