ETV Bharat / state

উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ অভিযন্তা

author img

By

Published : Jun 1, 2022, 3:42 PM IST

Updated : Jun 1, 2022, 5:15 PM IST

এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ (Anti Corruption Branch) জালত পৰিছে পৌৰ প্ৰশাসন সঞ্চালকালয় কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা দেৱাশীষ দাস ৷ উৎকোচ লৈ থকাৰ অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰা কনিষ্ঠ অভিযন্তাগৰাকীক (Engineer of Directorate of Municipal Administration arrested)৷

40 হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা দেৱাসীষ দাস
40 হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা দেৱাসীষ দাস

গুৱাহাটী, 1 জুন : ৰাজ্যৰ পৰা অপৰাধ তথা দুৰ্নীতি নিবাৰণ কৰিবলৈ কঠোৰ হৈছে আৰক্ষী তথা প্ৰশাসন (Anti Corruption Branch) ৷ ইয়াৰ মাজতে এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে পৌৰ প্ৰশাসন সঞ্চালকালয় কাৰ্যালয়ৰ এগৰাকী কনিষ্ঠ অভিযন্তা (Govt employee arrested in Guwahati) ৷ দেৱাশীষ দাস নামৰ অভিযন্তাজনে 40 হাজাৰ টকা উৎকোচ লোৱাৰ সময়তেই হাতে-লোটে গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই ।

উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ অভিযন্তা

ঘটনাৰ বিৱৰণি অনুসৰি, কনিষ্ঠ অভিযন্তা দেৱাশীষ দাসে তেজপুৰৰ কৃতিকমল তামুলী নামৰ এজন লোকৰ পৰা বিচাৰিছিল 40 হাজাৰ টকাৰ উৎকোচ। অভিযোগ অনুসৰি ঠিকা আবন্টনৰ ধন মোকলাই দিয়াৰ নামত কৃতিকমল তামুলীৰ পৰা কনিষ্ঠ অভিযন্তাজনে বিচাৰিছিল উৎকোচ ।

2020 বৰ্ষত তেজপুৰ পৌৰসভাৰ অধীনৰ দুটা পথ নিৰ্মাণৰ নামত 60 লাখ টকাৰ ঠিকাৰ আৱন্টন পাইছিল কৃতিকমল তামুলীয়ে ৷ 2021 বৰ্ষৰ মাৰ্চত ইয়াৰে 30 লাখ টকা পাইছিল যদিও আৰু বাকী আছিল 30 লাখ টকা । বাকী থকা ধনখিনি মোকলাই দিয়াৰ বাবদ 50 হাজাৰ টকাৰ উৎকোচ বিচাৰিছিল অভিযন্তাজনে । তাৰ পাছতেই অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ দলে কনিষ্ঠ অভিযন্তা দেৱাশীষ দাসক কৰিলে হাতে-লোটে গ্ৰেপ্তাৰ ৷

লগতে পঢ়ক : চাকৰিৰ নামত উৎকোচ লৈ আৰক্ষীৰ জালত চৰকাৰী কৰ্মচাৰী

Last Updated :Jun 1, 2022, 5:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.