অসম

assam

টীয়কত ১৫৪ সংখ্যক জন্মজয়ন্তীত জাতিৰ পিতাক স্মৰণ

By

Published : Oct 2, 2022, 3:07 PM IST

Gandhi Jayanti celebrated at Tiyak
টীয়কত ১৫৪ সংখ্যক জন্মজয়ন্তীত জাতিৰ পিতাক স্মৰণ ()

মহামানৱ মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্মজয়ন্তীত (Gandhi Jayanti celebrated at Tiyak) দেশবাসীয়ে জনাইছে শ্ৰদ্ধাঞ্জলি জাতিৰ পিতাগৰাকীক । মহাসপ্তমীৰ ব্যস্ততাৰ মাজতে সমগ্ৰ দেশৰ লগতে টীয়কৰ পিড়াকটাত গান্ধী জয়ন্তী উদযাপন কৰা হয় । ইয়াৰ সৈতে সংগতি ৰাখি বিশ্বশান্তি কামনাৰে এখনি মাৰথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

টীয়ক, ২ অক্টোবৰ: আজি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্মজয়ন্তী (Gandhi Jayanti celebrate at Tiyak)। সমগ্ৰ দেশে দেওবাৰে শ্ৰদ্ধাৰে সুঁৱৰিছে জাতিৰ পিতাক । ইপিনে, দুৰ্গা পূজাৰ আজি মহাসপ্তমী । মহাসপ্তমীৰ ব্যস্ততাৰ মাজতে সমগ্ৰ দেশৰ লগতে টীয়কৰ পিড়াকটাত গান্ধী জয়ন্তী উদযাপন কৰা হয় ।

টীয়কৰ সামাজিক অনুষ্ঠান চন্দনৰ উদ্যোগত তথা পিড়াকটাবাসী (Gandhi Jayanti celebrate at Pirakata in Tiyak) ৰাইজৰ সহযোগত বৃহত্তৰ টীয়কৰ খেলুৱৈসকলক লৈ বিশ্বশান্তি কামনাৰে এখনি মাৰথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । উক্ত দৌৰ প্ৰতিযোগিতাত অঞ্চলটোৰ শতাধিক ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

টীয়কত ১৫৪ সংখ্যক জন্মজয়ন্তীত জাতিৰ পিতাক স্মৰণ

উল্লেখ্য় যে, অসমৰ অন্যতম দৌৰবিদ চন্দন বুঢ়াগোঁগাইৰ নেতৃত্বত অনুস্থিত হোৱা তথা টীয়ক আৰক্ষী থানাৰ উপ পৰিদৰ্শক তথা যুৱ খেলুৱৈ দিপাংকৰ দলেয়ে শুভ উদ্বোধন কৰা এই প্ৰতিযোগিতাখনিয়ে গ্ৰাম্যাঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহ বিকশিত কৰি সমন্বয় তথা ভাতৃত্ববোধ গঢ়ি তুলিছে বুলি ৰাইজে মন্তব্য কৰিছে ।

প্ৰতি বছৰে ২ অক্টোবৰত গান্ধী জয়ন্তী (Mahatma Gandhis 154th birth anniversary) পালন কৰা হয়। ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত একত্ৰিতভাৱে পালন কৰা তিনিটা দিৱসৰ ভিতৰত গান্ধী জয়ন্তী অন্যতম ।

গান্ধী জয়ন্তীত ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ গান্ধী স্মৃতিক্ষেত্ৰ সমূহত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয় । নতুন দিল্লীৰ গান্ধীৰ সমাধি ক্ষেত্ৰ ৰাজঘাটত চৰকাৰীভাৱে এই দিৱস পালন কৰা হয় । প্ৰাৰ্থনা সভা,আলোচনা চক্ৰ, গান্ধী বিষয়ক বিভিন্ন প্ৰতিযোগিতা পাতি পুৰস্কাৰ বিতৰণ কৰা, বিভিন্ন জনকল্যাণ মূলক চৰকাৰী আঁচনিৰ শুভ উদ্বোধন কৰা ইত্যাদি এই দিৱসৰ প্ৰধান কাৰ্যসূচী । গান্ধী জয়ন্তীত বিভিন্ন দল-সংগঠনে বিভিন্ন ৰাজহুৱা স্থানত চাফাই অভিযানত অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক:লংকাত পূজা মণ্ডপ মুকলি কৰিলে বিধায়ক ৰামকৃষ্ণ ঘোষে

ABOUT THE AUTHOR

...view details