অসম

assam

ৰাইজৰ দলক শুভেচ্ছা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

By

Published : Oct 5, 2020, 9:28 PM IST

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা সন্দৰ্ভত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে, তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে আৰু দোষীয়ে শাস্তি লাভ কৰিবই ৷

minister-sidhartha-wishes-to-new-political-party
ৰাইজৰ দলক শুভেচ্ছা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

হোজাই, 5 অক্টোবৰ: হোজাই শংকৰদেৱ নগৰত ভূমি পট্টা অনুষ্ঠানত উপস্থিত হৈ আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিস্ফোৰক মন্তব্য। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, "কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা তেওঁলোকে আনুষ্ঠানিক ভাবেহে প্ৰকাশ কৰিছে, কিন্তু তেওঁলোকৰ মিত্ৰতা পূৰ্বৰ পৰাই আছিল। বিগতো দিনটো তেওঁলোকে নিৰ্বাচনত মিলাপ্ৰীতিৰ মাজেৰে নিৰ্বাচনত অৱৰ্তীৰ্ণ হৈছিল । সেই মিত্ৰতাই ২০১৬ চনতেই বিজেপিক প্ৰভাৱ পেলাব পৰা নাই, ২০২১ চনতো যে প্ৰভাৱিত কৰিব পাৰিব সেইটো নাভাবো ।"

ৰাইজৰ দলক শুভেচ্ছা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

তদুপৰি ৰাইজৰ দল সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে, তেওঁলোকেও অসমৰ উন্নতি কৰিবলৈ আগবাঢ়ি আহিছে সেয়েহে তেওঁলোকলৈ শুভেচ্ছা থাকিল ৷ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা সন্দৰ্ভত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ে কয় যে, তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে আৰু দোষীয়ে শাস্তি লাভ কৰিবই ৷

লগতে পঢ়ক:ভূমিক কেন্দ্ৰ কৰি নগাঁৱৰ এখন নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details