ETV Bharat / state

Assam Flood 2022 : জলসম্পদ বিভাগৰ মথাউৰিত আশ্ৰয় ল'লে বানপীড়িতই

author img

By

Published : Jun 22, 2022, 5:58 PM IST

ৰাজ্যজুৰি বানৰ সংহাৰ (Assam flood 2022)৷ এটুপি খোনাপানী আৰু পশুধনৰ সামগ্ৰীৰ বাবে বাবে হাহাকাৰ কৰিছে বন্যাৰ্তই (Food crisis in flood area)৷

Assam Flood 2022
Assam Flood 2022

ছয়গাঁও, 22 জুন : ৰাজ্যজুৰি অপৰিৱৰ্তিত বান পৰিস্থিতি (Assam Flood 2022 ) ৷ ৰাজ্যজুৰি বানৰ প্ৰকোপ বৃদ্ধি পোৱাত ছয়গাঁৱৰ গৰৈমাৰীত অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে (Flood in chayagaon) ৷ বান আৰু ভুমিস্খলনৰ কবলত পৰি গৃহহীন হৈছে গাঁৱৰ লোক ৷ উপায়ন্তৰ হৈ জলসম্পদ বিভাগৰ মথাউৰিত আশ্ৰয় লৈছে বানাক্ৰান্ত পৰিয়ালে (Flood victims take shelter in embankment )৷

অঞ্চলটোত বানৰ কবলত পৰি ইতিমধ্যে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ পানীত তল যোৱাৰ লগতে খহনীয়া আৰু বাঢ়নী পানীয়ে চাৰিটাকৈ বাসগৃহ উটুৱাই লৈ যায় ৷ এতিয়া অতি কষ্টৰে পশুধনৰ সৈতে মথাউৰিতে সহৱস্থান কৰিবলৈ বাধ্য হৈছে বানপীড়িত এলেকাৰ বাসিন্দাসকলে ।

জলসম্পদ বিভাগৰ মথাউৰিত আশ্ৰয় ল'লে বানপীড়িতই

ইফালে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰাও বানক্ৰান্ত অঞ্চলটোত উদ্ধাৰ অভিযানৰ বাবে কোনো লোক উপস্থিত হোৱাগৈ নাই ৷ বানাক্ৰান্ত অঞ্চলটোত চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা কোনো উদ্ধাৰ অভিযান চলোৱা নাই । সম্প্ৰতি বানপীড়িত অধিকাংশ লোকেই জলসম্পদ বিভাগৰ গুমি-নগৰবেৰা ই এণ্ড ডি মথাউৰিত আশ্ৰয় লবলগীয়া হৈছে ৷ ইফালে মথাউৰিত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত লোকসকলক খোৱা পানী আৰু পশুধনৰ খাদ্য নাটনিয়ে জ্বলাকলা খুৱাইছে ৷

বানাক্ৰান্তসকলে সাহাৰ্যটো দূৰৰেই কথা এতিয়ালৈ তেওঁলোকৰ খবৰ লবলৈও কোনো লোক উপস্থিত হোৱা নাই অঞ্চলটোত ৷

লগতে চাওক: বানৰ কৱলত এশিঙীয়া গঁড়ৰ আৱাসভূমি পবিতৰা অভয়াৰণ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.