অসম

assam

Assam government is in debt : পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল'লে অসম চৰকাৰে

By

Published : Apr 13, 2023, 4:14 PM IST

Updated : Apr 13, 2023, 4:43 PM IST

নতুন বিত্তীয় বৰ্ষ আৰম্ভণিতে ৰিজাৰ্ভ বেংকৰ জৰিয়তে ৰাজ্য চৰকাৰে ঋণ ল'লে এক হাজাৰ কোটি টকা (Assam govt borrows Rs 1000 crore from RBI)। দহ বছৰৰ বাবে লোৱা এই ঋণৰ সুদৰ হাৰ ৭.৫৮ শতাংশ । বিজেপি চৰকাৰখনে বিগত সাত বছৰত কেৱল সুদ পৰিশোধৰ নামতেই ব্যয় কৰিছে ৩৪,২৭৪.৫৯ কোটি টকা ।

Assam government is in debt
পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল'লে অসম চৰকাৰে

গুৱাহাটী, ১৩ এপ্ৰিল : ঋণৰ ওপৰত ঋণ লোৱাৰ ক্ষেত্রতো যেন মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অভিলেখ সৃষ্টি কৰিব । এশ কোটিৰো অধিক টকা ব্যয় কৰি বিশ্ব অভিলেখৰ বাবে বিহুৰ আয়োজন কৰা চৰকাৰখনে নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ লগে লগেই ঋণ লোৱা আৰম্ভ কৰিছে । শেহতীয়াকৈ মঙলবাৰে ৰিজাৰ্ভ বেংকৰ জৰিয়তে ৰাজ্য চৰকাৰখনে এক হাজাৰ কোটি টকা ঋণ লৈছে (Assam govt took another loan from RBI)।

দহ বছৰৰ বাবে লোৱা এই ঋণৰ সুদৰ হাৰ হৈছে ৭.৫৮ শতাংশ । উল্লেখ্য যে, অসম চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰা বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ ফলত প্ৰতি বছৰে ঋণৰ পৰিমাণো বৃদ্ধি পাবলৈ ধৰিছে । ইফালে ঋণৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত সুদৰ পৰিমাণো অভাৱনীয়ভাৱে বৃদ্ধি পাইছে (Debt burden on Assam government)। সম্প্রতি বছৰি প্ৰায় সাত হাজাৰ কোটিতকৈও অধিক টকা সুদৰ নামতে ভৰিব লগীয়া হৈছে ৰাজ্যখনে ।

তথ্য অনুসৰি ৰাজ্যৰ বিজেপি চৰকাৰখনে বিগত সাত বছৰত কেৱল সুদ পৰিশোধৰ নামতেই ৩৪,২৭৪.৫৯ কোটি টকা ব্যয় কৰিছে । মন কৰিবলগীয়া কথা যে, ৰাজ্যত ১৫ বছৰ শাসন চলোৱাৰ পাছত প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনে মুঠ ৩৫,৬৯০ কোটি টকাৰ ঋণৰ বোজা এৰি থৈ গৈছিল । কিন্তু ২০১৬ চনত ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত এই ঋণৰ বোজা বৃদ্ধি হৈ সম্প্ৰতি ১ লাখ ৩২ হেজাৰ কোটি টকা হৈছেগৈ (Total loan Amount of Assam Government)।

বিজেপি চৰকাৰে গ্ৰহণ কৰা ঋণৰ পৰিমাণ প্ৰতি বছৰে বৃদ্ধি পোৱাৰ মূলতেই হৈছে হিতাধিকাৰী আঁচনি । ৰাজ্য চৰকাৰখনে উন্নয়নৰ নামত ঋণ লৈছে যদিও ভোটৰ আশাত এই ধন হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰাতহে ব্যয় কৰি আহিছে । ফলত ৰাজ্যৰ সামগ্রিক উন্নয়ন হোৱা নাই । ইফালে ব্যয় সংকোচন কৰাৰ বিপৰীতে চৰকাৰে বাহ্যিকতাৰ নামত বিশাল পৰিমাণৰ পুঁজি ব্যয় কৰি আহিছে ।

লক্ষণীয় বিষয় যে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক চমুকৈ কেগৰ ২০২১-২০২২ বিত্তীয় বৰ্ষৰ হিচাপ পৰীক্ষাৰ প্ৰতিবেদনতো ৰাজ্যখনৰ ঋণৰ বোজাৰ প্ৰসংগ উল্লেখ কৰিছে ।

কেগৰ প্ৰতিবেদনত কোৱা হৈছে যে, আগন্তুক বছৰসমূহত ৰাজহুৱা ঋণৰ মূলধন হ্রাস দূৰৈৰ কথা, সুদ পৰিশোধৰ ওপৰত চাপ বৃদ্ধি হ'ব । আনকি কেগে বৰ্ধিত ঋণ আৰু সুদৰ বোজা এৰাই চলিবলৈ আৰু চৰকাৰক নিজা ৰাজহ বৃদ্ধি তথা ৰাজহ ব্যয় হ্ৰাসৰ ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিছে (CAG concern over debt burden on Assam govt)। কিন্তু চৰকাৰখনে ব্যয় নিয়ন্ত্রণ কৰাৰ বিপৰীতে ব্যয়ৰ মাজেৰে চমক সৃষ্টিত হে বেছি গুৰুত্ব দিছে । যাৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজ্যখনৰ ঋণৰ বোজা ।

লগতে পঢ়ক :Press conference of Congress: অসম ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্রীলৈ প্ৰশ্ন প্ৰদেশ মহিলা কংগ্ৰেছৰ

Last Updated :Apr 13, 2023, 4:43 PM IST

ABOUT THE AUTHOR

...view details