অসম

assam

Operation against corruption: ঘোচ লৈ হাতে-লোটে ধৰা পৰিল আবকাৰী বিভাগৰ সহায়ক

By

Published : Aug 11, 2022, 2:33 PM IST

বোকাখাত মহকুমা আবকাৰী বিভাগৰ কাৰ্যালয় সহায়কক গ্ৰেপ্তাৰ ৷ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে সহায়কগৰাকীক ৷ উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে ধৰে বিষয়াগৰাকীক(Assam police against corruption) ৷

Operation against corruption
ঘোচ লৈ হাতে-লোটে ধৰা পৰিল আবকাৰী বিভাগৰ সহায়ক

বোকাখাত, 11 আগষ্ট: এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ এই কথাফাকি পুনৰ সত্যত পৰিণত হ’ল বোকাখাতত ৷ বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই এগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰে(Operation against corruption) ৷ ধৃত বিষয়াগৰাকী বোকাখাত মহকুমা আবকাৰী বিভাগৰ কাৰ্যালয় সহায়ক ৷ বিষয়াগৰাকীয়ে উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক ৷

ঘোচ লৈ হাতে-লোটে ধৰা পৰিল আবকাৰী বিভাগৰ সহায়ক

বিলাতী সুৰাৰ ব্যৱসায়ী নিলোৎপল ৰাজখোৱাৰ পৰা ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক (Excise Department Assistant caught red handed) ৷ গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকী বোকাখাত মহকুমা আবকাৰী বিভাগৰ কাৰ্যালয় সহায়ক লোহিত ফুকন ৷ ৰাজখোৱাৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰে লোহিত ফুকনক ৷ ব্যৱসায়ীজনৰ পৰা 4 হাজাৰ টকা লৈছিল ধৃত লোহিত ফুকনে ।

লগতে পঢ়ক :উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ অভিযন্তা

ABOUT THE AUTHOR

...view details