অসম

assam

যোৰহাটত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী

By

Published : Jun 22, 2022, 7:46 PM IST

অসমৰ বানপানী পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাৰ ওপৰত প্ৰশ্ন তুলিছে অসমৰ দল-সংগঠনে । যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (AJYCP protest at Jorhat )। অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনায় সংগঠনটোৱে ।

AJYCP
যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী

যোৰহাট,২২ জুন :বৰ্তমানেও ৰাজ্যৰ কেইবাখনো জিলাৰ লোকসকলে বানত ককবকাই আছে (Flood situation of Assam)। কিছু কিছু অঞ্চলত বানপানীৰ তাণ্ডৱ কমিছে যদিও আন কিছুমান স্থানত এতিয়াও বানৰ ভয়াৱহতা কমা নাই । বিগত দিন কেইটাত ৰাজ্যৰ কেইবা লক্ষাধিক লোক বানৰ কৱলত পৰিছে ।

ইতিমধ্যে যোৱা এপ্ৰিল মাহৰ পৰা ৰাজ্যত ৭০ গৰাকীৰো অধিক লোকৰ কেৱল বানপানীৰ ফলত মৃত্যু হৈছে । হাজাৰ হাজাৰ পশুধনৰ ক্ষতি হৈছে । কেইবাখনো গাঁও ইতিমধ্যে নৈৰ বুকুত বিলীন হৈছে ।

যোৰহাটত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী

এই বানপানীৰ সমস্যা কেৱল আজিৰ নহয় । প্ৰতিবছৰে এনেদৰে বানৰ কৱলত পৰে অসম । কিন্তু আজিলৈ অসমৰ এই সমস্যাক গুৰুত্ব সহকাৰে লোৱা নাই কেন্দ্ৰীয় চৰকাৰে । অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে প্ৰতিবছৰে দল-সংগঠনসমূহে দাবী উত্থাপন কৰি আহিছে যদিও আজিলৈ কোনো গুৰুত্ব দিয়া নাই ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে ।

যাৰ বাবে পুনৰ জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠনসমূহ (Protest over central government role in Assam floods)। বুধবাৰে যোৰহাটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP protest against central govt)। মানৱ শৃংখল কাৰ্যসূচীৰে উপায়ুক্তৰ কাৰ্যালয় উত্তাল কৰি তোলে সংগঠনটোৰ নেতাসকলে । সংগঠনটোৰ ক্ষোভ অসম আজি এনে পৰিস্থিতিৰ মাজত আছে যদিও দেশৰ প্ৰধানমন্ত্ৰীয়ে কেৱল ফোনতে মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি ৰাইজৰ খবৰ লৈছে ।

অষ্টলক্ষ্মী ৰাজ্য বুলি স্বীকৃতি দিয়া উত্তৰ-পূৱক প্ৰধানমন্ত্ৰী মোডীয়ে অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে । তেওঁলোকৰ মতে আন ৰাজ্যত বানপানী হ'লে চৰকাৰে বৃহৎ অনুদান আগবঢ়ায় । কিন্তু অসমৰ ক্ষেত্ৰত তেনে পদক্ষেপ নলয় কেন্দ্ৰীয় চৰকাৰে । অসমৰ বানপানীৰ সমস্যাক অতি শীঘ্ৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনায় সংগঠনটোৱে ।

লগতে পঢ়ক :Assam Flood 2022 : জলসম্পদ বিভাগৰ মথাউৰিত আশ্ৰয় ল'লে বানপীড়িতই

ABOUT THE AUTHOR

...view details