অসম নগালেণ্ড সীমা সমস্যা : চৰাইদেউত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা

author img

By

Published : Aug 28, 2021, 7:16 PM IST

chief-secretary-of-assam-govt-at-charaideo-to-discuss-inter-state-border-issue

শনিবাৰে, চৰাইদেউত উপস্থিত হ'ল অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা ৷ অসম নাগালেণ্ড সীমান্ত(Assam Nagaland border)ত অৱস্থিত চৰাইদেউ জিলাৰ শেহতীয়া আন্ত:ৰাজ্যিক সীমান্ত সমস্যা পৰ্যালোচনাৰ বাবে এইদৰে জিলাখনত উপস্থিত হৈ জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হ’ল বৰুৱা ৷

মৰাণ, 28 আগষ্ট : শনিবাৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা( Chief secretary Jishnu Baruah)ই সোণাৰিস্থিত চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়(Charaideo DC office)ত উপস্থিত হৈ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে । এই বৈঠকত জল জীৱন মিছন(Jal jeevan mission), আন্তঃ ৰাজ্যিক সীমান্ত সমস্যা(inter state border issue)ৰ লগতে ক'ভিড পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে চৰাইদেউ জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগত ।

যিহেতু, অসম নগালেণ্ড সীমান্ত(Assam Nagaland border)ত অৱস্থিত চৰাইদেউ জিলাখনত শেহতীয়াকৈ চুবুৰীয়া ৰাজ্যখনৰ সৈতে সীমা সন্দৰ্ভত বহু কেইটা সমস্যা দেখিবলৈ পোৱা গৈছিল । এই সীমা সমস্যাক লৈ এতিয়া যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । সেই বাবেই চৰাইদেউ জিলা প্ৰশাসনৰ(Charaideo district administration) লগত সীমা সমস্যা(border dispute) সন্দৰ্ভত আলোচনা কৰিবলৈ ৰাজ্যচ ৰকাৰৰ মুখ্য সচিব গৰাকী এইদৰে চৰাইদেউত উপস্থিত হয় ।‌

অসম নগালেণ্ড সীমা সমস্যা : চৰাইদেউত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা

এই বৈঠকৰ পাছতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাজ্যৰ ক’ভিড পৰিস্থিতি সম্পৰ্কতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিষয়া গৰাকীয়ে ৷

অহা এক সপ্তাহৰ ভিতৰত ৰাজ্যৰ ক'ভিড পৰিস্থিতি(Covid situation in Assam) উন্নত হোৱাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে মুখ্য সচিব জিষ্ণু বৰুৱাই । আনহাতে প্ৰথম পৰ্যায়ত কলেজসমূহ খুলি দিয়াৰ লগতে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকলক ভেকচিন প্ৰদান( vaccination)ৰ লক্ষ্য আগত ৰখা হৈছে বুলিও তেওঁ মন্তব্য কৰে । ইয়াৰ লগতে সমান্তৰালভাৱে সমগ্ৰ অসমতে ছাত্ৰ-ছাত্ৰী সকলক ভেকচিন প্ৰদান কৰিবলৈ সজাগতা(vaccination awareness ) সৃষ্টি কৰা হ'ব বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক : অসমত আৰম্ভ হ'ল ভিষ্টাড'ম ৰে’ল সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.