অসম

assam

Fire break out : কৃষ্ণাইত নিশা ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা

By

Published : Jul 7, 2023, 1:33 PM IST

গোৱালপাৰা কৃষ্ণাই মিত্ৰা কমপ্লেক্সত নিশা ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত কমপ্লেক্সৰ এখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত । প্ৰায় 12 লক্ষাধিক টকাৰ বয়-বস্তুৰ ক্ষতিসাধন ।

MASSIVE FIRE BREAK OUT AT Krishnai
কৃষ্ণাইত নিশা ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা

কৃষ্ণাইত নিশা ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা

গোৱালপাৰা, 7 জুলাই : গোৱালপাৰা জিলাৰ কৃষ্ণাই বজাৰত মাজনিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ কৃষ্ণাই বজাৰৰ মাজমজিয়াত থকা মিত্ৰ কমপ্লেক্স নামৰ ব্যৱসায় প্ৰতিষ্ঠানখনৰ এখন ইলেকট্ৰ’নিক দোকানত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো ৷ অগ্নিকাণ্ডটোৰ ফলত লাখ লাখ টকাৰ ইলেকট্ৰ’নিক সামগ্ৰী জুইত জাহ যায় বুলি জানিবলৈ পৰা গৈছে ৷

উল্লেখযোগ্য যে, ভয়ংকৰ অগ্নিকাণ্ডটোত দোকানৰ ভিতৰত থকা ইলেকট্ৰ’নিকৰ সকলো সামগ্ৰী নিমিষতে জুইত জাহ যায় বুলি জানিবলৈ পৰা গৈছে ৷ ভয়ংকৰ অগ্নিকাণ্ডটোৰ ফলত কথমপি ৰক্ষা পৰে কাষতে থকা আন কেইবাখনো ব্যৱসায়-প্ৰতিষ্ঠান । প্ৰায় মাজনিশা মিত্ৰ কমপ্লেক্সৰ চৌপাশে ক’লা ধোঁৱাই ছানি ধৰা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে । কলা ধোঁৱা নিৰ্গত হোৱা প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ লগে লগে স্থানীয় ৰাইজে নিশাই স্থানীয় কৃষ্ণাই আৰক্ষী থানাত খবৰ দিয়ে ৷

পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ পিছত কৃষ্ণাই আৰক্ষীৰ তৎপৰতাত তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ইলেকট্ৰ’নিক দোকানৰ ভিতৰত থকা সকলো সামগ্ৰী জাহ যায় ৷ কেইবা লক্ষাধিক টকাৰ ইলেকট্ৰ’নিক সামগ্ৰী দোকানখনত আছিল বুলি জানিবলৈ পৰা গৈছে ৷

দোকানখনত বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰ লগতে, স্থানীয় ৰাইজে কৃষ্ণাইত এখন অগ্নি নিৰ্বাপক বাহিনীৰ কেন্দ্ৰ স্থাপন কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ আগত দাবী জনাই আহিছে যদিও আজিলৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

লগতে পঢ়ক :Goalpara road accident : পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে এটা দম্পত্তিয়ে

ABOUT THE AUTHOR

...view details