অসম

assam

Crime in Guwahati City : এঘাৰ মাহত ৰাজধানী চহৰত সংঘটিত ৪১ টাকৈ লোমহৰ্ষক হত্যাকাণ্ড

By

Published : Dec 19, 2021, 6:56 PM IST

ৰাজ্যত অপৰাধ আৰু অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে সম্প্ৰতি অধিক সষ্টম হৈ পৰিছে অসম আৰক্ষী (Assam Police against crime) ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই অপৰাধমূলক কাৰ্যকলাপ ৰোধৰ বাবে অধিক তৎপৰ হৈ পৰিছে অসম আৰক্ষী(Assam Police anti corruption drive) ৷ কিন্তু অসমৰ আন জিলাৰ কথাটো বাদেই আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা ৰাজধানী চহৰখনত মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলাস্বৰূপ উদঙাইছে অপৰাধ অনুসন্ধান শাখাৰ তথ্যই ৷

41  murder cases has been registered in guwahati in the year 2021
ৰাজধানী চহৰত এঘাৰ মাহত সংঘটিত ৪১ টাকৈ লোমহৰ্ষক হত্যাকাণ্ড

গুৱাহাটী, ১৯ ডিচেম্বৰ :আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে লোমহর্ষক হত্যাকাণ্ড(Horrific murder in Assam) । মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই চলিত বৰ্ষত নৱেম্বৰ মাহলৈ ৰাজধানী চহৰখনত সংঘটিত হৈছে ৪১ টাকৈ লোমহর্ষক হত্যাকাণ্ড । কেইদিন পূৰ্বে আমচিং যোৰাবাটত ভণ্ড প্ৰেমিকে ডিঙি ৰেপি অতি নৃশংসতাৰে মৰমী তাঁতী নামৰ যুৱতীগৰাকীক মাতৃৰ সন্মুখতে হত্যা কৰা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

মৰমী তাঁতীৰ হত্যাকাণ্ডৰ পূৰ্বেও গুৱাহাটী মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলাস্বৰূপ উদঙাই দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিছিল এটাৰ পিছত আনটো লোমহর্ষক হত্যাকাণ্ড । অপৰাধ অনুসন্ধান শাখা(Central Bureau of Investigation)ৰ তথ্য অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা নৱেম্বৰ মাহলৈ গুৱাহাটী মহানগৰীত ৪১ টাকৈ হত্যাকাণ্ড সংঘটিত হৈছে ।

আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা মহানগৰীৰ পূৱ আৰক্ষী জিলাতেই সংঘটিত হৈছে সৰ্বাধিক হত্যাকাণ্ড (Murder cases in Guwahati) । তথ্য অনুসৰি পূৱ আৰক্ষী জিলাৰ অন্তর্গত দিছপুৰ থানাত ৰুজু হৈছে দহটাকৈ হত্যাকাণ্ডৰ গোচৰ ।

তদুপৰি জিলাখনৰ অন্তৰ্গত হাতীগাঁও থানাত তিনিটা আৰু ভঙাগড় থানাত এটা হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে । একেদৰে পশ্চিম আৰক্ষী জিলাৰ অন্তৰ্গত গড়চুক থানাত দুটা, ভৰলুমুখত তিনিটা, ফটাশিল আমবাৰী থানাত তিনিটা আৰু জালুকবাৰী থানাত পাঁচটাকৈ হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে । পশ্চিম আৰক্ষী জিলাত হত্যাকাণ্ডৰ বাৰটাকৈ গোচৰ ৰুজু হৈছে ।

আনহাতে, মধ্য আৰক্ষী জিলাৰ অন্তৰ্গত থানাসমূহত ১২ টাকৈ হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে । ইয়াৰ ভিতৰত প্ৰাগজ্যোতিষপুৰ থানাত এটা, চানমাৰি থানাত এটা, গীতানগৰ থানাত এটা, লতাশিল থানাত এটা, পল্টনবজাৰ থানাত দুটা আৰু নুনমাটি থানাত ছটাকৈ হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে । অপৰাধ অনুসন্ধান শাখাৰ তথ্য অনুসৰি চৰকাৰী ৰেল আৰক্ষীৰ অধীনস্থ গুৱাহাটী ৰেল আৰক্ষীত এটা হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে ।

মহানগৰ আৰক্ষী আয়ুক্তৰ অধীনস্থ এই আৰক্ষী জিলাকেইখনত ৪১ টাকৈ লোমহর্ষক হত্যাকাণ্ডৰ গোচৰ ৰুজু হোৱাৰ পিছতো মহানগৰ আৰক্ষীয়ে আজিলৈকে এটাও গোচৰৰ তদন্ত সম্পূর্ণ কৰিব পৰা নাই । চলিত বৰ্ষত ৰুজু হোৱা ৪১ টাকৈ হত্যাকাণ্ডৰ গোচৰৰ আজিলৈকে তদন্ত প্ৰক্ৰিয়া সম্পূর্ণ কৰিব নোৱাৰা বিষয়টোৱে স্মাৰ্ট মহানগৰ আৰক্ষীৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে ।

লগতে পঢ়ক :Most Polluted city in the Northeast : উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰদূষিত চহৰ গুৱাহাটী

ABOUT THE AUTHOR

...view details