আঠখেলীয়া নামঘৰত ওলমিল তলা

author img

By

Published : Sep 19, 2022, 2:15 PM IST

Updated : Sep 22, 2022, 2:20 PM IST

Tense situation at Athkheliya Namghar

গোলাঘাটৰ ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উত্তেজনা (Tense situation at Athkheliya Namghar)৷ ধৰ্মীয়স্থানৰ মূল প্ৰৱেশ পথতে ওলমিল তলা ৷ যাৰ ফলত দুটা ফৈদৰ মাজত সৃষ্টি হয় সংঘাতৰ সূত্ৰপাত ৷ আনকি আঠখেলীয়া নামঘৰত আৰক্ষীৰ লগতে বহু অৰ্থসামৰিক বাহিনীৰ লোককো মোতায়ন কৰিব লগা পৰিস্থিতি আহি পাৰে ৷

যোৰহাট, 19 ছেপ্টেম্বৰ : সোমবাৰে হঠাৎ উত্তপ্ত হৈ পৰিল গোলাঘাটৰ ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (Tense situation at Athkheliya Namghar) ৷ আঠখেলীয়া নামঘৰত তলা ওলমোৱা কাৰ্যক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হয় তুমূল তৰ্কযুদ্ধৰ ৷ আঠখেলীয়া নামঘৰত দুটা ফৈদৰ মাজত সৃষ্টি হোৱা এই বিতৰ্কক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ বাবেই মোতায়ন কৰা হয় আৰক্ষীৰ লগতে বহু অৰ্থসামৰিক বাহিনীৰ লোককো ৷

তথ্য অনুসৰি, বিগত 9 ছেপ্তেম্বৰত পূৰ্বৰ পৰিচালনা সমিতিয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এখনি সাধাৰণ সভাৰ আয়োজন কৰিছিল । উক্ত সভাতেই পূৰ্বৰ সমিতিখন ভংগ কৰি এখন নতুন সমিতি গঠন কৰে । কিন্তু উক্ত সমিতি কৰ্ণধাৰ সমিতিয়ে অবৈধ ঘোষণা কৰে ।

আঠখেলীয়া নামঘৰত ওলমিল তলা

কৰ্ণধাৰ সমিতিৰ অভিযোগ মতে, উক্ত সাধাৰণ সভাত সকলো খেলোৱা ৰাইজক নিমন্ত্ৰণ জনোৱা নাছিল ৷

সেই সভাত প্ৰায় সংখ্যাক ভাড়াতীয়া লোকহে আছিল । সেয়ে নতুনকৈ গঠন হোৱা সমিতিখনে পূৰ্বৰ সকলো অভিযোগ-প্ৰতিভিযোগ নসাৎ কৰি কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ নামঘৰলৈ আহিছিল । কিন্তু তাতে লাগে অথন্তৰ । কিয়নো কৰ্ণধাৰ সমিতিয়ে কোনো কাৰণতে নতুন সমিতিক কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়ে ৷

লগতে আঠখেলীয়া নামঘৰৰ প্ৰধান প্ৰৱেশ দ্বাৰত তলা মাৰি দিয়ে (Lock at the main gate of Athkheliya Namghar) । সেয়ে দুয়ো পক্ষৰ মাজত বিতৰ্কৰ সূত্ৰপাত ঘটে । যাৰ ফলত আঠখেলীয়া নামঘৰত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷

লগতে পঢ়ক : মন্ত্ৰী বিধায়কৰ পৃষ্ঠপোষকতা নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে : লুৰীণ জ্যোতি গগৈ

Last Updated :Sep 22, 2022, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.