অসম

assam

সাৱধান ! বনভোজকাৰীৰ বাহনত চকু পৰিছে প্ৰশাসনৰ

By

Published : Jan 2, 2022, 9:42 AM IST

prevent accidents
দুৰ্ঘটনা ৰোধৰ বাবে বনভোজ গাড়ীৰ ওপৰত চোকা দৃষ্টি হোজাই জিলা প্ৰশাসনৰ ()

দুৰ্ঘটনা ৰোধৰ বাবে মাৰ বান্ধি থিয় দিছে ৰাজ্য চৰকাৰ ৷ জিলাই জিলাই আৰক্ষীৰ চকু যান-বাহন আইন উলংঘাকাৰীলৈ ৷ শনিবাৰৰে পৰা বনভোজকাৰী দলৰ বাহনত শেনচকু ৰখাৰ সিদ্ধান্ত লৈছে হোজাই প্ৰশাসনে (Hojai administration keeping sharp eyes on picnic vehicles) ৷

হোজাই, 2 জানুৱাৰী : হোজাই জিলা প্ৰশাসনে বনভোজৰ গাড়ীলৈ দিছে শেনচকু (Hojai administration keeping sharp eyes on picnic vehicles) ৷ বছৰৰ আৰম্ভণিতে কোনেও যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই আৰক্ষীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷

হোজাই জিলাৰ এনফ’ৰ্চমেণ্ট বিষয়াই লংকা আৰক্ষীৰ সহযোগত স্থানীয় বাছ আস্থানত শনিবাৰে নিশা চলাই অভিযান ৷ বিশেষকৈ ডিমা হাছাও পাৰ্বত্য জিলাৰ পৰা নগাঁও অভিমুখে অহা সৰু-বৰ বনভোজৰ বাহনসমূহৰ চালকসকলে সুৰা সেৱন কৰিছেনে নাই, সেই বিষয়ে নিৰীক্ষণ কৰে হোজাই প্ৰশাসনে ৷

দুৰ্ঘটনা ৰোধৰ বাবে বনভোজ গাড়ীৰ ওপৰত চোকা দৃষ্টি হোজাই জিলা প্ৰশাসনৰ

উল্লেখ্য যে, এই সময়ত ডিমা হাচাও জিলাৰ উকা আৰু পানীমূৰ নামৰ দুই বনভোজস্থলীলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ খাবলৈ অহা দলৰ সমাগম হয় ৷ সেয়েহে বনভোজস্থলীত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ নিৰ্দেশনামৰ্মে হোজাইত আৰক্ষীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷

তাৰ লগে লগে বাইকত অহা আৰোহীৰ হেলমেটৰ লগতে বাইক-স্কুটীৰ নথিপত্ৰ নিৰীক্ষণ কৰে আৰক্ষীৰ দলটোৱে ৷ বাইকৰ দৰে অন্যান্য দুচকীয়া বাহনত অহা হেলমেটবিহীন লোকসকলকো আৰক্ষীয়ে বিহিলে জৰিমনা ৷

লগতে চাওক :৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত সংঘটিত হ'ল ১০৭ টা পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details