অসম

assam

আমগুৰিত আঘাতপ্ৰাপ্ত অৱস্থাত অচিনাক্ত কিশোৰ উদ্ধাৰ

By

Published : Oct 7, 2022, 2:17 PM IST

শিৱসাগৰ জিলাৰ আমগুৰিৰ 61 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হৈছে এটি অচিনাক্ত কিশোৰ (Unknown boy rescued at Amguri) ৷

Unknown boy rescued at Amguri
আমগুৰিত আঘাতপ্ৰাপ্ত অৱস্থাত অচিনাক্ত কিশোৰ উদ্ধাৰ

আমগুৰি, ৭ অক্টোবৰ:আমগুৰিৰ বৰবাম চাহ বাগিচা চাৰিআলিত উদ্ধাৰ হৈছে এজন অচিনাক্ত কিশোৰ (Unknown boy rescued at Amguri) ৷ শিৱসাগৰ জিলাৰ আমগুৰিৰ 61 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয় শিশুটিক (Injured boy rescued in NH 61) ৷

কিশোৰটিক কোনো বাহনে খুন্দিয়াই আহত কৰি থৈ যোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ কিশোৰটিৰ বয়স 11 বছৰ হ’ব বুলি অনুমান কৰা হৈছে ৷ ততালিকে স্থানীয় লোকে সংকটজনক অৱস্থাত কিশোৰটিক আমগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।

ইতিমধ্যে আহত কিশোৰজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ (Jorhat medical college and hospital) প্ৰেৰণ কৰা হৈছে । বৰ্তমানলৈকে কিশোৰজনৰ কোনো পৰিচয় লাভ কৰিব পৰা নাই ৷

লগতে পঢ়ক:লংকা থানাৰ সন্মুখত ভূ মাফিয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details