অসম

assam

সংবাদ মাধ্যমেহে কংগ্ৰেছ-AIUDF ক জীয়াই ৰাখিছে: মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

By

Published : Sep 26, 2022, 6:40 PM IST

সংবাদ মাধ্যমেহে কংগ্ৰেছ আৰু AIUDFক জীয়াই ৰাখিছে: মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
সংবাদ মাধ্যমেহে কংগ্ৰেছ আৰু AIUDFক জীয়াই ৰাখিছে: মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ()

Land Bank ৰ নাম ভূপেন বৰাই শুনাই নাই ৷ AIUDF আৰু কংগ্ৰেছক সংবাদ মাধ্যমেহে জীয়াই ৰাখিছে ৷ কাজিৰঙাত অনুষ্ঠিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Ranjeet Kumar Dass) ৷

গোলাঘাট, 26 ছেপ্টেম্বৰ: AIUDF আৰু কংগ্ৰেছক সংবাদ মাধ্যমেহে জীয়াই ৰাখিছে ৷ অসমত কেৱল গোৱালপাৰা, ধুবুৰীৰ ৰাইজেহে থিৰাং কৰে যে কংগ্ৰেছ থাকিব নে AIUDF ৷ প্ৰিয়ংকা গান্ধীৰ ভাৰত জোড়ো আন্দোলন বিজেপি বাবে প্ৰত্যাহ্বান নহয় ৷ কাজিৰঙাত অনুষ্ঠিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

উল্লেখ্য যে, 25 ছেপ্টেম্বৰৰ পৰা কাজিৰঙাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় চিন্তন শিবিৰ (Chintan Shivir at Kaziranga)৷ ৰাজ্যখনক বিভিন্ন দিশত আগুৱাই নিয়াৰ উদ্দেশ্য আয়োজন কৰা এই শিবিৰলৈ নিমন্ত্ৰণ জনোৱা হয় দেশৰ বহু গুণী-জ্ঞানীৰ লগতে বিভিন্ন ৰাজ্যৰ বিষয়াক ৷ নিমন্ত্ৰিত লোকসকলৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰি আগন্তুক দিনত ৰাজ্যখনক উন্নতিৰ দিশত আগুৱাই নিয়াৰ চেষ্টা কৰিছে ৰাজ্য চৰকাৰে ৷

ইয়াকে লৈ বিৰোধীৰ অৱতাৰণা কৰিছে বিভিন্ন প্ৰশ্নৰ ৷ বিৰোধীৰ মতে এই চিন্তন শিবিৰৰ জৰিয়তে পুনৰ ক’ত ক’ত কৰ আৰোপ কৰিব পাৰি তাৰেই চিন্তা কৰা হৈছে চিন্তন শিবিৰত ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ চৰা দামৰ দিনত এই চিন্তন শিবিৰ অনুষ্ঠিত কৰি সাধাৰণ লোকৰ মূৰত পুনৰ মাধমাৰ মাৰিবলৈ চৰকাৰ সাজু হোৱা বুলি বিৰোধী দলসমূহ নেতাই মন্তব্য প্ৰকাশ কৰিছে ৷

বিৰোধীৰ এনেবোৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে মন্ত্ৰী ৰণজিৎ দাসে (Minister Ranjeet Kumar Dass)৷ নৰেন্দ্ৰ মোডী মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতো এনে চিন্তন শিবিৰ গুজৰাটত অনুষ্ঠিত কৰা হৈছিল বুলি উল্লেখ কৰি ৰণজিৎ দাসে কয় যে, সেই কাৰণেই গুজৰাট আজি ইমান উন্নত ৰাজ্য ৷ কৰ্ণাটকত প্ৰচলিত Land Bank ৰ(Land Bank Karnataka) প্ৰসংগও চিন্তন শিবিৰত আলোচিত হোৱা বুলি মন্তব্য কৰি ৰণজিৎ কুমাৰ দাসে কয় যে ভূপেন বৰাই এই লেণ্ড বেংকৰ নামেই শুনা নাই (Ranjeet Das criticises Bhupen Bora)৷

সংবাদ মাধ্যমেহে কংগ্ৰেছ আৰু AIUDFক জীয়াই ৰাখিছে: মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

আনহাতে ভূপেন বৰাৰ কংগ্ৰেছ দলে সৃষ্টি কৰা ভূ-মাফিয়াই যাতে অসমত আৰু দপদপাব নোৱাৰে তাৰ বাবেই ৰাজ্য চৰকাৰে অসমতো লেণ্ড বেংক স্থাপন কৰিব বুলি জনায় ৰণজিৎ কুমাৰ দাসে ৷ লগতে তেওঁ জনায় যে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত বিভিন্ন MoU স্বাক্ষৰিত কৰি আহিছে । সেইসমূহ কাৰ্যকৰী কৰিবলৈকে বিষয়াসকলৰ সৈতে আলোচনাৰ প্ৰয়োজনবোধ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । উক্ত বুজাবুজি চুক্তিসমূহ পৰ্যায়ক্ৰমে কাৰ্যকৰী হৈ থাকিব বুলি মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী আৰু সদ্ গুৰুৱে কোনো আইন উলংঘা কৰা নাই : এম কে যাদৱ

ABOUT THE AUTHOR

...view details