ETV Bharat / state

Manipur Violence : অসমত আশ্ৰয় গ্ৰহণ 15 টা মেইটেই পৰিয়ালৰ; অধিক লোক অহাৰ সম্ভাৱনা

author img

By

Published : Jul 24, 2023, 7:37 AM IST

Updated : Jul 24, 2023, 10:54 AM IST

পামৰা নামৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনটোৱে প্ৰদান কৰা হুংকাৰৰ পিচতে অসমত আশ্ৰয় গ্ৰহণ মিজোৰামৰ 41 গৰাকী মেইটেই পৰিয়ালৰ ৷ মিজোৰামৰ পৰা অধিক মেইটেই লোকৰ অহাৰ সম্ভাৱনা আছে বুলি কয় কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই ।

41 Meitei people Taking refuge in Assam
অসমত আশ্ৰয় গ্ৰহণ 15 টা মেইটেই পৰিয়ালৰ

অসমত আশ্ৰয় গ্ৰহণ মেইটেই লোকৰ

ডিমা হাচাও, 24 জুলাই: প্ৰাণৰ মমতাত মিজোৰাম এৰি পলায়ন মেইটেই লোকসকলৰ ৷ অসমৰ কাছাৰ জিলাত 41 গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই । উল্লেখ্য যে, মণিপুৰত দুই কুকি মহিলাক বিবস্ত্ৰ কৰি অত্যাচাৰ চলোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতে মিজোৰামত বসবাস কৰা মেইটেই লোকসকলক মিজোৰাম এৰি যোৱাৰ সকীয়নী দিছিল মিজোৰামৰ পামৰা নামৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনটোৱে ।

মেইটেই লোকসকলক মিজোৰাম এৰাৰ বাবে পামৰা নামৰ সংগঠনটোৱে দিয়া সকীয়নিৰ পিচতে মিজোৰামত বসবাস কৰা মেইটেই লোকসকল ভুগিছিল চৰম নিৰাপত্তাহীনতাত । অৱশ্যে জোৰামথাংগা চৰকাৰে মিজোৰামত এইসকল মেইটেই লোকৰ নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকক ৰাজ্য এৰি যাব নালাগে বুলি অনুৰোধ জনাইছিল ৷

অৱশেষত মিজোৰাম এৰি শিশুসহ 41 গৰাকী লোকে অসমৰ কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাত আশ্ৰয় লৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে । দেওবাৰে মিজোৰামৰ পৰা পলায়ন কৰি মেইটেই লোকসকল আহি কাছাৰ জিলাত আশ্ৰয় লয় । জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে, কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাত বৰ্তমান পৰ্যন্ত 15 টা পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰিছে ।

মিজোৰামত আশ্ৰয় লৈ থকা আৰু কিছুসংখ্যক মেইটেই লোকে আশ্ৰয় বিচাৰি শিবিৰটোলৈ আহিব পাৰে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷ এই সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, আশ্ৰয় গ্ৰহণ কৰি থকা মেইটেই লোকসকলৰ নিৰাপত্তা ব্যৱস্থা আৰু তেওঁলোকৰ খোৱা-বোৱাৰ ব্যৱস্থা কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা ।

আৰক্ষীয়ে আশ্ৰয় লোৱা লোকসকলৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷ নিৰাপত্তাৰ ক্ষেত্ৰত এই লোকসকলে যাতে কোনো ধৰণৰ সমস্যাত পৰিবলগীয়া নহয় তাৰ বাবে কাছাৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক : Turbulent Manipur: দুৰ্বৃত্তই জীৱন্তে জ্বলালে মুক্তিযোদ্ধাৰ ৮০ বছৰীয়া পত্নীক

Last Updated :Jul 24, 2023, 10:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.