অসম

assam

অনিৰ্দিষ্ট কাললৈ বন্ধ নিমাতী ঘাট-মাজুলীৰ ফেৰী সেৱা

By

Published : Aug 28, 2021, 6:02 PM IST

ভদীয়া বানৰ কৱলত পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল । বহু ঠাইত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ । ফলত স্তব্ধ হৈ পৰিছে জল পৰিবহণ ব্যৱস্থা ।

Ferry service
অনিৰ্দিষ্ট কাললৈ বন্ধ নিমাতী ঘাট মাজুলীৰ ফেৰী সেৱা

যোৰহাট,২৮ আগষ্ট :ভাদ মাহৰ বানৰ (Flood) কৱলত এতিয়া ৰাজ্যৰ বিভিন্ন জিলা । বহু ঠাইত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । বানে বুৰাই পেলাইছে বহুলোকৰ ঘৰ, খেতি পথাৰ আদি ।

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ (Water level of Brahmaputra) বৃদ্ধিয়ে বহু জিলালৈ বিপদ মাতিছে । ইফালে প্ৰতিবছৰৰ দৰে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে বন্ধ কৰি দিয়া হৈছে বহু ঠাইৰ ফেৰী সেৱা (Ferry service) । বানৰ ফলত নদীদ্বীপ মাজুলীৰ সৈতেও একপ্ৰকাৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে কাৰণ নিমাতী ঘাটৰ পৰা মাজুলীলৈ ফেৰী সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে । সমগ্ৰ নিমাতী ঘাট (Neamati Ghat) এতিয়া পানীৰ তলত ।

অনিৰ্দিষ্ট কাললৈ বন্ধ নিমাতী ঘাট-মাজুলীৰ ফেৰী সেৱা

সমান্তৰালকৈ তাৰ ওচৰৰ বহু অঞ্চলো প্লাৱিত হৈ পৰিছে । সেয়ে যাত্ৰীসকলৰ নিৰাপত্তাৰ কথা চিন্তা কৰি আভ্যন্তৰীণ জল পৰিবহণ বিভাগ (Inland Water Transport Department) আৰু মাজুলী জিলা প্ৰশাসনে বন্ধ কৰিছে ফেৰী সেৱা । অৱশ্যে জলপৃষ্ঠ হ্ৰাস হ'লেই পুনৰ ফেৰী সেৱা মুকলি কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে জলসম্পদ বিভাগৰ বিষয়াই । ইফালে নিমাতী ঘাট-মাজুলীৰ ফেৰী সেৱা বন্ধ হোৱাত এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে মাজুলীৰ ৰাইজ ।

লক্ষণীয়ভাৱে গৰাখহনীয়াইও (Erosion) ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । নিমাতী ঘাটৰ এক বৃহৎ অঞ্চল এতিয়া গৰাখহনীয়াৰ কৱলত পৰিছে । যাৰ বাবে অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক আহ্বান জনাইছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক :মঙলদৈৰ ছাত্ৰ হৰ্ষিতৰ অভিলেখ

ABOUT THE AUTHOR

...view details