ETV Bharat / state

মঙলদৈৰ ছাত্ৰ হৰ্ষিতৰ অভিলেখ

author img

By

Published : Aug 28, 2021, 4:59 PM IST

India book of records
মঙলদৈৰ ছাত্ৰ হৰ্ষিতৰ অভিলেখ

পুনৰ দৰং জিলাৰ মঙলদৈৰ এগৰাকী ছাত্ৰই সন্মান আজুৰিবলৈ সক্ষম হৈছে । ছাত্ৰজনৰ প্ৰতিভা দেখি আচৰিত হৈছে বহু লোক । কেনেধৰণৰ প্ৰতিভাৰ বাবে ছাত্ৰজনে অভিলেখ গঢ়িলে ?

মঙলদৈ,২৮ আগষ্ট: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলিছে অসম সন্তান । অসাধাৰণ প্ৰতিভাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত (India Book Of Records) নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আন এগৰাকী অসমীয়াই । মাটিৰ চক পেঞ্চিল কাটি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি ইতিহাস সৃষ্টি কৰিছে মঙলদৈৰ এগৰাকী ছাত্ৰ হৰ্ষিত শৰ্মাই ।

কৰ'ণা (Corona) মহামাৰী আৰু আংশিক লকডাউনৰ (Mini Lockdown) সময়ত ঘৰত এনেই বহি নাথাকি নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছে হৰ্ষিত শৰ্মা । মঙলদৈৰ প্ৰফুল্ল নগৰৰ বাসিন্দা হৰ্ষিত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ । হৰ্ষিতে চক পেঞ্চিল কাটি আটাইতকৈ সৰু চকী,টেবুল নিৰ্মাণ কৰিছে । যাৰ জৰিয়তে তেওঁ নিজৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ।

মঙলদৈৰ ছাত্ৰ হৰ্ষিতৰ অভিলেখ

একমাত্ৰ পুত্ৰৰ এই সাফল্যক লৈ যথেষ্ট আনন্দিত পিতৃ জিতেন চন্দ্ৰ শৰ্মা আৰু মাতৃ ৰূপৰেখা দেৱী । উল্লেখ্য যে সৰুৰে পৰা ছবি আঁকি ভাল পোৱা হৰ্ষিতে লকডাউনৰ সময়চোৱাত পঢ়াৰ সমান্তৰালকৈ ব্যতিক্ৰমী চিত্ৰকলাৰ সৈতে সময় অতিবাহিত কৰিছিল । তাৰ মাজতে তেওঁ এই অসাধাৰণ প্ৰতিভা ৰাইজক দেখুৱাবলৈ সক্ষম হয় ।

তেওঁৰ প্ৰতিভাক লৈ ইতিমধ্যে বিভিন্ন মহলতো চৰ্চা হোৱা দেখা গৈছে । ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা হৰ্ষিতে প্ৰমাণপত্ৰ,উপহাৰ আদি লাভ কৰি যথেষ্ট আনন্দিত হৈ পৰিছে । জানিব পৰা মতে হৰ্ষিত শৰ্মাই এছিয়া বুক অৱ ৰেকৰ্ডছৰ (Asia Book Of Records) বাবেও আবেদন জনাইছে ।

লগতে পঢ়ক :ভদীয়া বানে বুৰালে ঐতিহাসিক ৰামখাপীঠ দেৱালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.