অসম

assam

Power tariff hike: ইন্ধন তথা শক্তি ক্ৰয়ৰ নামত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি এপিডিচিএলৰ

By

Published : Jun 2, 2023, 4:25 PM IST

প্রি-পেইড মিটাৰেৰে গ্ৰাহকক হাৰাশাস্তি কৰা এপিডিচিএলে এইবাৰ পুনৰ মাচুল বৃদ্ধিৰে ৰাইজৰ ওপৰত জাপি দিলে বোজা । এপিডিচিএলে প্রতি ইউনিটত এইবাৰ বৃদ্ধি কৰিলে ৩০ পইচাৰ পৰা ৭০ পইচালৈ । ৫ কিলোৱাটৰ পৰা ৩০ কিলোৱাট শক্তি ব্যৱহাৰ কৰা ঘৰুৱা গ্ৰাহকে প্রতি ইউনিটত ৮.১৫ টকাকৈ আৰু বাণিজ্যিক গ্রাহকে প্রতি ইউনিটত আদায় দিব লাগিব ৮.৬০ টকাকৈ (APDCL hikes power tariff) ।

APDCL hikes power tariff
Power tariff hike in Assam

গুৱাহাটী, ২ জুন: ৰাজ্যবাসীক নিয়মীয়াভাৱে বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম নহ'লেও কিন্তু মাচুল বৃদ্ধিৰ ক্ষেত্রত আগত আছে শক্তি বিভাগ । এফালে উৎকট গৰম আৰু আনফালে অনিয়মীয়া বিদ্যুৎ যোগান । এনে এক পৰিস্থিতিৰ মাজতে পুনৰ উপভোক্তাক মাধমাৰ শোধাইছে এপিডিচিএলে । বিদ্যুৎ সেৱাৰ মান উন্নত কৰাৰ বিপৰীতে প্রি-পেইড মিটাৰেৰে গ্ৰাহকক হাৰাশাস্তি কৰা এপিডিচিএলে এইবাৰ পুনৰ মাচুল বৃদ্ধিৰে ৰাইজৰ ওপৰত জাপি দিলে বোজা (Power tariff hike in Assam)।

ইন্ধন আৰু শক্তি ক্ৰয়ৰ নামত এপিডিচিএলে প্রতি ইউনিটত এইবাৰ বৃদ্ধি কৰিলে ৩০ পইচাৰ পৰা ৭০ পইচালৈ । এই অনুসৰি নিম্ন শ্ৰেণীৰ জীৱনধাৰাৰ অধীনস্থ আৰু নিম্ন শ্ৰেণীৰ ঘৰুৱা গ্ৰাহকে প্রতি ইউনিটত ৩০ পইচাকৈ আৰু বাকী অন্য গ্রাহকে প্রতি ইউনিটত ৭০ পইচাকৈ বর্ধিত বিদ্যুৎ মাচুল আদায় দিব লাগিব (APDCL hikes power tariff)।

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে যোৱা ২৭ মে'ত এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে । জাননীখনত উল্লেখ কৰা মতে গ্ৰাহক ৰাইজে জুনত লাভ কৰা মে’ মাহৰ বিলত আদায় দিব লাগিব এই বর্ধিত মাচুল (Irregular power supply in Assam) ।

জাননী অনুসৰি দৈনিক ০.৫ ৰ পৰা ১.৫ কিলোৱাট বিদ্যুৎ ব্যৱহাৰ কৰা জীৱনধাৰাৰ অধীনস্থ গ্রাহকে প্রতি ইউনিটত ৩০ পইচাকৈ আদায় দিব লাগিব ৷ প্রতিমাহে ১২০ ইউনিট ব্যৱহাৰকাৰী আৰু ১২১ৰ পৰা ২৪০ ইউনিট পৰ্যন্ত ব্যৱহাৰ কৰা সাধাৰণ গ্ৰাহকেও প্রতি ইউনিটত আদায় দিব লাগিব ৩০ পইচাকৈ । সেইদৰে ৫ কিলোৱাটৰ পৰা ৩০ কিলোৱাটলৈ ব্যৱহাৰ কৰা গ্ৰাহকে প্রতি ইউনিটত ৭০ পইচাকৈ আৰু চৰকাৰী প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়েও প্রতি ইউনিটত ৭০ পইচাকৈ বিদ্যুৎ মাচুল আদায় দিব লাগিব (Assam power tariff hike news)।

পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি

লগতে পঢ়ক:Pradhan Mantri Krishi Sinchai Yojana : অসমত আধৰুৱা হৈ ৰৈছে প্ৰধানমন্ত্রী কৃষি সিঁচাই যোজনা

তদুপৰি ৩০ কিলোৱাট শক্তি ব্যৱহাৰ কৰা কৃষি, ক্ষুদ্র উদ্যোগ, বৈদ্যুতিক বাহন চার্জ দিয়া ষ্টেচন আদিয়ে প্রতি ইউনিটত আদায় দিব লাগিব ৭০ পইচাকৈ বিদ্যুৎ মাচুল । এপিডিচিএলৰ নতুন জাননী অনুসৰি ৩০ পইচাৰ পৰা ৭০ পইচা পৰ্যন্ত বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ ফলত জীৱনধাৰাৰ অধীনস্থ গ্রাহকে প্রতি ইউনিটত বিদ্যুৎ মাচুল আদায় দিব লাগিব ৪.৩৫ টকাকৈ (Power tariff hike news) ৷

একেদৰে, প্রতিমাহে ১২০ ইউনিট ব্যৱহাৰ কৰা গ্রাহকে প্রতি ইউনিটত আদায় দিব লাগিব ৫.২৫ টকাকৈ, ১২১ ৰ পৰা ২৪০ ইউনিট প্রতিমাহে ব্যৱহাৰ কৰা গ্ৰাহকে প্রতি ইউনিটৰ বাবদ আদায় দিব লাগিব ৭.৩০ টকাকৈ । সেইদৰে ৫ কিলোৱাটৰ পৰা ৩০ কিলোৱাট শক্তি ব্যৱহাৰ কৰা ঘৰুৱা গ্ৰাহকে প্রতি ইউনিটত ৮.১৫ টকাকৈ, ৫ কিলোৱাটৰ পৰা ৩০ কিলোৱাট বিদ্যুৎ ব্যৱহাৰ কৰা বাণিজ্যিক গ্রাহকে প্রতি ইউনিটত আদায় দিব লাগিব ৮.৬০ টকাকৈ ।

উল্লেখ্য যে, এপিডিচিএলে বিগত এপ্রিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি কিলোৱাটত ফিক্সড চার্জ হিচাপে দহ টকাকৈ বৃদ্ধি কৰিছিল । কিন্তু ইয়াৰ পিচতো ৰাজ্যবাসীক নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ এপিডিচিএলে এমাহতে পুনৰ ৩০ পইচাৰ পৰা ৭০ পইচা পর্যন্ত বিদ্যুৎ মাচুল বৃদ্ধি কৰিলে । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:Bhupen Kumar Borah: মুখ্যমন্ত্ৰীয়ে ‘টি আৰ পি’ৰ পিছে পিছে দৌৰোতে অসমৰ তিনিখন মেডিকেল কলেজে স্বীকৃতি হেৰুৱাব : ভূপেন বৰা

লক্ষণীয় বিষয় যে, বৰ্তমানৰ চৰকাৰখনে দায়িত্বভাৰ লৈয়ে ৰাজ্যবাসীক ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু সেই প্রতিশ্ৰুতি ৰক্ষা কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে এ পি ডি চি এল । একমাত্ৰ গুৱাহাটী মহানগৰীত নিয়মীয়া বিদ্যুৎ যোগান ধৰাৰ বাহিৰে ৰাজ্যৰ বাকী চহৰ, নগৰ আৰু গ্ৰামাঞ্চলত সঘনে কর্তন হয় বিদ্যুৎ । যাৰ বাবে উৎকট গৰমত হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে ।

ABOUT THE AUTHOR

...view details