অসম

assam

গৰ্ভৱতী পত্নীক হত্যা কৰি জ্বলাই দিয়াৰ চেষ্টা পাষাণ স্বামীৰ

By

Published : Aug 28, 2022, 1:08 PM IST

Husband attempted to burn his pregnant wife by strangling her
গৰ্ভৱতী পত্নীক ডিঙি চেপি হত্যা কৰি জ্বলাই দিয়াৰ চেষ্টা পাষাণ স্বামীৰ

গোৱালপাৰাৰ জিলাৰ লক্ষীপুৰৰ ধোৱাকুৰা গাঁৱত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড (Brutal murder in Goalpara) ৷ নিজ কন্যাৰ সন্মুখতে গৰ্ভৱতী পত্নীক ডিঙি চেপি হত্যা কৰি জ্বলাই দিয়াৰ চেষ্টা কৰে পাষাণ স্বামীয়ে (Husband killed pregnant wife)

গোৱালপাৰা, 28 আগষ্ট:গোৱালপাৰাত সংঘটিত হৈছে জঘন্য ঘটনা (Goalpara murder case)৷ নিজ কন্যাৰ সন্মুখতে গৰ্ভৱতী পত্নীক ডিঙি চেপি হত্যা কৰি জ্বলাই দিয়াৰ চেষ্টা কৰে পাষাণ স্বামীয়ে (Husband killed pregnant wife)৷

গোৱালপাৰাৰ জিলাৰ লক্ষীপুৰৰ ধোৱাকুৰা গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো (Husband killed pregnant wife in Goalpara)৷ শনিবাৰে নিশা স্বামী আব্দুছ ছালামে গৰ্ভৱতী পত্নী মফিদা খাতুনক ডিঙি চেপি হত্যা কৰে (Husband attempted to burn pregnant wife)৷ তাৰ পিছতে পত্নীক হত্যাৰ খবৰ লুকুৱাবলৈ মৃত পত্নীক জ্বলাই দিয়াৰ চেষ্টা কৰে হত্যাকাৰী আব্দুছে ৷

গৰ্ভৱতী পত্নীক ডিঙি চেপি হত্যা কৰি জ্বলাই দিয়াৰ চেষ্টা পাষাণ স্বামীৰ

এই সমগ্ৰ ঘটনা আব্দুছে সংঘটিত কৰিছিল কণমানি জীয়াৰীৰ সন্মুখতে ৷ এই সমগ্ৰ ঘটনাই লক্ষীপুৰ অঞ্চলত এক প্ৰকাৰ জোকাৰণিৰ সৃষ্টি কৰিছে (Crime against women in Assam) । অৱশেষত আৰক্ষীয়ে মৃত পত্নীক উদ্ধাৰ কৰি পাষাণ স্বামীক গ্ৰেপ্তাৰ কৰিছে (Police arrested killer husband) ৷ স্বামীয়ে পত্নীক হত্যা কৰাৰ কাৰণ এতিয়ালৈ পোহৰলৈ অহা নাই ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে (Man arrested for killing wife)৷

লগতে পঢ়ক:টীয়কৰ ঔগুৰিত নৃশংস হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details