অসম

assam

যোৰহাটত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

By

Published : Oct 18, 2019, 10:11 AM IST

বৃহস্পতিবাৰে নিশা সৰু চৰাই চাহ বাগিচাত পিঞ্জিৰাবদ্ধ হয় নাহৰফুটুকী ৷ বিগত কেইবাদিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে ৷

যোৰহাটত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

যোৰহাট, 18 অক্টোবৰঃ যোৰহাটত নাহৰফুটুকী পিঞ্জৰাবদ্ধ ৷ বৃহস্পতিবাৰে নিশা সৰু চৰাই চাহ বাগিচাত পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকীটো ৷ বিগত কেইবাদিন ধৰি ধৰি নাহৰফুটুকীটোৱে হাঁহ, কুকুৰা, ছাগলী আদি খাই গাওঁবাসীৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ ফলত গাঁৱবাসীয়ে বন বিভাগক অৱগত কৰে আৰু বন বিভাগে নাহৰফুটুকীটো আৱদ্ধ কৰিবৰ বাবে বুধবাৰে পিঞ্জৰা স্থাপন কৰে ৷ বন বিভাগৰ লোকে জনোৱা মতে মতা নাহৰফুটুকীটোৰ বয়স প্ৰায় ৮ বছৰ ৷

যোৰহাটত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

উল্লেখ্য যে, সৰু চৰাই চাহ বাগিচা অঞ্চলত পূৰ্বৰে পৰা নাহৰফুটুকীটোৱে পোহনীয়া জীৱ জন্তু ভক্ষণ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে ৷

Intro:যোৰহাটত নাহৰফুটুকী পিঞ্জিৰাবদ্ধ*
Body:*যোৰহাটত নাহৰফুটুকী পিঞ্জিৰাবদ্ধ*

OCVO: যোৱা নিশা যোৰহাটৰ সৰু চৰাই চাহ বাগিচাত পিঞ্জিৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী। ঘটনাৰ বিবৰণি অনুসৰি বিগত কেইবা দিন ধৰি নাহৰফুটুকীটোৱে হাঁহ, কুকুৰা, ছাগলী আদি খাই গাওঁবাসীৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। পিচত গাওঁ বাসীয়ে বন বিভাগক অৱগত কৰে আৰু বন বিভাগে নাহৰফুটুকীটো আৱদ্ধ কৰিবৰ বাবে বুধবাৰে পিঞ্জৰা স্থাপন কৰে। যোৱা নিশা সন্ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকীটো পিঞ্জিৰাবদ্ধ হয়। বন বিভাগৰ লোকে জনোৱা মতে মতা নাহৰফুটুকীটোৰ বয়স প্ৰায় ৮ বছৰ মান হব।Conclusion:উল্লেখযোগ্য যে সৰু চৰাই চাহ বাগিচাৰ অঞ্চলত পূৰ্বতে নাহৰফুটুকী বাঘে পুহনীয়া জীৱ জন্তু ভক্ষণ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে।

ABOUT THE AUTHOR

...view details