অসম

assam

সকলো কাৰ্যসূচী বাতিল কৰি হঠাৎ দিল্লীলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Dec 6, 2021, 10:17 PM IST

Himanta biswa sarma to visit Delhi all of a sudden
হঠাৎ দিল্লীলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ()

হঠাৎ মঙলবাৰে পুৱাই দিল্লীলৈ যাব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Assam Chief Minister Himanta to visit Delhi) ৷ ইতিমধ্যে এই যাত্ৰাৰ বাবে মুখ্যমন্ত্ৰীৰ মঙলবাৰ দিনটোৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে ৷

গুৱাহাটী, ৬ ডিচেম্বৰ : ৭ ডিচেম্বৰ অৰ্থাৎ মঙলবাৰৰ দিনটোত পূৰ্বনিৰ্দ্ধাৰিত কৰি থোৱা আছিল মুখ্যমন্ত্ৰীৰ কেইবাটাও কাৰ্যসূচী । কিন্তু সকলো কাৰ্যসূচী অকস্মাতে বাতিল কৰি সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Chief Minister Himanta biswa sarma)ই সিদ্ধান্ত ল'লে কাইলৈ পুৱাই তেওঁ যাব দিল্লীলৈ(Assam Chief Minister Himanta to visit Delhi)। সেই অনুসৰি ব্যৱস্থা কৰা হ'ল মুখ্যমন্ত্ৰীৰ বাবে সাজু হৈ থকা চাৰ্টাৰ্ড বিমানৰ ।

তেওঁৰ সকলো পূৰ্বনিৰ্দ্ধাৰিত কাৰ্যসূচী ততাতৈয়াকৈ বাতিল কৰা হ'ল । মঙলবাৰে পুৱা ভাগতেই মুখ্যমন্ত্ৰী ড৹ শৰ্মা চাৰ্টাৰ্ড বিমানেৰে উৰা মাৰিব দিল্লীলৈ । কিন্তু হঠাৎ কিয় এই দিল্লী যাত্ৰা ? এই প্ৰশ্নৰ সঠিক উত্তৰ এতিয়াও জানিব পৰা হোৱা নাই । উল্লেখ্য যে, মঙলবাৰে মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজহুৱা আৰু চৰকাৰী কাৰ্যসূচী আছিল ।

ইয়াৰে অন্যতম এটা আছিল সাহিত্যিক পেঞ্চন আগবঢ়োৱা । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে নিজহাতে সাহিত্যিক পেঞ্চন বিতৰণ কৰাৰ কথা আছিল । এতিয়া মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত মঙলবাৰে সাহিত্যিক পেঞ্চন বিতৰণ কৰিব শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ।

ইয়াৰ উপৰিও, কেইবাখনো বিভাগীয় বৈঠকৰ উপৰি কাইলৈ তেওঁ সাক্ষাৎ কৰাৰ কথা আছিল কেইবাজনো বিশেষ ব্যক্তিক । সেই সকলো কাৰ্যক্ৰমণিকা ইতিমধ্যে বাতিল কৰা হৈছে ।

লগতে পঢ়ক:AFSPA ৰ বাতিলৰ লগতে নাগালেণ্ডৰ হত্যাকাণ্ড ঘটনাৰ NIA তদন্তৰ দাবী অখিল গগৈৰ

ABOUT THE AUTHOR

...view details