অসম

assam

Lumding reserve forest Eviction : নজৰুলৰ ভয়ত এবছৰে পৰিয়ালক এৰি পলাই আছে আব্দুল কালাম

By

Published : Nov 13, 2021, 1:47 PM IST

ধনৰ বাবদ লামডিং সংৰক্ষিত বনাঞ্চল(Lumding reserve forest)ৰ ভূমিত বেদখলকাৰীক সংস্থাপন দিছিল নজৰুলে(Najrul) । এতিয়া এনে বেদখলকাৰীয়েই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নজৰুলৰ বিৰুদ্ধে । আব্দুল কালাম নামৰ এজন লোকৰ অভিযোগ অনুসৰি, নজৰুলে প্ৰাণে মৰাৰ ভয়ত তেওঁ এবছৰ ধৰি নিজৰ পৰিয়ালৰ পৰা আঁতৰি আছে ।

Complaint agaainst land mafia Najrul in Hojai
নজৰুলৰ ভয়ত এবছৰে নিজৰ পৰিয়াল এৰি পলাই আছে আব্দুল কালাম

হোজাই, ১৩ নৱেম্বৰ: লামডিং সংৰক্ষিত বনাঞ্চল(Lumding reserve forest)ত উচ্ছেদ অভিযান(Eviction) অব্যাহত থকাৰ সময়তে আন এক বিষয় চৰ্চালৈ আহিছে । বনাঞ্চলখনত বেদখলকাৰীয়ে খোপনি পোতাৰ আঁৰত নজৰুল নামৰ এজন লোক থকাৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি, বনাঞ্চলখন পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছিল নজৰুলে । মোটা অংকৰ ধনৰ বিনিময়ত বহু পৰিয়ালক বনাঞ্চলত থকাৰ আৰু খেতি কৰাৰ সুবিধা কৰি দিছিল ।

কিন্তু ধনৰ বাবদ বনাঞ্চলৰ মাটি লোৱা কমৰপানীৰ এজন বেদখলকাৰীয়েই এতিয়া নজৰুলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে । আব্দুল কালাম(Abdul kalam) নামৰ লোকজনৰ মতে, নজৰুলে প্ৰাণে মৰাৰ ভয়ত বিগতে এটা বছৰে তেওঁ নিজৰ পৰিয়ালক এৰি পলাই আছে । তেওঁৰ মতে, ধনৰ বিনিময়ত কামপুৰৰ কছুৱাৰ চেঙাজানৰ বাটামাৰীৰ পৰা আব্দুল কালামক আনি কমৰপানীত মাটি দি থকাৰ ব্যৱস্থা কৰি দিছিল নজৰুলে ।

Lumding reserve forest Eviction : নজৰুলৰ ভয়ত এবছৰে পৰিয়ালক এৰি পলাই আছে আব্দুল কালাম

আব্দুল কালামৰ ভাষ্য অনুসৰি নজৰুলৰ পুৰণি ঘৰ কামপুৰৰ বাটামাৰীত । কামপুৰৰ বাটামাৰীতো নজৰুলে ধন(MONEY)ৰ বিনিময়ত চৰকাৰী মাটি(Government Land)ত মানুহক থাকিবলৈ দিয়াৰ অভিযোগ উত্থাপন কৰিছে আব্দুল কালামে । বাটামাৰীত আব্দুল কালাম আৰু নজৰুল আছিল চুবুৰীয়া ।

মাটিৰ খেলিমেলিৰ বাবে বাটামাৰীত ৰাইজৰ ৰোষত পৰাত নজৰুলে ভূ-মাফিয়াৰ একেই পথ বাচি লৈ লামডিং বনাঞ্চলত চলাই গৈছিল এই ব্যৱসায় । কিন্তু ২০২০ চনত পূৰ্বে আব্দুল কালামে লামডিং বনাঞ্চলৰ মাটি বেদখল কৰা সন্দৰ্ভত নজৰুলে বনাঞ্চলৰ মাটি দিছিল বুলি সংবাদ মাধ্যমৰ আগত সাক্ষাৎকাৰ দিয়াত নজৰুল আৰু তেওঁৰ গুণ্ডা বাহিনীয়ে আব্দুল কালামক মাৰপিট কৰে । তেওঁ অভিযোগ অনুসৰি, নজৰুলৰ গুণ্ডা বাহিনীয়ে আব্দুল কালামক কমৰপানীৰ পৰা খেদি পঠিয়াইছিল । ইয়াৰ পাচতে প্ৰাণৰ ভয়ত এবছৰ ধৰি পলাই আছে আব্দুল কালাম ।

তেওঁ ডিমাপুৰত থকা জীয়ৰীৰ ঘৰত আশ্ৰয় লৈ আছিল বুলি জানিবলৈ দিছে । ২০২০ চনত নজৰুলে প্ৰহাৰ কৰাৰ পাচত নখুঁটী আৰক্ষী চকীত নজৰুলৰ বিৰুদ্ধে আব্দুলে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে আব্দুলে । কিন্তু বনাঞ্চলখনত উচ্ছেদ অভিযান চলাৰ খবৰ সংবাদ মাধ্যমযোগে লাভ কৰাৰ পাচতে তেওঁ লংকালৈ আহে ।

কমৰপানীৰ উচ্ছেদিত লোকসকলে অস্থায়ীভাৱে থকা শিবিৰসমূহলৈ নজৰুলৰ ভয়ত নিজে যাব নোৱাৰি আব্দুল কালামে নিজ পত্নীক আৰু পৰিয়ালক বিচাৰিবলৈ জীয়েকক পঠায় । কিন্তু তেওঁৰ কন্যায়ো এতিয়া উভতি অহা নাই । আব্দুল কালামে নিজৰ পৰিয়ালটো নজৰুলৰ নিয়ন্ত্রণত থকাৰ অভিযোগ উত্থাপন কৰিছে ।

উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে আব্দুল কালাম । এতিয়া এই সন্দৰ্ভত ভূ-মাফিয়া নজৰুলৰ বিৰুদ্ধে হোজাই আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । কাৰণ বৰ্তমানলৈকে মুখ্যমন্ত্রীয়ে নজৰুলক আটক কৰা সন্দৰ্ভত নিৰ্দেশ দিয়াৰ পিছতো বৰ্তমানলৈকে আৰক্ষীয়ে আটক কৰিব পৰা নাই ভূ-মাফিয়া নজৰুলক ।

লগতে পঢ়ক:Well done haibargaon police : হস্তনিৰ্মিত পিষ্টল সহ পাঁচজনীয়া ডকাইতৰ দল আটক

ABOUT THE AUTHOR

...view details