অসম

assam

Congress Attack on BJP: তিনি গগৈৰ ভয়ত কম্পমান হৈ 6 গগৈক ডাইচত বহুৱালে বিজেপিয়ে- মীৰা বৰঠাকুৰ

By

Published : Jul 3, 2023, 5:40 PM IST

Updated : Jul 3, 2023, 6:32 PM IST

"যদি তিনি গগৈৰ ভয়ত যদি বিজেপি কম্পমান হোৱাই নাই তেনেহ’লে 6 জনকৈ গগৈক ডাইচত বহুৱাব লগা হ’ল কিয় ?" মীৰা বৰঠাকুৰ ৷

Meera Barthakur slams Assam CM Himanta Biswa Sarma
তিনি গগৈৰ ভয়ত কম্পমান হৈ 6 জনকৈ গগৈক ডাইচত বহুৱালে বিজেপিয়ে- মীৰা বৰঠাকুৰ

যোৰহাট, 3 জুলাই : "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিভাইড এণ্ড ৰুল পলিচি কৰি ভাল পায় ৷ তিনিজন গগৈয়ে এখন ফটো উঠাৰ কাৰণেই বিজেপিৰ ভেটি কম্পমান হৈছে ৷ সেই কাৰণেই তেওঁলোকে দেবব্ৰত শইকীয়াৰ ফটোখন আগলৈ নাহিল কিয় বুলি প্ৰশ্ন কৰি কংগ্ৰেছত বিভাজন আনিবলৈ ধৰিছে ৷ এয়া অতি নিকৃষ্ট ৰাজনীতি ৷ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত থাকি কংগ্ৰেছৰ মাজত বিভাজন আনিছিল ৷ এতিয়া বিজেপিত থাকি পুৰণি বিজেপি আৰু নতুন বিজেপিৰ মাজত বিভাজন আনিছে ৷" অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে সোমবাৰে যোৰহাট কংগ্ৰেছ ভৱনত মহিলা কংগ্ৰেছৰ এক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীক সমালোচনা কৰি এই মন্তব্য প্ৰকাশ কৰে ৷

"হিমন্ত বিশ্ব শৰ্মাৰ কামেই হৈছে ইটোৰ লগত সিটোক লগোৱা, ভঙা পতা ৰাজনীতিৰ খনিকৰ হিমন্ত বিশ্ব শৰ্মা ৷ হিমন্ত বিশ্ব শৰ্মাৰ কথা কংগ্ৰেছে তিলমাত্ৰও জ্ঞান কৰা নাই ৷ যদি তিনি গগৈৰ ভয়ত তেওঁলোকে কম্পমান হোৱাই নাই তেনেহ’লে 6 জনকৈ গগৈক ডাইচত বহুৱাব লগা কিয় হ’ল ?" মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন সোধে ৷

"বিজ্ঞাপন, চমকেৰে ৰাজ্য নচলে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে কেৱল চমক সৃষ্টি আৰু বিজ্ঞাপনৰ জড়িয়তে ৰাজ্য চলাইছে। এইখন ৰাজ্য চৰকাৰে এফালে চৰকাৰী বিদ্যালয় বন্ধ কৰিছে, ইয়াৰ বিপৰীতে কিন্তু দুই হাজাৰ মদৰ দোকানৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত লৈছে। এফালে ড্ৰাগছ মুক্ত অসম গঢ়াৰ বাবে বিভিন্ন পদক্ষেপ লৈছে, আনহাতে অলিয়ে গলিয়ে মদৰ দোকান খুলি সুৰাপায়ীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে সুৰাৰ ব্যৱসায়ৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰাত লিপ্ত হৈছে। লগতে শ্বপিং মলত সুৰা বিক্ৰীৰ ব্যৱস্থা কৰিছে। আনহাতে গাখীৰৰ দাম বৃদ্ধি কৰি ৰাইজক মাধমাৰ দিছে।" এই মন্তব্য প্ৰকাশ কৰে মীৰা বৰঠাকুৰে ৷

মীৰা বৰঠাকুৰে লগতে উল্লেখ কৰে যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে বিজেপি দলে অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকৰ মাজত বিভাজন আনিব বিচাৰিছে। থলুৱা লোকৰ সমষ্টি সমূহ বিলুপ্ত কৰি সকলোকে ভাগ ভাগ কৰিছে ৰাজ্য চৰকাৰে। এইখন চৰকাৰে স্মাৰ্ট মিটাৰৰ প্ৰয়োগৰ জৰিয়তে বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে। চৰকাৰে এতিয়া কৈছে যে, দিনত বিদ্যুৎৰ মাচুল হ্ৰাস হৈ থাকিব আৰু ৰাতি বিদ্যুতৰ মাচুল বৃদ্ধি হব। চৰকাৰে পুঁজিপতিৰ স্বাৰ্থত এই পদক্ষেপ লৈছে। কিয়নো দিনত সকলো উদ্যোগ চলি থাকে। আৰু সেইসমূহ সম্পূৰ্ণ পুঁজিপতিৰ কোম্পানী। ৰাজ্যত মূল্যবৃদ্ধিয়ে সকলোকে জুৰুলা কৰিছে, কিন্তু যোগান মন্ত্ৰীয়ে নাজানে মূল্যবৃদ্ধিৰ কথা। আমি দাবী জনাইছোঁ চৰকাৰে যাতে মূল্যবৃদ্ধি অতি শীঘ্ৰে ৰোধ কৰে ।

লগতে পঢ়ক:CM Himanta Biswa Sarma: তিনি গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated :Jul 3, 2023, 6:32 PM IST

ABOUT THE AUTHOR

...view details