অসম

assam

দৈয়াংমুখৰ ৰেঞ্জাৰ বিলত সংঘটিত হত্যা কাণ্ডৰ বিৰুদ্ধে হোজাইত প্ৰতিবাদ

By

Published : Aug 28, 2021, 10:16 PM IST

হোজাইত ডিমাহাচাও সংঘটিত হোৱা নৃশংস হত্যা কাণ্ডৰ ঘটনাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে শতাধিক লোক ৷ অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে ৷

দৈয়াংমুখৰ ৰেঞ্জাৰ বিলত সংঘটিত হত্যা কাণ্ডৰ বিৰুদ্ধে হোজাইত প্ৰতিবাদ
দৈয়াংমুখৰ ৰেঞ্জাৰ বিলত সংঘটিত হত্যা কাণ্ডৰ বিৰুদ্ধে হোজাইত প্ৰতিবাদ

হোজাই,28 আগষ্ট: হোজাই জিলাৰ লংকাত ডিমা হাচাওৰ দৈয়াংমুখৰ ৰেঞ্জাৰ বিলত সংঘটিত হোৱা নৃশংস হত্যা কাণ্ডৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ স্থানীয় লোকৰ । নৃশংস হত্যা কাণ্ডটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ শনিবাৰে ৰাজপথলৈ ওলাই আহি পথ অৱৰোধ কৰিলে স্থানীয় সহস্ৰাধিক লোকে ।

ইপিনে এই জঘন্য ঘটনাটোৰ প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ নিজে নিজে ওলাই আহিছে শতাধিক স্থানীয় লোক ৷ তেওঁলোকৰ দাবী অতি শীঘ্ৰে অপৰাধীক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিব লাগে ৷ আনহাতে প্ৰতিবাদকাৰী সকলে ডিমা হাচাওলৈ অহা-যোৱা কৰা যানবাহনৰ চলাচলতো বাধা প্ৰদান কৰে । ইয়াৰ লগে লগে প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তাল কৰি তুলে ৷

দৈয়াংমুখৰ ৰেঞ্জাৰ বিলত সংঘটিত হত্যা কাণ্ডৰ বিৰুদ্ধে হোজাইত প্ৰতিবাদ

লগতে পঢ়কঃ কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে আক্ৰাছুৰ কলা পতাকা উৰুৱাই প্ৰতিবাদ

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নিশা প্ৰায় 9 বজাত উমৰাংছ’ৰ ডালমিয়া চিমেণ্টৰ পৰা লংকালৈ যোৱা পাঁচখনকৈ ট্ৰাকত গুলীচালনা কৰাৰ লগতে অগ্নিসংযোগ কৰিছিল সন্দেহযুক্ত ডিএনএলএ (DNLA)ৰ সদস্যই ৷ ডিমা হাছাওত সন্দেহযুক্ত উগ্ৰপন্থীয়ে যি বৰ্বৰ আক্ৰমণ চলালে, এই আক্ৰমণত প্ৰাণ হেৰুৱালে পাঁচগৰাকীকৈ নিৰীহ ট্ৰাক চালকে ৷ তাৰে চাৰিজন ট্ৰাক চালক আছিল হোজাই জিলাৰ ৷

আনহাতে এই ঘটনাৰ বুজ লোৱাৰ বাবে শুকুৰবাৰে ৰেঞ্জাৰবিলৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হয়গৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত । আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিব বুলি উল্লেখ কৰে ৷ তাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে দিয়ুংমুখত উপস্থিত হৈ ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিং আৰু নিৰাপত্তা বাহিনীৰ সৈতে এক বৈঠকত মিলিত হয় ৷

লগতে পঢ়কঃ অসম নগালেণ্ড সীমা সমস্যা : চৰাইদেউত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা

ABOUT THE AUTHOR

...view details