অসম

assam

দিল্লীত প্ৰশান্ত কিশোৰৰে অখিল গগৈৰ বৈঠক: মন্ত্ৰী পীযুষৰ সৈতেও আলোচনা

By

Published : Aug 29, 2021, 5:37 PM IST

akhil gogoi meets prashanta kishore
প্ৰশান্ত কিশোৰৰে অখিল গগৈৰ বৈঠক

দেশৰ ৰাজনীতিৰ আধুনিক চাণক্য খ্যাত প্ৰশান্ত কিশোৰৰ সৈতে বৈঠকত মিলিত অখিল গগৈ ৷ পাঁচদিনীয়া ভ্ৰমণসূচী লৈ দিল্লীত বাহৰ পাতি থকা গগৈয়ে কিশোৰক সাক্ষাৎ কৰিছে ৷ দিল্লীৰ অসম ভৱনত বাহৰ পাতি থকা মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতেও আলোচনাত বহে অখিল গগৈ ৷

গুৱাহাটী, ২৯ আগষ্ট : মহাজোঁটৰ অংশীদাৰ হবলৈ আগবঢ়া ‘ৰাইজৰ দলৰ‘ সভাপতি অখিল গগৈয়ে পাঁচদিনীয়া ভ্ৰমণসূচী লৈ দিল্লীত বাহৰ পাতি থকাৰ মাজতে আজি অতি লক্ষ্যণীয়ভাৱে আলোচনাত মিলিত হয় দেশৰ ৰাজনীতিৰ আধুনিক চাণক্য বুলি পৰিচিত প্ৰশান্ত কিশোৰৰ সৈতে । দিল্লীত দীঘলীয়া সময়জুৰি প্ৰশান্ত কিশোৰৰ সৈতে আলোচনাত বহে অখিল গগৈ ।

লগতে পঢ়ক :মহাজোটৰ মহাঅংক: অখিল গগৈ দিল্লীলৈ

ইপিনে তাৎপৰ্যপূৰ্ণভাৱে বৰ্তমান দিল্লীৰ অসম ভৱনত বাহৰ পাতি থকা মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতেও অসম ভৱনতে অখিল গগৈ আলোচনাত বহে । পীযুষ আৰু অখিলৰ আজিৰ এই বৈঠক ৰাজনৈতিক মহলত অত্যন্ত গুৰুত্বপূৰ্ণ ৰূপে চৰ্চিত হৈছে ৷

এই পাঁচদিনীয়া ভ্ৰমণৰ সময়তে অখিল গগৈয়ে দিল্লীত ৰাহুল গান্ধী আৰু অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ সৈতেও আলোচনাত বহিব । মন কৰিবলগীয়া যে, বিগত ২৫ আগষ্টত শিৱসাগৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতেও আলোচনাত বহিছিল অখিল গগৈ ৷

লগতে পঢ়ক :অখিল গগৈৰ বাবে কংগ্ৰেছৰ দুৱাৰ সদায় খোলা আছে: জাকিৰ হুছেইন শিকদাৰ

উল্লেখ্য যে, কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত খুব সোনকালেই 'ৰাইজৰ দল' চামিল হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । বিপিএফ আৰু এআইইউডিএফক বাদ দি 'ৰাইজৰ দল'ক মহাজোঁটৰ সংগী কৰি আগবঢ়াৰ ইচ্ছা কৰিছে কংগ্ৰেছ দলে । ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ সৈতে কেইবাগৰাকীও কংগ্ৰেছৰ শীৰ্ষ নেতাই আলোচনাত মিলিত হোৱাৰ পিছত শনিবাৰে বিধায়ক গগৈ গুৱাহাটীৰ পৰা দিল্লী অভিমুখে উৰা মাৰে ।

লগতে পঢ়ক :AIUDF ৰ বিধায়ক সকলো বিজেপিৰে বিধায়ক : অখিল

ইটিভি ভাৰতৰ হাতত আহি পৰা খবৰ অনুসৰি, দিল্লীত অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটি( AICC)ৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপৰিও আৰু কেইবাগৰাকীও শীৰ্ষ কংগ্ৰেছ নেতাৰ সৈতে অখিল গগৈ আলোচনাত বহিব । অৱশ্যে অখিল গগৈয়ে ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে যে, এআইইউডিএফ যেতিয়ালৈকে মহাজোঁটত থাকিব, তেতিয়ালৈকে ৰাইজৰ দল মহাজোঁটত চামিল হোৱাৰ প্ৰশ্ন নুঠে ।

লগতে পঢ়ক :অসমৰ স্বাৰ্থত একেলগে কাম কৰিব কংগ্ৰেছ-ৰাইজৰ দলে

ABOUT THE AUTHOR

...view details