অসম

assam

ক’ৰণামুক্ত হোৱাৰ দিশে হোজাই, ক'লে উপায়ুক্তই

By

Published : Dec 6, 2021, 7:36 PM IST

Updated : Dec 6, 2021, 7:56 PM IST

Hojai DC Anupam Choudhury Press meet
ক’ৰণামুক্ত হোৱাৰ দিশে হোজাই ()

ৰাজ্য চৰকাৰে প্ৰতিঘৰ লোকক ক’ভিড ভেকচিনেছন প্ৰদানৰ সপ্তাহজোৰা কাৰ্যসূচীৰে গ্ৰহণ কৰিছিল 'হৰ ঘৰ দস্তক' অভিযান(Har Ghar Dastak campaign in Assam)ৰ ৷ এই অভিযানৰ অধীনত ২৯ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ এলেকা সামৰি একলাখ লোকক ক’ভিড ভেকচিনেছন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ৷ দেওবাৰে এই অভিযান সামৰণি পৰাৰ পাছত সোমবাৰে হোজাই জিলা উপায়ুক্তই এক সংবাদমেলৰ আয়োজন কৰি জিলাখনৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত জানিবলৈ দিয়ে ৷

হোজাই, 6 নৱেম্বৰ :হোজাই জিলাত মাত্ৰ তিনিগৰাকী ক’ভিড ৰোগী আছে ৷ এই তিনিগৰাকী আৰোগ্য হ’লে আৰু নতুনকৈ সংক্ৰমণ নহ’লে হোজাই জিলা ১০০% ক’ৰণা মুক্ত জিলা হ’ব ৷ এই মন্তব্য হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰী(Hojai DC Anupam Choudhury)ৰ ৷ হোজাই জিলা আৱৰ্ত ভৱনত সোমবাৰে 'হৰ ঘৰ দস্তক'(Har Ghar Dastak campaign in Hojai) সন্দৰ্ভত জিলা উপায়ুক্তই এখন সংবাদমেল আয়োজন কৰে ৷

হোজাই জিলা উপায়ুক্তৰ সংবাদমেল

সংবাদমেলত উপায়ুক্তগৰাকীয়ে সদৰি কৰা মতে, হোজাই জিলাত প্ৰথম পৰ্যায়ত ৬ লাখ ৩৪ হাজাৰ ৭৫৭ আৰু দ্বিতীয় পৰ্যায়ত ৪ লাখ ৫১ হাজাৰ ৪৬৪ গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে ৷ সেই অনুসৰি জিলাখনত প্ৰথম আৰু দ্বিতীয় পালি মিলাই মুঠ ১০,৮৬,২২১ গৰাকী লোকক ক’ভিড ভেকচিন দিয়া হৈছে ৷ বৰ্তমান হোজাই জিলাত মাত্ৰ ৩ গৰাকী লোক ক’ভিড আক্ৰান্ত হৈ আছে ৷

দুই এদিনতে এই তিনিগৰাকী ৰোগী আৰোগ্য হৈ উঠিব আৰু নতুনকৈ সংক্ৰমণ নহ’লে হোজাই জিলাখন সম্পূৰ্ণ ক’ভিডমুক্ত জিলা হিচাপে চিহ্নিত হ'ব বুলি উপায়ুক্ত অনুপম চৌধুৰীয়ে সদৰি কৰে ৷

হোজাই জিলাত হৰ ঘৰ দস্তক অভিযানৰ (Har Ghar Dastak campaign in Hojai) অধীনত ২৯ নৱেম্বৰ পৰা ৫ ডিচেম্বৰলৈ প্ৰায় ১০ হাজাৰ লোকক ভেকচিন দিয়া হৈছে বুলি সংবাদমেলত উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷ সংবাদমেলত অসম চৰকাৰৰ শ্ৰম বিভাগৰ সচিব মৃদুল কুমাৰ মহন্ত, উপায়ুক্ত অনুপম চৌধুৰী আৰু জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ উপস্থিত থাকে ৷

লগতে পঢ়ক :Har Ghar Dastak: ডিমা হাছাওৰ 7 খন গাঁৱত ভেকচিন লোৱা লোকৰ হাৰ শূন্য

Last Updated :Dec 6, 2021, 7:56 PM IST

ABOUT THE AUTHOR

...view details