অসম

assam

Assam employment: নতুন নিযুক্তিৰ প্ৰতিশ্ৰুতি দি অপ্ৰয়োজনীয় চৰকাৰী পদ কৰ্তনৰ জাননী ৰাজ্য চৰকাৰৰ

By

Published : Jul 24, 2023, 11:40 AM IST

Updated : Jul 24, 2023, 11:50 AM IST

লাখ লাখ নিবনুৱাৰ বাবে হতাশজনক খবৰ ৷ ৰাজ্যৰ প্ৰশাসনত হ্ৰাস হ’ব প্ৰায় 50 শতাংশ পদ । ই-অফিচ কাৰ্যকৰীৰ পিছতে 50% পদ কৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ ।

assam govt jobs
নিবনুৱাৰ বাবে হতাশজনক খবৰ

গুৱাহাটী, 24 জুলাই : অসমত নিৱনুৱা সমস্যা সমাধান কৰা বুলি দাবী কৰি অহা বুলি ৰাজ্যৰ বিজেপি চৰকাৰখনে ঢাক-ঢোল‌ বজাই থকাৰ বিপৰীতে লাখ লাখ চৰকাৰী চাকৰিয়ালৰ পদ বিলুপ্তিৰ যো-জা চলাইছে । ইয়াকে লৈ ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ মাজত হতাশাৰ‌ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

বিলুপ্ত হ’ব ৰাজ্য প্ৰশাসনৰ ৫০% চৰকাৰী পদ

উল্লেখ্য যে, অসমৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে চৰকাৰী কাম-কাজ ডিজিটেল মাধ্যমেৰে সম্পন্ন কৰাৰ দোহাই দি প্রথম পৰ্যায়ত ৰাজ্যৰ প্ৰশাসনৰ প্ৰায় 50 শতাংশ পদ কর্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে যোৱা 20 জুলাইত প্ৰকাশ কৰা এক চৰকাৰী বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে ।

চৰকাৰী প্ৰতিটো বিভাগলৈ প্ৰেৰণ কৰা নং এ বি পি 67/2023/1 নং চৰকাৰী বিজ্ঞপ্তিখনত কৰ্মচাৰী বিভাগে উল্লেখ কৰা মতে ৰাজ্যৰ প্রশাসন যন্ত্রক এক নতুন মাত্রা প্রদান কৰা হ'ব । যাৰ বাবে অসম চৰকাৰে চৰকাৰী বিষয়সমূহ তথা কাম-কাজসমূহ বিজ্ঞানসন্মতভাৱে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত অতি দক্ষতাৰে ৰাইজলৈ আগবঢ়োৱাৰ উদ্দেশ্যে কেতবোৰ যাৱতীয় পদক্ষেপ হাতত লৈছে ।

উল্লেখ্য যে, এই পদক্ষেপ অনুসৰি চৰকাৰী কাৰ্যালয়সমূহ ই-অফিচ কৰি প্রশাসন ব্যৱস্থাৰ সকলো কাম-কাজ ডিজিটেল মাধ্যমেৰে কৰাৰ কাম হাতত লোৱা হৈছে । ইতিমধ্যে অসম সচিবালয়ত এই ব্যৱস্থা প্রায় সম্পূৰ্ণ হৈ উঠিছে আৰু জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহতো শীঘ্ৰে এনে ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কাম আৰম্ভ হৈছে ।

যিহেতু চৰকাৰী সকলো কামকাজ ডিজিটেল মাধ্যমেৰে হ’ব, সেয়ে অসম সচিবালয়কে ধৰি ৰাজ্য প্ৰশাসনৰ প্ৰতিটো বিভাগতে অধিকাংশ পদ অপ্রয়োজনীয় হৈ পৰিব । গতিকে এনে অপ্রয়োজনীয় পদৰ উপৰি চৰকাৰী বিভাগসমূহত যিবোৰ পদ প্রয়োজনহীনভাৱে খালী হৈ আছে তেনে সমুদায় পদ সংশ্লিষ্ট প্ৰতিটো বিভাগে বিত্ত বিভাগৰ সৈতে আলোচনা কৰি শীঘ্ৰে বিলুপ্ত কৰাৰ ব্যৱস্থা কৰিব লাগে ।

অৱশ্যে এনে পদ বিলুপ্ত কৰাৰ পিচত কিবা কাৰণত যদি কোনো নতুন পদ সৃষ্টি কৰিবলগীয়াত পৰে তেন্তে সংশ্লিষ্ট বিভাগে কর্মচাৰী বিভাগ আৰু বিত্ত বিভাগৰ সৈতে আলোচনা কৰি যাৱতীয় পদক্ষেপ গ্রহণ কৰিব লাগে ।

লগতে প্ৰশাসনীয় বিভাগসমূহে প্রয়োজনীয় নতুন পদ পূৰণৰ বাবে লোকসেৱা আয়োগ নিযুক্তি ব’র্ড, নিযুক্তি আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিব লাগিব । ইপিনে দিছপুৰৰ এক উচ্চস্তৰীয় সূত্রই প্ৰকাশ‌ কৰা মতে, ৰাজ্য প্ৰশাসনৰ সকলো কাম-কাজ ডিজিটেল প্ৰক্ৰিয়াৰে আৰম্ভ কৰিবলৈ ধৰিলে অপ্রয়োজনীয় হৈ পৰিব চতুৰ্থ বৰ্গৰ কৰ্মচাৰী । অর্থাৎ ৰাজ্য প্রশাসনৰ প্ৰায় চাৰি লাখ কৰ্মচাৰীৰ 50 শতাংশই হ্রাস পাব । কিয়নো প্ৰতিটো বিভাগৰ বিভাগীয় মুৰব্বীৰ কাৰ্যালয় আৰু জিলা পৰ্যায়ৰ কাৰ্যালয়ত অধিকাংশ কৰ্মচাৰীৰ কাম নাইকিয়া হৈ পৰিব ।

লক্ষণীয় বিষয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাইজক চমক দিয়াৰ বাবে এক লাখ নিৱনুৱাক চৰকাৰী নিযুক্তি দিয়াৰ ঢাক ঢোল বজোৱাৰ লগতে নিয়োগ মেলাৰে নিবনুৱা সমস্যা সমাধানৰ জয়গান‌ গাই থকা পৰিলক্ষিত হৈ আহিছে ৷ ইয়াৰ বিপৰীতে, চৰকাৰী কাম-কাজত ডিজিটেল পদ্ধতি প্ৰৱৰ্তন কৰাৰ নামত লাখ লাখ চাকৰিয়ালৰ‌ পদ বিলুপ্ত কৰাৰ যোজা চলা প্ৰক্ৰিয়াই অনিশ্চয়তাত ভুগাইছে চাকৰি প্ৰত্যাশীসকলক ।‌

লগতে পঢ়ক :Manipur Violence : অসমত আশ্ৰয় গ্ৰহণ 15 টা মেইটেই পৰিয়ালৰ; অধিক লোক অহাৰ সম্ভাৱনা

Last Updated :Jul 24, 2023, 11:50 AM IST

ABOUT THE AUTHOR

...view details