অসম

assam

হাইলাকান্দিত অগপৰ নিৰ্বাচনী তৎপৰতা

By

Published : Feb 28, 2021, 12:15 PM IST

হাইলাকান্দিত অগপৰ নিৰ্বাচনী তৎপৰতা

শনিবাৰে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ মোহনপুৰত এখন বিশাল জনসভা আয়োজন কৰে অগপই ৷ উক্ত সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনীল ডেকাৰ লগতে প্ৰাক্তন মন্ত্ৰী নুৰুল মজুমদাৰ ।

হাইলাকান্দি,28 ফেব্ৰুৱাৰী: ৰাজ্যত সমাগত বিধানসভাৰ নিৰ্বাচন ৷ ইতিমধ্যে নিৰ্বাচন আয়োগে ৰাজ্যত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে ৷ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী কুজ-কাৱাজ আৰম্ভ কৰিছে ৷ শনিবাৰে হাইলাকান্দিৰ আলগাপুৰ সমষ্টিৰ মোহনপুৰত এখন বিশাল জনসভা আয়োজন কৰে অগপই ৷ উক্ত সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনীল ডেকাৰ লগতে প্ৰাক্তন মন্ত্ৰী নুৰুল মজুমদাৰ ।

হাইলাকান্দিত অগপৰ নিৰ্বাচনী তৎপৰতা

ইপিনে দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনীল ডেকাই ভাষণ প্ৰদান কৰি কয় যে, আলগাপুৰৰ বিধায়ক গৰাকী দুৰ্নীতিবাজ বিধায়ক ৷ বিগত ৫ বছৰে সমষ্টিটোত একো উন্নয়ন নকৰিলে ৷ লগতে তেওঁ কয় যে, ২০২১ ত পুনৰ ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ’ব ৷ সেইবাবেই সমষ্টিটোৰ ৰাইজক চৰকাৰ থকা বিধায়ক দিছপুৰলৈ পঠাবলৈ আলগাপুৰৰ ৰাইজক আহ্বান জনাইছে ।

একেদৰে নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলৰ প্ৰসংগত নেতা গৰাকীয়ে কয় যে, তেওঁলোকৰ ৰাজনীতিত অভিজ্ঞতা নাই ৷ প্ৰথমে 15-20 বছৰ ৰাজনীতি কৰি লওঁক, তাৰ পিছতহে চৰকাৰ গঠন কৰিবলৈ চিন্তা কৰিব ৷ আনহাতে এইবাৰ বৰাকত প্ৰায় ৫ টা সমষ্টিতে অগপ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি সুনীল ডেকাই সদৰী কৰে ।

লগতে পঢ়কঃ "মহাজোঁট"ত চামিল হ'ব বিপিএফঃ টুইট যোগে ঘোষণা হাগ্ৰামাৰ

ABOUT THE AUTHOR

...view details