ETV Bharat / state

Assam road condition: লোক নিৰ্মাণ বিভাগৰ ছয় সহস্ৰাধিক বিধ্বস্ত পথত জনতাৰ বিপদসংকুল যাত্রা

author img

By

Published : Jun 29, 2023, 3:44 PM IST

সুচল নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যাতায়াত ব্যৱস্থা । লোকনিৰ্মাণ বিভাগৰ ৬৬টা সংমণ্ডলত পঞ্জীভুক্ত ১৬,১০২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬,২১৮ টা পথ এতিয়াও পকী হ’বলৈ বাকী আছে । ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ লাখ লাখ জনতাৰ পথ যোগাযোগ ব্যৱস্থা আজিও সুচল নহয় । বি টি আৰত সৰ্বাধিক পথ পকী কৰিবলৈ বাকী আছে ৷

Assam road condition
Assam road condition

গুৱাহাটী, ২৯ জুন: ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থা উন্নত হ'বলৈ হ'লে যাতায়াত ব্যৱস্থা সুচল হ’ব লাগিব । সেই কথা ৰাজ্য চৰকাৰে বাৰুকৈয়ে উপলব্ধি কৰে আৰু সততে ইয়াৰ উল্লেখ কৰে । কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া কাৰ্যকৰী হোৱা নাই । সততে উন্নয়নৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ বাট-পথৰ অৱস্থা শোচনীয় হৈ পৰিছে ।

দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত অসমক স্থান দিয়াৰ কথা কোৱা এইখন চৰকাৰৰ দিনত উন্মোচিত হৈছে ৰাজ্যখনৰ বিধ্বস্ত বাট-পথৰ প্ৰকৃত ৰূপ । উন্নয়নৰ ব্যাপক ঢাক-ঢোল বজোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চকুত পৰা নাই ৰাজ্যখনৰ বিধ্বস্ত হৈ থকা ৰাস্তাবোৰ । আনহাতে চকুত পৰা নাই পকী নোহোৱা পথবোৰ ।

লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ (পথ) বিভাগৰ অধীনত পঞ্জীভুক্ত পথৰো হেজাৰ হেজাৰ কিলোমিটাৰ পথ আজিও পকী কৰিবলৈ বাকী আছে । ৰাজ্যখনত লোকনিৰ্মাণ বিভাগৰ ৬৬টাকৈ সংমণ্ডলত এনেদৰে পঞ্জীভুক্ত হৈ থকা মুঠ ১৬,১০২ কিলোমিটাৰ দৈৰ্ঘ্যৰ মুঠ ৬,২১৮ টা পথ পকী হ’বলৈ বাকী আছে ।

যাৰ ফলত ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ লাখ লাখ জনতাৰ পথ যোগাযোগ ব্যৱস্থা আজিও সুচল নহয় । বিধ্বস্ত পথেৰে বিপজ্জনক যাতায়াত কৰিবলগীয়া হৈছে । চৰকাৰী তথ্য অনুসৰি বি টি আৰতে সৰ্বাধিক পথ পকী কৰিবলৈ বাকী আছে । কোকৰাঝাৰ জিলাত ১৫৭টা পথৰ ২৭৬৮ কিলোমিটাৰ পথ এতিয়াও পকী হ'বলৈ বাকী আছে । সেইদৰে বাক্সা জিলাৰ লোকনিৰ্মাণ সংমণ্ডলৰ ভিতৰত পঞ্জীয়নভুক্ত ৩৪২টা পথৰ মুঠ ১,২৮৫ কিলোমিটাৰ আজিও পকী হোৱা নাই ।

সেইদৰে নলবাৰী জিলাৰ ১০৪টা পথৰ মুঠ ৮৩০ কিলোমিটাৰ আৰু বৰপেটা জিলাৰ ৩১৯টা পথৰ ৮২৮.০৫ কিলোমিটাৰ পথ পকী হ'বলৈ বাকী আছে । উল্লেখ্য যে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ পথ-দলংসমূহ মূলতঃ তিনিটা শিতানৰ জৰিয়তে পকীকৰণৰ আঁচনি ৰূপায়ণ কৰা হৈছে ।

ৰাজ্য চৰকাৰৰ ‘অসম মালা’, প্রধানমন্ত্রী গ্রাম চড়ক যোজনা (পি এম জি এছ ৱাই) আৰু বিশ্ববেংকৰ অর্থ সাহায্য পুঁজিৰ Assam Resilient Rural Bridge Programৰ অধীনত পথ আৰু দলং নিৰ্মাণৰ আঁচনি ৰূপায়ণৰ কাম চলি আছে যদিও ৰাজ্যখনৰ এই ১৬ হেজাৰৰো অধিক কিলোমিটাৰ পথ পকী হোৱা নাই ।

লোকনিৰ্মাণ (পথ) বিভাগৰ তথ্য মতে সংমণ্ডল অনুসৰি বৈঠালাংছু পথ সংমণ্ডলৰ ৩৭টা পথৰ ৮৭.৪০ কিলোমিটাৰ, বকলীয়া পথ সংমণ্ডলৰ ৫টা পথৰ ২২.৯৩ কিলোমিটাৰ, বৰচলা-ঢেকীয়াজুলি পথ সংমণ্ডলৰ ৭৪টা পথৰ ১৩০ কিলোমিটাৰ, বৰপথাৰ পথ সংমণ্ডলৰ ১৪০টা পথৰ ৪১৭.৭১কিলোমিটাৰ, বটদ্ৰৱা-ধিং সংমণ্ডলৰ ৪৭টা পথৰ ৮৭.০৩ কিলোমিটাৰ, ভৱানীপুৰ পাটাছাৰকুছি সৰুক্ষেত্ৰী সংমণ্ডলৰ ৩টা পথৰ ৩৮৭.৪০ কিলোমিটাৰ, বিলাসীপাৰা সংমণ্ডলৰ ৪২টা পথৰ ৬৪.৩১ কিলোমিটাৰ পথ পকী হোৱা নাই ৷

একেদৰে বিশ্বনাথৰ ২৯টা পথৰ ৫২.২৫ কিলোমিটাৰ, বোকাখাতৰ ১৭১টা পথৰ ১৩৪.৫৭ কিলোমিটাৰ, বঙাইগাঁও জিলা সংমণ্ডলৰ ২৬০টা পথৰ ৪৯৭.৫৫ কিলোমিটাৰ, বৰখলা কাটিগড় সংমণ্ডলৰ ২১টা পথৰ ৩৯.৪০ কিলোমিটাৰ, চাবুৱা-দুলীয়াজান নাহৰকটীয়া সংমণ্ডলৰ ৮৮টা পথৰ ১৭৫.৩২ কিলোমিটাৰ, চৰাইদেউ পথ সংমণ্ডলৰ ২৬৮টা পথৰ ৩১১.৮৭ কিলোমিটাৰ পথ আজিও পকী হোৱা নাই ।

তেনেদৰে চিৰাং পথ সংমণ্ডলৰ ৬৯টা পথৰ ১৯৩.২৪ কিলোমিটাৰ, ঢকুৱাখনা পথ সংমণ্ডলৰ ৫৫টা পথৰ ১১০.৪৬ কিলোমিটাৰ, ধেমাজি পথ সংমণ্ডলৰ ১০৬টা পথৰ ৫৮৪.৭২ কিলোমিটাৰ, ধলা-সোনাই পথ সংমণ্ডলৰ ৩টা পথৰ ৫.৪৫ কিলোমিটাৰ, ডিব্ৰুগড়-লাহোৱাল-মৰাণ-টিংখাং টেৰিটৰিয়েল ডিভিজনৰ ২০টা পথৰ ১৫৭.২১ কিলোমিটাৰ, ডিফু পথ সংমণ্ডলৰ ৫১টা পথৰ ১৪১.৬০ কিলোমিটাৰ পথ পকী হোৱা নাই ৷

সমান্তাৰলভাৱে ডকমকা ডিভিজনৰ ৭৭টা পথৰ ২৪৪.১২ কিলোমিটাৰ, দুধনৈ-গোৱালপাৰা পূবৰ ৩৬৫টা পথৰ ৩৪৪.১৮ কিলোমিটাৰ, গোৱালপাৰা পশ্চিমৰ ৪৬৩টা পথৰ ৩৭৫ কিলোমিটাৰ, গহপুৰ টেৰিটৰিয়েল ডিভিজনৰ ৬৩টা পথৰ ১৮৩ কিলোমিটাৰ, গোলাঘাট-খুমটাই সংমণ্ডলৰ ২৪৭টা পথৰ ৪৫০.৩১ কিলোমিটাৰ পথ পকী হোৱা নাই। তদুপৰি হাফলঙৰ ৪১টা পথৰ ২৫ কিলোমিটাৰ, হাইলাকান্দিৰ ১৪টা পথৰ ৪৩.৩০ কিলোমিটাৰ, হাইলাকান্দি জিলাৰ ১৪টা পথৰ ৪৩.৪০ কিলোমিটাৰ পথ আজিও পকী হোৱা নাই ৷

একেদৰে হোজাই টেৰিটৰিয়েল ডিভিজনৰ ৯৪টা পথৰ ১২৪.২৩ কিলোমিটাৰ, জোনাই টেৰিটৰিয়েলৰ ১২৯টা পথৰ ৪৮১.৫০ কিলোমিটাৰ, কলিয়াবৰ-চামগুৰি টেৰিটৰিয়েলৰ ৯০টা পথৰ ১০৭.৯৬ কিলোমিটাৰ, কৰিমগঞ্জৰ ১৯টা পথৰ ৩৫.১৩ কিলোমিটাৰ, কঁহৰা ডিভিজনৰ ৯টা পথৰ ২২৯ কিলোমিটাৰ, কোকৰাঝাৰ গ্ৰাম্য পথ সংমণ্ডলৰ ১৫৭টা পথৰ ২,৭৬৭.৭৬ কিলোমিটাৰ, লখিমপুৰ জিলাৰ ৫৫টা পথৰ ১২০.৯৩ কিলোমিটাৰ, লক্ষীপুৰ টেৰিটৰিয়েলৰ ২৮টা পথৰ ৩৮.১৪ কিলোমিটাৰ, মাহুৰ সংমণ্ডলৰ ৩০টা পথৰ ১১৭.২০ কিলোমিটাৰ, মাইবাং ডিভিজনৰ ২৩টা পথৰ ৫৪.৫৯ কিলোমিটাৰ পথ আজিও পকী হোৱা নাই ৷

মঙলদৈ টেৰিটৰিয়েলৰো ২৮টা পথৰ ৩৩.৯০ কিলোমিটাৰ, মৰিগাঁও জিলাৰ ৭৫টা পথৰ ১৫৮ কিলোমিটাৰ, নগাঁও-বঢ়মপুৰ ডিভিজনৰ ২৬টা পথৰ ২৩০ কিলোমিটাৰ, নাজিৰা-আমগুৰি টেৰিটৰিয়েলৰ ১১৩টা পথৰ ১৭২.৪৯ কিলোমিটাৰ, নৰ্থ কামৰূপ সংমণ্ডলৰ ৮৪টা পথৰ ৩৬.৯৩ কিলোমিটাৰ, পাথাৰকান্দিৰ ১৩টা পথৰ ৪৫.৫৫ কিলোমিটাৰ, সৰুপথাৰৰ ১০৮টা পথৰ ২৮৯.৫৭ কিলোমিটাৰ, শিলচৰ-উদাৰবন্দৰ ২১টা পথৰ ৩৭.৪১ কিলোমিটাৰ, ছিপাঝাৰ কলাইগাঁও টেৰিটৰিয়েলৰ ৭৬টা পথৰ ১৫৭ কিলোমিটাৰ পথ পকীকৰণৰ কোনো আঁচনি প্ৰস্তুত কৰা হোৱা নাই ।

একেদৰে শিৱসাগৰ-থাওৰা সংমণ্ডলৰ ৫১টা পথৰ ৮৭.২৮ কিলোমিটাৰ, সৰভোগ-জনিয়া সংমণ্ডলৰ ১৪৬টা পথৰ ২০৪ কিলোমিটাৰ, দক্ষিণকামৰূপ সংমণ্ডলৰ ১২১টা পথৰ ১২০.৩৮ কিলোমিটাৰ, দক্ষিণ শালমাৰাৰ ১৪০টা পথৰ ১৯৩ কিলোমিটাৰ, টীয়ক-মৰিয়নী সংমণ্ডলৰ ৮৯টা পথৰ ১৬০ কিলোমিটাৰ, তেজপুৰ-চতিয়া ৰঙাপৰা সংমণ্ডলৰ ৩৫টা পথৰ ৪৮.২৩ কিলোমিটাৰ, তিনিচুকীয়া-ডুমডুমা শদিয়া সংমণ্ডলৰ ৭৯টা পথৰ ১৭৬.৩৮ কিলোমিটাৰ, ওদালগুৰিৰ ২৬৬টা পথৰ ৫৯০ কিলোমিটাৰ, উমপানাই সংমণ্ডলৰ ৪১টা পথৰ ১১৬.৮৫ কিলোমিটাৰ আৰু পশ্চিম গুৱাহাটী টেৰিটৰিয়েল ডিভিজনৰ ১৩৫টা পথৰ ৬৪.২৩ কিলোমিটাৰ পথ আজিও পকীকৰণ হোৱা নাই । এনেদৰে ৰাজ্যৰ বৃহৎ এলেকাৰ বহু পথ আজিও পকী হোৱা নাই। যাৰ ফলত ৰাইজে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক: Minister Parimal Suklabaidya: পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত ৰাজ্যিক পথ সুৰক্ষা পৰিষদৰ বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.