Har Ghar Dastak: ডিমা হাছাওৰ 7 খন গাঁৱত ভেকচিন লোৱা লোকৰ হাৰ শূন্য

author img

By

Published : Dec 2, 2021, 8:23 PM IST

har-ghar-dastak-vaccinating-campaign-launched-in-dima-hasao

ৰাজ্যত এশ শতাংশ ক’ভিড ভেকচিন প্ৰদানৰ বাবে চৰকাৰ তথা প্ৰশাসনে আৰম্ভ কৰিছে ‘হৰ ঘৰ দস্তক’ অভিযান(Har Ghar Dastak mission in Assam) ৷ এই অভিযান সফল কৰি তোলাৰ বাবে প্ৰতিখন জিলাতে উপায়ুক্ত আৰু মহকুমাধিপতিৰ উপস্থিতিত বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে স্বাস্থ্যকৰ্মীৰ লগত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ এলেকাৰ লোকৰ ঘৰলৈ গৈ প্ৰদান কৰিছে ক’ভিড প্ৰতিষেধক ৷ কোনো কোনো স্থানত প্ৰতিষেধকৰ প্ৰতি থকা জনতাৰ ভয়ে প্ৰশাসনৰ লোকক দোধোৰমোধোৰত পেলোৱাৰ লগতে আমোদৰ খোৰাকো যোগাইছে ৷

ডিমা হাছাও, 2 ডিচেম্বৰ : ক’ভিড 19 ৰ নতুন ভেৰিয়েন্ট অমিক্ৰণ(Omicron Variant of Corona)ক লৈ সমগ্ৰ বিশ্ব আতংকিত হৈ থকাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতসহ বিশ্বৰ আটাইকেইখন দেশক সতৰ্ক কৰি দিছে । ভাৰতত কেন্দ্ৰীয় চৰকাৰে ক’ভিড 19ৰ নতুন ভেৰিয়েন্ট লৈ বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে 1 ডিচেম্বৰৰ পৰা নতুন ক’ভিড নিৰ্দেশনা জাৰি কৰিছে । অসমত এই অমিক্ৰণ ভেৰিয়েন্টৰ পৰা ৰক্ষা পাবলৈ ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগে হৰ ঘৰ দস্তক কাৰ্যসূচী(Har Ghar Dastak campaign)ৰ অধীনত গোটেই ৰাজ্যত 100 শতাংশ লোকক ভেকচিন প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে ।

ডিমা হাছাও জিলাতো প্ৰশাসনৰ উদ্যোগত আৰম্ভ কৰা হৈছে হৰ ঘৰ দস্তক কাৰ্যসূচী(har ghar dastak vaccinating campaign launched in dima hasao)ৰ । ডিমা হাছাও জিলাৰ কিছুমান প্ৰান্তীয় গাঁৱত মানুহে উৰা বাতৰিত আতংকিত হৈ ভেকচিন লোৱাত অনীহা প্ৰকাশ কৰিছে । এনে উৰা বাতৰিৰ ফলত জিলাখনৰ সাতখনত গাঁৱত ক’ভিড 19 ৰ ভেকচিন লোৱা লোকৰ হাৰ শূন্য শতাংশ । যাৰ বাবে বৃহস্পতিবাৰে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দিপালি বৰ্মন আৰু স্বাস্থ্য বিভাগৰ দলৰ লগত দুখন নগা গাঁৱত উপস্থিত হয় ৷

স্বাস্থ্য বিভাগৰ দলটোৱে গাঁওখনৰ চাৰ্চ লিডাৰ আৰু গাঁওবাসীৰ লগত ভেকচিনৰ লোৱাৰ প্ৰয়োজনীয়তা লৈ আলোচনা কৰাৰ লগতে যি কোনো উৰা বাতৰিত ভোল নাযাবলৈ পৰামৰ্শ আগবঢ়াই ক’ভিড 19 ৰ ভেকচিন লোৱাৰ বাবে আহ্বান জনায় ৷ স্বাস্থ্য বিভাগৰ দলটোৰ লগত আলোচনা কৰাৰ পাছতেই গাঁৱবাসীয়ে ভেকচিন ল’বলৈ মান্তি হয় আৰু দুয়োখন গাঁৱৰ মুঠ 22 গৰাকী লোকে ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰে ।

লগতে পঢ়ক : কলিয়াবৰত ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ গৈ প্ৰশাসনৰ লোকৰ অথন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.