ETV Bharat / state

CM Himanta Biswa Sarma in Delhi: ৰহস্যৰ আৱৰ্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী ভ্ৰমণ

বৃহস্পতিবাৰে নিশা হঠাতে দিল্লীলৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভ্ৰমণসূচীয়ে যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে ৷ এইবাৰৰ ভ্ৰমণক লৈ মুখ্যমন্ত্ৰীয়ে বিশেষ কোনো ধৰণৰ কথা প্ৰকাশ কৰা নাই ৷ আনকি শাসকীয় দলটোৰ মাজতো মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণক লৈ যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি হৈছে ৷

Assam CM Himanta Biswa Sarma visit to Delhi
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী ভ্ৰমণ
author img

By

Published : Jul 15, 2023, 2:25 PM IST

গুৱাহাটী, 15 জুলাই: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হঠাৎ দিল্লী ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ আনকি শাসকীয় দলটোৰ মাজতো মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণক লৈ যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি হৈছে ৷ বৃহস্পতিবাৰে নিশা হঠাতে দিল্লীলৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভ্ৰমণসূচীয়ে যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে ৷ সাধাৰণতে মুখ্যমন্ত্ৰীয়ে নিজৰ ভ্ৰমণসূচী সন্দৰ্ভত সামাজিক মাধ্যমযোগে অৱগত কৰে ৷ কিন্তু এইবাৰৰ ভ্ৰমণক লৈ মুখ্যমন্ত্ৰীয়ে বিশেষ কোনো ধৰণৰ কথা প্ৰকাশ কৰা নাই ৷

বৃহস্পতিবাৰে নিশাৰে পৰা দিল্লীত বাহৰ পতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে পুৱাৰ ভাগত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে ৷ ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ আইনী জটিলতাকলৈ মুখ্যমন্ত্ৰী শৰ্মাই মেহতাৰ সৈতে আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে আজি মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শ্ৰম আৰু বন আৰু পৰিবেশ মন্ত্ৰী ভূপেন্দৰ যাদৱক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় ৷ ভূপেন্দৰ যাদৱ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক)ৰ দায়িত্বতো আছে ৷ এদিনতে 1 কোটী গছপুলি ৰোপণৰ বৃহৎ কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰে আলোচনাত মিলিত হয় ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে প্ৰথমতে দিল্লীৰ উপ-ৰাজ্যপাল বিজয় কুমাৰ ছাক্সেনাক সাক্ষাৎ কৰে ৷ ৰাজধানী নতুন দিল্লীত অসমৰ শিল্প-সংস্কৃতিৰ নমুনা দাঙি ধৰিবলৈ নিৰ্মাণ কৰিবলগীয়া আন্তঃগাঁথনিৰ বাবে ভূমিৰ আবণ্টন বিচাৰি মুখ্যমন্ত্ৰীয়ে দিল্লীৰ উপ-ৰাজ্যপাল গৰাকীক সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে দিল্লীৰ লগতে মুম্বাইতো অসম চৰকাৰে এখনকৈ ‘অসম প্ৰকল্প’ স্থাপন কৰাৰ যো-জা চলাই আছে ৷ 'অসম প্ৰকল্প’ত নামঘৰ, কামাখ্যা মন্দিৰ, বটদ্ৰৱা থান, ৰংঘৰ আদিৰ ক্ষুদ্ৰ সংস্কৰণ নির্মাণেৰে অসমৰ কলা-সংস্কৃতিৰ সম্যক ধাৰণা দাঙি ধৰা হ’ব আৰু ইয়াৰ বাবে প্ৰয়োজনীয় ভূমিৰ আবণ্টন দিয়াৰ বাবেই মুখ্যমন্ত্ৰীয়ে দিল্লীৰ উপ-ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰে ৷

ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কৌলক সাক্ষাৎ কৰে ৷ অৱশ্যে এই সাক্ষাতৰ আলোচনাৰ বিষয়বস্তু সন্দৰ্ভত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ বিবৃত্তি দিয়া হোৱা নাই ৷ আনহাতে মুখ্যমন্ত্ৰীয়েও সামাজিক মাধ্যম যোগে কোনো কথা প্ৰকাশ কৰা নাই ৷ লক্ষণীয়ভাৱে ন্যায়াধীশ কৌলৰ সৈতে মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠকে বিশেষ তাৎপর্য বহন কৰিছে ৷ সন্ধিয়া দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ সঞ্জয় কিষান কৌলক সাক্ষাৎ কৰাৰ পাছত নিশা মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে ৷

বিধানসভা আৰু লোকসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ ওপৰত ৰাজহুৱা শুনানী গ্ৰহণৰ বাবে নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল অসমলৈ অহাৰ প্ৰাকঃমুহূৰ্তত মুখ্যমন্ত্ৰীৰ এই সাক্ষাতক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি হৈছে ৷ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰী গৃহ মন্ত্ৰী অমিত শ্বাহক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি শেহতীয়াকৈ প্ৰকাশ পোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ এই দিল্লী ভ্ৰমণে ৰাজনৈতিভাৱে বিশেষ তাৎপর্য বহন কৰিছে ৷

লগতে পঢ়ক: Ajit Pawar visit Sharad Pawar residence : বিদ্ৰোহৰ পাছত প্ৰথমবাৰলৈ শৰদ পাৱাৰৰ ঘৰত ভতিজাক অজিত পাৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.