অসম

assam

Polygamy marriage in Assam: বহু বিবাহৰ সম্পৰ্কত ধৰ্মৰ ভিত্তিত জৰীপ চলোৱাৰ দাবী এ আই ইউ ডি এফৰ

By

Published : Jul 16, 2023, 1:08 PM IST

ইউনিফর্ম চিভিল ক’ডৰ প্ৰসংগৰে সাম্প্রদায়িক মন্তব্য দিয়াক লৈ সৰৱ বিধায়ক আমিনুল ইছলাম । বহু বিবাহক লৈ মুখ্যমন্ত্রীৰ লগতে কেন্দ্রীয় মন্ত্রী আৰু বিজেপি নেতাসকলে কৈ অহা কথাবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় । মুছলমান লোকসকলৰ মাজত বহু বিবাহ আন ধৰ্মাৱলম্বী লোকসকলতকৈ কম ।

Polygamy marriage in Assam
বহু বিবাহৰ সম্পৰ্কত ধৰ্মৰ ভিত্তিত জৰীপ চলোৱাৰ দাবী এ আই ইউ ডি এফৰ

গুৱাহাটী,১৬ জুলাই: বহুবিবাহৰ নামত মুছলমানসকলক অযথা বদনাম কৰা হৈছে । এই অভিযোগ এ আই ইউ ডি এফৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামৰ । ইউনিফৰ্ম চিভিল ক'ডৰ প্ৰসংগৰে বিধায়ক ইছলামে কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে প্রযোজ্য হোৱাকৈ ইউনিফর্ম চিভিল ক’ড আনিবলৈ যোজা চলাইছে । এই ইউনিফর্ম চিভিল ক’ডৰ আলম লৈ একাংশ বিজেপি মন্ত্রী, নেতাই সাম্প্রদায়িক মন্তব্য দিবলৈ আৰম্ভ কৰিছে । বিশেষকৈ বহু বিবাহৰ বিষয়টোক কেন্দ্ৰ কৰি মুছলমান লোকসকলক লক্ষ্য কৰি কেৱল মুছলমান ধৰ্মাৱলম্বী লোকসকলেই বহুবিবাহতে আৱদ্ধ হয় বুলি অপপ্ৰচাৰ চলাইছে ।

তেওঁ কয় যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বহুবিবাহৰ নাম লৈ অসমত বসবাস কৰা মুছলমান লোকসকলক জগৰীয়া কৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী ফুকনৰ নেতৃত্বত এখন চাৰিজনীয়া বিশেষ কমিটি গঠন কৰি বিষয়টো চাবলৈ দিছে । এই সম্পর্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে বহু বিবাহক কেন্দ্ৰ কৰি যিবোৰ কথা অসমৰ মুখ্যমন্ত্রী লগতে কেন্দ্রীয় মন্ত্রী আৰু বিজেপি নেতাসকলে কৈ আহিছে সেয়া সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় ।

তথ্য দাঙি ধৰি তেওঁ কয় যে নেচনেল ফেমেলী হেল্থ চার্ভে-৫ (এন এফ এইচ এচ) ২০১৯-২১ বৰ্ষৰ জৰীপ অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ ১.৪ শতাংশ লোক বহু বিবাহত আৱদ্ধ ৷ বিভিন্ন ধর্ম অনুযায়ী উক্ত সময়ছোৱাত খ্ৰীষ্টানৰ ২.১ শতাংশ, মুছলমানৰ ১.৯ শতাংশ, হিন্দুৰ ৩.১ শতাংশ লোক বহু বিবাহত জড়িত । সেইদৰে ২.৪ শতাংশ অনুসূচিত জনজাতি, ১.০ শতাংশ অনুসূচিত জাতি, ১.৩ শতাংশ অ' বি চি আৰু ১.২ শতাংশ অন্যান্য শ্রেণী সমূহৰ লোক বহু বিবাহত জড়িত । তেওঁ লগতে কয় যে ১৯৬১ চনৰ লোকপিয়ল মতে ৫.৭ শতাংশ মুছলমান, ৫.৮ শতাংশ হিন্দু, ৬.৭ শতাংশ জৈন, ৭.৯ শতাংশ বৌদ্ধ আৰু ১৫.২৫ শতাংশ আদিবাসী লোক বহু বিবাহিত । গতিকে তথ্যৰ ফালৰ পৰাও দেখা যায় যে মুছলমান লোকসকলৰ মাজত বহু বিবাহ আন ধৰ্মাৱলম্বী লোকসকলতকৈ কম ।

তেওঁ কয় যে এ আই ইউ ডি এফ দলে চৰকাৰক দাবী জনাইছো যে বহু বিবাহৰ সম্পৰ্কত পুনৰ ধৰ্মৰ ভিত্তিত সমগ্ৰ দেশতে এটা জৰীপ চলাব লাগে । তেতিয়া কথাবোৰ পুনৰ স্পষ্ট হ’ব । অসমত বিশেষকৈ চৰ অঞ্চলত বসবাস কৰা সংখ্যালঘু লোকসকলৰ মাজত বহু বিবাহ দেখিবলৈ পোৱা যায় বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰত স্বাধীন হোৱাৰ পিছতো সংখ্যালঘু অঞ্চলত শিক্ষা, স্বাস্থ্য, যাতায়াতৰ ওপৰত কোনো এখন চৰকাৰে গুৰুত্ব আৰোপ কৰা দেখা নগ'ল । এই অঞ্চলসমূহ আধুনিকীকৰণ কৰাৰ বাবেও কোনেও উদ্যোগ নল’লে । এতিয়াৰ মুখ্যমন্ত্ৰী যেতিয়া বিভিন্ন সময়ত শিক্ষা, স্বাস্থ্য আৰু বিত্ত বিভাগৰ দায়িত্বত আছিল তেতিয়াও কোনো ফলপ্রসূ আঁচনি এই অঞ্চল সমূহৰ বাবে গ্ৰহণ কৰা নাছিল বুলি তেওঁ অভিযোগ কৰে । গতিকে সকলো দিশতে পিছপৰা এই অঞ্চল সমূহ সজাগতাৰ বাবে যদি তৎপৰ হোৱাহেঁতেন এই পৰিসংখ্যা অতি নগন্য হ’লহেঁতেন বুলি তেওঁ কয় ।

লগতে পঢ়ক:CM Himanta Biswa Sarma in Delhi: ৰহস্যৰ আৱৰ্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী ভ্ৰমণ

ABOUT THE AUTHOR

...view details