অসম

assam

কংগ্ৰেছ ক্ষমতালৈ আহিলে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ধনৰ উৎসৰ তদন্ত হ'ব : গৌৰৱ গগৈ

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 7:02 PM IST

কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আহিলে তদন্ত কৰা হ'ব মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ ক'ৰ পৰা টকা আহে । এই সকীয়নি সাংসদ গৌৰৱ গগৈৰ ।

MP Gaurav Gogoi in Jorhat
যোৰহাটত সাংসদ গৌৰৱ গগৈ

যোৰহাটত সাংসদ গৌৰৱ গগৈ

যোৰহাট, ১৮ নৱেম্বৰ :"মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ ক'ৰ পৰা টকা আহে কেন্দ্ৰত কংগ্ৰেছ ক্ষমতালৈ আহিলে তদন্ত কৰা হ'ব । যিমান মানহানি গোচৰ দিলেও মই তেওঁলোকলৈ ভয় নকৰো ।" এই মন্তব্য় সাংসদ গৌৰৱ গগৈৰ । আজি যোৰহাটত কংগ্ৰেছৰ সাংসদগৰাকীয়ে এইদৰে মন্তব্য় কৰে । আজি যুৱ কংগ্ৰেছৰ য়ুথ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ নাম নোলোৱাকৈ সাংসদ গৌৰৱ গগৈয়ে কয়, "তেওঁলোকৰ পৰিয়াললৈ কিদৰে টকা-পইচা আহিছে আৰু সেই পইচাৰে বাগান ,মাটি আৰু ৰিজ'ৰ্ট কিনিছে সেয়া '২৪ৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আহিলে তদন্ত কৰা হ'ব । তেওঁলোকে যিমান মোৰ ওপৰত মানহানি গোচৰ দিয়ক সেয়া মই ভয় নকৰো । ই ডি, আয় কৰ আৰু চি আই ডি আমাৰ ওপৰত লগাই আছে, কিন্তু আমাৰ পৰা একো পোৱা নাই । "

সাংসদ গৌৰৱ গগৈয়ে পুনৰ কয়,"আমাৰ চৰকাৰ নাই,মন্ত্ৰী নাই আৰু বিভাগো নাই । তাৰ পিছতো লগাই আছে। কিন্তু আমাৰ চৰকাৰ আহিলে আমি বাকচে বাকচে তদন্ত ফাইল পাই থাকিম ।" বাকচে বাকচে ফাইলবোৰ পাই থাকিলে সকলো ওলাই পৰিব আৰু কিদৰে অসমৰ ৰাইজক প্ৰতাৰণা কৰি আছে সেয়া ৰাজহুৱা হ'ব বুলি পুনৰ মত প্ৰকাশ কৰে গৌৰৱ গগৈয়ে । তেওঁ কয়,"দুখৰ কথা যে কংগ্ৰেছে সকলো জাতি জনগোষ্ঠীক লৈ একত্ৰিত কৰা কথা কয়, কিন্তু এআই ইউ ডিএফ আৰু বিজেপিয়ে মিলি বিভাজনৰ ৰাজনীতি আৰম্ভ কৰে । বিজেপিৰ লগত খোজ মিলাই আজমলে হিন্দু নাৰীক লৈ সম্প্ৰদায়িক আৰু আপত্তিজনক মত প্ৰকাশ কৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাঘ হাজৰিকাক লৈ বিভেদকামী মন্তব্য প্ৰদান কৰে । "সেয়ে কংগ্ৰেছে বিজেপি আৰু আজমল বিৰুদ্ধে যুজঁ দিবলগীয়া হৈছে বুলি পুনৰ মন্তব্য় কৰে গৌৰৱ গগৈয়ে ।

আজি যুৱ কংগ্ৰেছৰ য়ুথ যাত্ৰা কাৰ্যসূচীতে তিতাবৰ মহকুমা চুতীয়া ছাত্র সন্থা সম্পাদক পল্লৱ জ্যোতি হাজৰিকাই কংগ্ৰেছ নীতি আৰ্দশ প্ৰতি আকৃষ্ট হৈ গৌৰৱ গগৈৰ উপস্থিতত কংগ্ৰেছত যোগদান কৰে ।

লগতে পঢ়ক:ষঠ পূজা উপলক্ষে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নির্দেশনা মহানগৰ আৰক্ষীৰ

ABOUT THE AUTHOR

...view details