অসম

assam

অৱশেষত খোল খালে আঠখেলীয়া নামঘৰৰ তলা

By

Published : Sep 19, 2022, 7:02 PM IST

Updated : Sep 19, 2022, 8:10 PM IST

অৱশেষত খোল খালে আঠখেলীয়া নামঘৰৰ তলা

সঘনাই সংঘাতৰ সৃষ্টি হোৱা আঠখেলীয়া নামঘৰত সোমবাৰে ওলমা তলাটো বিয়লিলৈ খোল খায় ৷ স্থানীয় একাংশ লোকৰ তৎপৰতাত জিলা প্ৰশাসনে বিষয়টোত হস্তক্ষেপ কৰি খুলি দিয়ে কৰ্ণধাৰ সমিতিয়ে বন্ধ কৰা তলাটো (Athkhelia Namghar Controversy)৷

মেৰাপানী, ১৯ ছেপ্টেম্বৰ: তুংগত উঠিছে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিৰ ক্ষমতাকেন্দ্ৰিক সংঘাত (Athkhelia Namghar Controversy)। আজিও অব্যাহত থকা বিৰ্তকৰ পৰিপ্ৰেক্ষিতত নামঘৰৰ চৌহদত বৃহৎ সংখ‍্যক আৰক্ষী, নিৰাপত্তাৰক্ষী মোতায়ন কৰি দণ্ডাধীশৰ লগতে এগৰাকী অতিৰিক্ত উপায়ুক্ত উপস্থিত হ’বলগীয়া হয় ।

উল্লেখ্য যোৱা ৯ চেপ্তেম্বৰত পূৰ্বৰ পৰিচালনা সমিয়ে উচ্চ ন্যায়ালয়ৰ নিদেশমৰ্মে এখন সাধাৰণ সভা আয়োজন কৰিছিল । উক্ত সভাতেই পূৰ্বৰ সমিতিখন(Athkhelia Namghar committee) ভংগ কৰি এখন নতুন সমিতি গঠন কৰে । কিন্তু উক্ত সমিতিক কৰ্ণধাৰ সমিতিয়ে অবৈধ ঘোষণা কৰে । কৰ্ণধাৰ সমিতিৰ অভিযোগ মতে সাধাৰণ সভাত সকলো খেলৰ ৰাইজক নিমন্ত্ৰণ জনোৱা নাছিল আৰু প্ৰায় সংখ্যাক ভাড়াতীয়া লোক আছিল । সেয়ে সোমবাৰে নতুনকৈ গঠন হোৱা সমিতিখনে পূৰ্বৰ সকলো অভিযোগ-প্ৰতি অভিযোগ নসাৎ কৰি কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ নামঘৰত উপস্থিত হয় ।

নতুন সমিতিখন নামঘৰত উপস্থিত হোৱাৰ পাছতে লাগিল অথন্তৰ । কৰ্ণধাৰ সমিতিয়ে কোনো কাৰণতে নতুন সমিতিক কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ নিদিয়াৰ হুংকাৰ দি নামঘৰৰ মূল প্ৰৱেশদ্বাৰত তলা ওলোমাই দিয়ে । ইয়াকে লৈ দুয়োপক্ষৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়(Tense situation at Athkhelia Namghar) । এই বাক-বিতণ্ডাৰ মাজতে নৱ নিৰ্বাচিত পৰিচালনা সমিতিয়ে নামঘৰৰ তলাবন্ধৰ বিষয়টোক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে তলা ভাঙিবলৈ উদ্যত হয় ৷

ইয়াৰ পাঠতে স্থানীয় একাংশ যুৱকে কোনো তৃতীয় পক্ষৰ প্ৰৰোচনাত পৰি পৰিচালনা সমিতি আৰু কৰ্ণধাৰ সমিতিয়ে ক্ষমতাৰ খঁকত নামঘৰৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ তুলি দুয়োপক্ষকে বাধা প্ৰদান কৰাৰ লগতে জিলা প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰে । অৱশেষত জিলা প্ৰশাসনৰ লোক সেই স্থানত উপস্থিত হৈ নামঘৰৰ মূল প্ৰৱেশদ্বাৰ মুকলি কৰি দিয়ে ।

লগতে পঢ়ক:আঠখেলীয়া নামঘৰত ওলমিল তলা

Last Updated :Sep 19, 2022, 8:10 PM IST

ABOUT THE AUTHOR

...view details