অসম

assam

CM meets Nirmala Sitharaman: কেন্দ্ৰীয় বিত্তমন্ত্ৰীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ;অসমলৈ বিত্ত মন্ত্ৰালয়ৰ উদাৰ সহায়ৰ শলাগ

By

Published : Jun 29, 2023, 4:30 PM IST

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বিত্তমন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্য়ৰ সামগ্ৰিক বিত্তীয় পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

CM meets Nirmala Sitharaman
CM meets Nirmala Sitharaman

গুৱাহাটী, ২৯ জুন: দুদিনীয়া কাৰ্যসূচীৰে দিল্লী ভ্ৰমণলৈ যোৱা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী তথা কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমনক তেওঁৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে ৷ বিত্তমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসম ৰাজ্যৰ সৈতে জড়িত বিত্তীয় সম্পৰ্কীয় একাধিক বিষয়ৰ ওপৰত আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

৫৫ মিনিটৰ দীঘলীয়া আলোচনাৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৰাজহ সংগ্ৰহকে ধৰি বিভিন্ন মূল সূচকত ৰাজ্যখনে কৰা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি এক সামগ্ৰিক বিত্তীয় পৰিস্থিতি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ আগত দাঙি ধৰে । মূলধনী সাহায্য আৰু বিভাজনৰ পুঁজিৰ আগতীয়াকৈ মুকলি কৰি দিয়াৰ ক্ষেত্ৰত অসমলৈ ‘উদাৰ সহযোগিতা’ আগবঢ়োৱাৰ বাবে বিত্ত মন্ত্ৰালয়ক আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ড৹ শৰ্মাই কয় যে এই পদক্ষেপসমূহে অসমক কল্যাণমুখী কাৰ্যসূচীসমূহৰ লগতে মূলধনী ব্যয়ৰ ক্ষেত্ৰতো ত্বৰান্বিত কৰাত সহায় কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে লগতে টুইট কৰি কয়, ‘‘আজি নতুন দিল্লীত মাননীয় বিত্তমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ পাই সুখী হ’লোঁ ৷ আমাৰ বৈঠকত, আমি মূলধন সহায় আৰু হস্তান্তৰ পুঁজিৰ আগতীয়া মুকলিৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ উদাৰ সমৰ্থনৰ বাবে আন্তৰিক প্ৰশংসা জনাইছো । এই পদক্ষেপবোৰে আমাৰ কল্যাণমূলক কাৰ্যসূচী আৰু মূলধন ব্যয় ত্বৰান্বিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷’’ উল্লেখ্য যে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ৷

বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰাৰ কথা ৷ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ পৰিস্থিতিৰ লগতে মণিপুৰৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কেও বাৰ্তালাপ কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:Assam road condition: লোক নিৰ্মাণ বিভাগৰ ছয় সহস্ৰাধিক বিধ্বস্ত পথত জনতাৰ বিপদসংকুল যাত্রা

ABOUT THE AUTHOR

...view details