ETV Bharat / state

কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে আক্ৰাছুৰ কলা পতাকা উৰুৱাই প্ৰতিবাদ

author img

By

Published : Aug 28, 2021, 6:18 PM IST

কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে আক্ৰাছুৰ কলা পতাকা উৰুৱাই প্ৰতিবাদ
কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে আক্ৰাছুৰ কলা পতাকা উৰুৱাই প্ৰতিবাদ

পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আক্ৰাছুৱে ৷ 1949 চনৰ 28 আগষ্টতে স্বাক্ষৰিত চুক্তি আজিকোপতি ৰূপায়ন নকৰাৰ অভিযোগ উত্থাপন কৰিছে আক্ৰাছুৱে ৷ অতি শীঘ্ৰে কমতাপুৰক ৰাজ্যৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনাইছে ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷

বৰপেটাৰোড, 28 আগষ্ট: শনিবাৰে বৰপেটাৰোডত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কোচৰাজবংশী ছাত্ৰ-সন্থাই ৷ কোচৰাজবংশী ছাত্ৰ-সন্থা আৰু কোচৰাজবংশী মহিলা সমিতিৰ কৰ্মকৰ্তা সকলে কলা পতাকা উৰুৱাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজিৰ দিনটোক সংগঠনটোৱে প্ৰতাৰণাৰ দিন হিচাপে পালন কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

বপৰেটাৰোডৰ ষ্টেডিয়ামত কোচাৰাজবংশী ছাত্ৰ-সন্থাৰ বৰপেটা জিলা সমিতিৰ কৰ্মকৰ্তা সকলে কলা পতাকা উৰুৱাই ন এছটি ন ৰেষ্ট, উই ৱান্ট কমতাপুৰ, ন’ কমতাপুৰ ন‘ ৰেষ্ট , অসম চৰকাৰ গ’ বেক, কেন্দ্ৰীয় চৰকাৰ গ’ বেক, অসম চৰকাৰ মুৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ, আমাৰ ন্যায্য দাবী প্ৰদান কৰক আদি শ্ল’গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তুলিছে ৷

কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে আক্ৰাছুৰ কলা পতাকা উৰুৱাই প্ৰতিবাদ

লগতে পঢ়কঃ জনী আলীৰ ঘৰত ওপজা দিনৰ পাৰ্টীত কেক্, প্ৰীতিভোজৰ ঠাই ল’লে ড্ৰাগছে

প্ৰতিবাদী কাৰ্যসূচীত কলা পতাকা উৰুৱাই কোচৰাজবংশী ছাত্ৰ সন্থাৰ বৰপেটা জিলা সমিতিৰ সভাপতি অজয় বৰ্মনে কয়, দেশে স্বাধীন হোৱাৰ পাচতে 1949 চনৰ 28 আগষ্টত কমতাপুৰ কোচবিহাৰ ৰাজ্যৰ সেই সময়ৰ ৰজা ডগদ্বীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ আৰু ভাৰত চৰকাৰৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱহাৰলাল নেহেৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ সৈতে এক ঐতিহাসিক চুক্তিৰ জৰিয়েতে কোচ কমতাৰ অৱশিষ্ট অংশ কোচবিহাৰ ৰাজ্য ভাৰতৰ সৈতে চামিল হৈছিল ৷

উল্লেখযোগ্য যে, চুক্তিখনত স্পষ্টকৈ উল্লেখ আছিল যে, ভাৰতৰ সৈতে চামিল হলেও কোচবিহাৰ ভাৰতৰ ভিতৰতেই এখন সুকীয়া ৰাজ্য হিচাপে মৰ্যদা লাভ কৰিব ৷ কিন্তু আজিলৈকে সেই চুক্তি ৰূপায়ন কৰাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই ৷ যাৰ বিৰুদ্ধে দীৰ্ঘ দিনৰ পৰা সংগ্ৰাম কৰি আহিছে কোচৰাজবংশীৰ বিভিন্ন দল সংগঠনে ৷

আজিকোপতি সুফল লাভ কৰা নাই কোচৰাজবংশী লোক সকলে সেয়ে আজি এনেদৰে পুনৰ নিজৰ ন্যাৰ্য অধিকাৰ বিছাৰি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে সংগঠনটো ৷

লগতে পঢ়কঃ ক’ভিড প্ৰট’কল ভংগ কৰি প্ৰণীতা ৰেষ্টুৰেণ্টৰ চাহৰ জুতি ল’লে মন্ত্ৰী যোগেন মহনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.