অসম

assam

Main Culprit of Mob lynching dead : অনিমেষ ভূঞা হত্যাৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ মৃত্যু

By

Published : Dec 1, 2021, 7:40 AM IST

Updated : Dec 1, 2021, 8:39 AM IST

main-culprit-of-mob-lynching-dead-in-jorhat-road-accident
ক’লা ল’ৰাৰ মৃত্যু

মৃত্যু হৈছে(Main Culprit of Mob lynching dead) অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল নায়ক ক'লা ল'ৰা ওৰফে নীৰজ দাস ৷ এটা দুৰ্ঘটনাত নিহত হৈছে অভিযুক্তজনৰ ৷

যোৰহাট, 1 ডিচেম্বৰ : সোমবাৰে ভৰ দুপৰীয়া যোৰহাটৰ ৰাজপথত আছু নেতা অনিমেষ ভূঞাক গণপ্ৰহাৰ কৰিছিল(Mob lynching in Jorhat) এজাক উন্মাদ, বৰ্বৰ লোকে ৷ এই প্ৰহাৰৰ ফলতে মৃত্যু ঘটিছিল আছু নেতা গৰাকীৰ ৷ ইয়াৰ পিছৰে পৰা সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া ৷ ৰাজপথ, ছ’চিয়েল মিডিয়াত জোঁৱাৰ উঠিছিল দোষীক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ ৷

সদৌ অসম ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াই মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত যোৰহাটত অৱস্থান কৰি মঙলবাৰৰ দিনটোত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই গোচৰৰ তদন্তৰ ভাৰ অৰ্পণ কৰিছিল অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বত থকা জি পি সিঙক ৷

লগতে চাওক:Mob lynching in Jorhat : দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ দাবী কংগ্ৰেছৰ

তাৰপিছতে আৰক্ষীৰ জিন্মাত থকা অৱস্থাতে এক দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰে(Main Culprit of Mob lynching dead) অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাসে ৷ বুধবাৰে পুৱতি নিশা মাৰাথন জেৰাৰ অন্তত আৰক্ষীক ক’লা ল’ৰাই নিছিল চহৰখনত থকা ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ ৷ কিন্তু আদবাটতে সংঘটিত হৈছিল এক দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাৰ সময়তে ক’লা ল’ৰাই আৰক্ষীৰ জিন্মাৰ পৰা পলায়নৰ চেষ্টা চলায় যদিও পিছে পিছে আহি থকা আৰক্ষীৰ অইন এখন বাহনে খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আহত হৈছিল অভিযুক্তগৰাকী ৷

আৰক্ষীয়ে ততালিকে ক’লা ল’ৰাক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ এই দুৰ্ঘটনাত আহত হৈছে আৰক্ষীৰ কেইবাজনো লোক ৷ চিনামৰাৰ গাট্টানী ফেক্টৰীৰ সমীপত সংঘটিত দুৰ্ঘটনাটোৰ সম্পৰ্কত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে যোৰহাট আৰক্ষী ৷

লগতে চাওক:Mob Lynching in Jorhat: 13 অভিযুক্তক শাস্তি প্ৰদানৰ দাবীত উত্তপ্ত যোৰহাট সদৰ থানা

Last Updated :Dec 1, 2021, 8:39 AM IST

ABOUT THE AUTHOR

...view details