অসম

assam

বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেবীক আদৰিবলৈ সাজু হোজাইবাসী

By

Published : Feb 4, 2022, 7:22 AM IST

ক'ভিড পৰিস্থিতিৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে সৰস্বতী পূজাৰ প্ৰস্তুতি (Saraswati puja preparation in Assam)। হোজাইৰ মৃন্ময় শিল্পীসকলো ব্যস্ত হৈ পৰিছে । অৱশ্যে সৰস্বতী পূজা পূৰ্বৰ দৰে আয়োজন হ'ব নে নাই তাকলৈ এতিয়াও চিন্তিত শিল্পীসকল ।

saraswati puja preparation at Hojai
বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেবীক আদৰিবলৈ সাজু হোজাইবাসী

হোজাই,4 ফেব্ৰুৱাৰী :সৰস্বতী পূজালৈ মাজত মাত্ৰ এটা দিন বাকী(Saraswati puja celebration) । ক'ভিড পৰিস্থিতিৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ প্ৰস্তুতি (Saraswati puja preparation in Assam)। ব্যস্ততাৰ অন্ত নাই মৃৎ শিল্পী সকলৰো । দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত ৰাজ্যৰ মৃৎ শিল্পী সকল (Makers preparing idol before Saraswati puja) ৷

বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেবীক আদৰিবলৈ সাজু হোজাইবাসী

হোজাই জিলাৰ লংকা চহৰৰ মৃৎশিল্পীৰ হাতৰ পৰশত প্ৰাণপাই উঠা মৃম্ময় মূৰ্ত্তিবোৰ বিগত বৰ্ষ সমূহৰ দৰে প্ৰতিমাৰ অৰ্ডাৰ পাবলৈ সক্ষম হোৱা নাই যদিয়ো ক'ভিড পৰিস্থিতি কিছু পৰিমাণে উন্নত হোৱাৰ বাবে বিদ্যালয় সমূহত সম্পূৰ্ণ কভিড নীতি মানি অনুষ্ঠুপীয়াকৈ পতাৰ বাবে (Saraswati puja preparation at Hojai ) আগ্ৰহ প্ৰকাশ কৰাত মৃৎশিল্পী সকলৰ মাজত কিছু আশাৰ ৰেঙণি ঘূৰি আহিছে বুলি জানিবলৈ দিয়ে মৃৎশিল্পী সকলে ।

হোজাই জিলাৰ ভিন্ন শিক্ষানুষ্ঠানত মৃন্ময় মূৰ্তি যোগান ধৰাৰ বাবে সাজু হৈছে মৃৎ শিল্পীসকল । যাৰ বাবে ৰং তুলিকাৰে বাগদেৱীৰ প্ৰতিমা আকৰ্ষণীয় কৰি তুলিছে । যাৰ বাবে ৰং তুলিকাৰে বাগদেৱীৰ প্ৰতিমা আকৰ্ষণীয় কৰি তুলিছে । কিন্তু ক'ভিড পৰিস্থিতিৰ বাবে এতিয়াও ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদান বন্ধ হৈ আছে(Schools are closed for covid situation) । সেয়ে বিদ্যালয়সমূহে এইবছৰ পূৰ্বৰ দৰে সৰস্বতী পূজাৰ আয়োজন কৰিব নে নাই তাক লৈ চিন্তিত শিল্পীসকল । অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰ মূৰ্তিও কমকৈ প্ৰস্তুত কৰিছে শিল্পীসকলে ।

লগতে পঢ়ক :Saraswati Puja preparation: সমাগত সৰস্বতী পূজা, প্ৰতিমাত শেষ পৰশ মৃৎ শিল্পীৰ

ABOUT THE AUTHOR

...view details