৩১ ডিচম্বৰৰ নিশা ৰাজ্যত সংঘটিত হ'ল ১০৭ টা পথ দুৰ্ঘটনা

author img

By

Published : Jan 1, 2022, 10:02 PM IST

number-of-road-accidents-in-assam-on-31st-december

৩১ ডিচেম্বৰৰ নিশা ১১.৫৯ বজালৈ মৃত্যুঞ্জয়-১০৮ সেৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ১০৭ টা পথ দুৰ্ঘটনাৰ ক্ষেত্রত সেৱা আগবঢ়ায় ( Road accidents in Assam on 31st december)। অৰ্থাৎ মৃত্যুঞ্জয় সেৱাত পঞ্জীয়নভুক্ত হোৱা এই সংখ্যাৰ উপৰি বহু দুৰ্ঘটনা ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত সংঘটিত হৈছে। চৰকাৰী ব্যাপক তৎপৰতাৰ পাছতো ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত বহু দুৰ্ঘটনা সংঘটিত হ'ল। জানো আহক ক’ত কিমান দুৰ্ঘটনা সংঘটিত হ’ল যোৱাটো বছৰৰ শেষ দিনটোত ৷

গুৱাহাটী, ১ জানুৱাৰী : নৱবৰ্ষ উদযানৰ নামত ৰাজপথত যাতে কোনোধৰণৰ উদ্ভণ্ডালি নহয় তাৰবাবে আৰক্ষী-প্ৰশাসনে ব্যাপক অভিযান চলোৱাৰ পাছতো ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত সংঘটিত হ'ল ১০৭ টাকৈ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাৰ এই সংখ্যা মৃত্যুঞ্জয়-১০৮ সেৱাৰ। উল্লেখ্যে যে ৩১ ডিচেম্বৰৰ নিশা ১১.৫৯ বজালৈ মৃত্যুঞ্জয়-১০৮ সেৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ১০৭ টা পথ দুৰ্ঘটনাৰ ক্ষেত্রত সেৱা আগবঢ়ায় । অৰ্থাৎ মৃত্যুঞ্জয় সেৱাত পঞ্জীয়নভুক্ত হোৱা এই সংখ্যাৰ উপৰি বহু দুৰ্ঘটনা ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত সংঘটিত হৈছে ।

চৰকাৰী বিভাগ সমূহৰ ব্যাপক তৎপৰতাৰ পাছতো ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত বহু দুৰ্ঘটনা সংঘটিত হ'ল (Road accidents in Assam on 31st december । অৱশ্যে বিগত বৰ্ষৰ তুলনাত এইবাৰ হতাহতৰ হাৰ হ্ৰাস পাইছে । মৃত্যুঞ্জয় সেৱাৰ তথ্য মতে ৩১ ডিচেম্বৰৰ নিশা ১১.৫৯ বজালৈ ৰাজ্যৰ শোণিতপুৰ জিলাত সৰ্বাধিক ১৩ টা পথ দুৰ্ঘটনা সংঘটিত হয় । ইয়াৰ বিপৰীতে বৰপেটাত ৯ টা, ধেমাজি, গোলাঘাট, কামৰূপ, কামৰূপ মহানগৰ আৰু নলবাৰী জিলাত ৭ টাকৈ, ধুবুৰীত ৬ টা, গোৱালপাৰা, লখিমপুৰ, মৰিগাঁও আৰু নগাঁও জিলাত ৫ টাকৈ, কাছাৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাত ৪ টাকৈ, দৰং, ডিব্ৰুগড় আৰু কোকৰাঝাৰ জিলাত ২ টাকৈ, বাক্সা, বঙাইগাঁও, হাইলাকান্দি, মাজুলী আৰু শিৱসাগৰ জিলাত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হয় ।

বিগত বৰ্ষৰ তুলনাত এইবাৰ দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট বৃদ্ধি পালে( Number accident of raised in 31st december ) । বিগত বৰ্ষত ৯০ টা দুৰ্ঘটনা সংঘটিত হৈছিল । উল্লেখ্য যে মৃত্যুঞ্জয়-১০৮ সেৱাৰ তথ্য মতে, বিগত বৰ্ষৰ পহিলা জানুৱাৰীৰ দিনা ৰাজ্যখনত ১৭৫ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল ।

আনহাতে ২০২০ চনৰ ৩১ ডিচেম্বৰৰ নিশা ৯০ টা, ২০২০ চনৰ ১ জানুৱাৰীৰ দিনা ১৯৩ টা, ২০১৯ চনৰ ৩১ ডিচেম্বৰৰ নিশা ১২৩ টা, ২০১৯ চনৰ ১ জানুৱাৰীৰ দিনা ৮৪ টা, ২০১৮ চনৰ ৩১ ডিচেম্বৰৰ নিশা ৫৬ টা, ২০১৮ চনৰ ১ জানুৱাৰীৰ দিনা ১৪৩ টা আৰু ২০১৭ চনৰ ৩১ ডিচেম্বৰৰ নিশা ৮৮ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল । লক্ষণীয় বিষয় যে এইবাৰ পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল ।

মুখ্যমন্ত্রীৰ কঠোৰ নিৰ্দেশ পালন কৰি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যজুৰি আৰক্ষী-প্ৰশাসনে ৩১ ডিচেম্বৰৰ নিশা ব্যাপক অভিযান চলাইছিল। নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে জৰিমনা বিহাৰ লগতে লকআপত ৰখাৰ ব্যৱস্থা কৰা হৈছিল । এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো মৃত্যুঞ্জয় সেৱাত পঞ্জীয়ন হয় ১০৭ টা পথ দুৰ্ঘটনাৰ ঘটনা। অৱশ্যে এই সংখ্যা নিশা ১১.৫৯ বজালৈ। এনে ক্ষেত্ৰত যথেষ্ট বেছি হ'ব গোটেই নিশাৰ দুৰ্ঘটনাৰ ঘটনাৰ সংখ্যা ।

লগতে পঢ়ক : PSO সন্দৰ্ভত শনিবাৰে কেবিনেটে ললে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.