বোকাখাত,১৮ আগষ্ট : ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Anti drugs campaign of Assam police)। অসম আৰক্ষীয়ে দাবী কৰা মতে ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষী যথেষ্ট পৰিমাণে সফল হৈছে । কিন্তু তাৰ মাজতো ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ বেহা অব্যাহত আছে । যাৰ বাবে প্ৰতিদিনে বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছৰ লগতে গাঞ্জাৰ দৰে নিষিদ্ধ সামগ্ৰীও উদ্ধাৰ কৰিছে ।
ইফালে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষী সষ্টম হোৱা বাবে অসাধু চক্ৰই এই নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰা দেখা গৈছে । একাংশ যাত্ৰীবাহী বাছৰ জৰিয়তেও সৰবৰাহকাৰীসকলে ড্ৰাগছৰ বেহা চলাই গৈছে ।
এইবাৰ গোলাঘাট-গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ নিষিদ্ধ ড্ৰাগছ । আজি পুৱাই বোকাখাত আৰক্ষীয়ে অভিযান চলাই বাছখনৰ পৰা জব্দ কৰে ১৩.৪৮ গ্ৰাম ওজনৰ ড্ৰাগছ (Drugs seized in Bokakhat)। গৌতম বাঢ়ৈ নামৰ ড্ৰাগছ সৰবৰাহকাৰী এটাকো আটক কৰে আৰক্ষীয়ে ।