লংকা থানাৰ সন্মুখত ভূ মাফিয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

By

Published : Oct 7, 2022, 12:19 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

হোজাই জিলাৰ লংকা আৰক্ষী থানাৰ সন্মুখভাগত বৃহস্পতি বাৰে নিশা শতাধিক ৰাইজ উপস্থিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Protests against land mafia) ৷ লংকাৰ ৫ নং ৱাৰ্ডৰ মামনি পালৰ ঘৰৰ চৌহদত থকা ১৫ লোচা মাটিত চৰকাৰী ঘৰ দিয়াৰ প্ৰলোভনেৰে অঞ্জন শাহু নামৰ এজন ভূ-মাফিয়াই বিভিন্ন কাগজত চহী কৰাই মাটিখিনি নিজৰ নামত কৰি লয় ৷ ইয়াৰ পিছতে মামনি পালে লংকা আৰক্ষী থানাত এই বিষয়ত অৱগত কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰক্ষীয়ে ৷ উপায়ন্তৰ হৈ নিশাই শতাধিক ৰাইজ ওলাই আহি ভূ মাফিয়াৰ বিৰুদ্ধে আৰক্ষী থানাৰ (Lanka police station) সন্মুখত প্ৰতিবাদ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.