অসম

assam

Illegal sand mining : গোৱালপাৰাৰ পঞ্চৰত্নত বালি চুৰিত নামিল এছ পি সিংলা কোম্পানী!

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 12:38 PM IST

গোৱালপাৰাৰ পঞ্চৰত্নত বালি চুৰিত নমাৰ অভিযোগ এছ পি সিংলা কোম্পানীৰ বিৰুদ্ধে । পুঁজিপতি সিংলা কোম্পানীয়ে অবৈধভাৱে ব্ৰহ্মপুত্ৰ নৈত নিষিদ্ধ মেচিনেৰে বালি উত্তোলন কৰি নৰনাৰায়ণ সেঁতুৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি । চকু মুদা কুলিৰ ভাওত সংমণ্ডল বন বিষয়া তেজশ মৰিস্বামী । দুৰ্নীতিগ্ৰস্ত সিংলাৰ বিৰুদ্ধে তদন্তৰ দাবী সচেতন মহলৰ ।

Illegal sand mining
পঞ্চৰত্নত বালি চুৰিত নামিল এছ পি সিংলা কোম্পানী

পঞ্চৰত্নত বালি চুৰিত নামিল এছ পি সিংলা কোম্পানী

গোৱালপাৰা, 23 ছেপ্টেম্বৰ:গোৱালপাৰাত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত অবৈধ খনন । গোৱালপাৰাত সংমণ্ডল বন বিষয়া হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ডি এফ অ' তেজশ মৰিস্বামীয়ে জিলাখনৰ বনজ সম্পদৰ ওপৰত লুণ্ঠন চলাই ইটোৰ পিচত সিটো দুৰ্নীতিৰ অভিলেখ সৃষ্টি কৰিছে বুলি অভিযোগ তুলিছে স্থানীয় সচেতন ৰাইজে । তদুপৰি, চোৰাং সৰবৰাহকাৰীৰ সৈতে গোপন মিতিৰালিৰে বিষয়াগৰাকীয়ে নিজৰ জেপ গধুৰ কৰাতহে ব্যস্ত হৈ পৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

শেহতীয়াকৈ এইবাৰ পঞ্চৰত্নত লুণ্ঠনৰ বৰপীৰা 'এছ পি সিংলা কনষ্ট্রাকচন প্ৰাইভেট লিমিটেড' নামৰ কোম্পানীটোক পাৰি দিয়া বুলি অভিযোগ উত্থাপিত হৈছে বন বিষয়াগৰাকীৰ বিৰুদ্ধে । ডি এফ অ' তেজশ মৰিস্বামীৰ ছত্ৰছায়াতে শেহতীয়াকৈ এছ পি সিংলাই নিশাৰ ভাগত নৰনাৰায়ণ সেঁতুৰ সমীপত ব্ৰহ্মপুত্ৰৰ বুকুত নিষিদ্ধ বালি উত্তোলক বৃহৎ মেচিনেৰে ব্যাপক হাৰত জধে-মধে য'তে-ত'তে অবৈধ খনন কাৰ্য চলাই গৈছে বুলি অভিযোগ উত্থাপন হৈছে । যি খননে নৰনাৰায়ণ সেঁতুৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনাৰ আশংকা কৰাৰ বিপৰীতে অংশ বিশেষে গৰাখহনীয়াৰ সৃষ্টি হোৱা বুলিও স্থানীয় সচেতন‌ ৰাইজে জনায় ।

উল্লেখ্য যে,নৰনাৰায়ণৰ সেঁতুৰ কাষত পঞ্চৰত্ন-যোগীঘোপা সংযোগী দলংখনৰ দ্বিতীয়খন দলঙৰ নিৰ্মাণৰ কাম চলি আছে । 746.76 কোটি টকা ব্যয়সাপেক্ষে 2.3 কিলোমিটাৰ দৈৰ্ঘৰ দুইলেনযুক্ত দলংখন 2024 চনত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে । বিহাৰৰ ভগলপুৰত নিৰ্মীয়মান অৱস্থাতে ভাগি পৰা ‘আগুৱানি- চুলতানগঞ্জ গংগা' দলঙখনৰ নির্মাণৰ সৈতে জড়িত থকা বিতৰ্কিত এছ পি সিংলা কনষ্ট্রাকচন প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰি থকা গোৱালপাৰাৰ পঞ্চৰত্নৰ দলংখনৰ নিম্নমানৰ কামে ইতিমধ্যেই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে ।

বিগত প্ৰায় এমাহ ধৰি নদীৰ বগা বালি চোৰাংকৈ খনন কৰি দলং নিৰ্মাণত ব্যৱহাৰ কৰি বন বিভাগক ৰাজহ ফাঁকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে এছ পি সিংলাৰ বিৰুদ্ধে । জানিব পৰা মতে, বিগত বৰ্ষত কোম্পানীটোৱে ৰাজহ আদায় দি 2 হেজাৰ চি এম নদীৰ বগা বালিৰ পাৰ্মিট লাভ কৰিছিল । বৈধ মহলৰ পৰা এই বালি সংগ্ৰহ কৰি কেতিয়াবাই নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰিছে । ইয়াৰ পিচত চলিত বৰ্ষত কোম্পানীটোৱে নদীৰ পলসুৱা বা বগা বালিৰ পাৰ্মিট উলিওৱা নাই বুলি গোৱালপাৰা আঞ্চলিক বন বিভাগে জানিব দিছে । তদুপৰি, আজিৰ তাৰিখত পঞ্চৰত্নত বগা বালিৰ কোনো বৈধ মহল নাই বুলিও স্পষ্ট কৰে বিভাগটোৱে ।

এনে ক্ষেত্ৰত কোম্পানীটোৱে নৰনাৰায়ণ সেঁতুৰ নিচেই সমীপত জাহাজ সদৃশ অত্যাধুনিক বালি উত্তোলক মেচিন লগাই ওৰে‌ নিশা ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা অবৈধভাৱে ব্যাপক হাৰত বালি উত্তোলন কৰি ফকলেন‌ আৰু ডাম্পাৰৰ সহায়ত নিৰ্মাণ কাৰ্যত বালি ব্যৱহাৰ কৰি আহিছে বুলি প্ৰত্যক্ষদৰ্শীয়ে কয় । বৃহস্পতিবাৰৰ নিশাও‌ ব্যাপক হাৰত ভৰা নদীৰ বুকু খান্দি বালি সৰবৰাহ কৰা পৰিলক্ষিত হৈছে বুলি জানিব পৰা গৈছে ।

জিলা বন বিভাগক বৃহৎ অংকৰ ৰাজহ ফাঁকি দি নিশাৰ ভাগত জাহাজ সদৃশ নিষিদ্ধ বালি উত্তোলক মেচিনেৰে বেআইনীভাৱে নদীৰ বুকুত অবৈজ্ঞানিকভাৱে চলাই থকা এই খনন কাৰ্যই নৰনাৰায়ণৰ সেঁতুৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি স্থানীয় ৰাইজে কয় । কিন্তু ইয়াৰ বিপৰীতে এই সকলোবোৰ অবৈধ কাৰবাৰ দেখিও নেদেখাৰ ভাও লৈছে ডি এফ অ' তেজশ মৰিস্বামীয়ে । ঠিক তেনেদৰে মৌনতা অৱলম্বনত কৰিছে জিলা বন সুৰক্ষা বিভাগেও ।

দুৰ্নীতিগ্ৰস্থ সিংলাৰ লগতে বন বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে সচেতন মহলে ।

লগতে পঢ়ক:Assam CM wife vs MP Gaurav Gogoi : সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে

ABOUT THE AUTHOR

...view details