গুৱাহাটী,১৭ জুন:সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত বিশেষ অভিনন্দন অনুষ্ঠান ৷ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত শনিবাৰে অনুষ্ঠানত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক আৰু ইউ পি এছ চিত স্থানপ্ৰাপ্ত প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰা হয় ।
অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে বিশিষ্ট অতিথি হিচাপে থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকা, কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকা উপস্থিত থকাৰ লগতে স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকল ৷
উৎপল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ছাত্ৰ-ছাত্ৰীক শিপা নাপাহৰি, শিপাৰ লগত সম্পৰ্কিত হৈ থকাৰ লগতে ভাল কাম কৰিবলৈ আৰু পিতৃ-মাতৃ, মাতৃভূমি আৰু মাতৃভাষাক মনত ৰাখিবলৈ আহ্বান জনায় । তেওঁ ভাষণ প্ৰসংগত কয় যে নতুন শিক্ষা নীতি থকা ভালখিনিক ভাল বুলি কৈছোঁ আৰু বেয়া খিনিক বেয়া বুলি কৈছোঁ ।