অসম

assam

Goalpara College student union election: গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত বিজয় ডংকা NSUI আৰু ছাত্ৰ মুক্তিৰ

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 7:14 AM IST

Updated : Nov 2, 2023, 9:28 AM IST

গোৱালপাৰা মহাবিদ্যালয় ছাত্ৰ একতা সভা নিৰ্বাচনত এন এছ ইউ আই আৰু ছাত্ৰ মুক্তিৰ বৃহৎ জয় । ১১ পদত জয়লাভ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু এন এছ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থীয়ে । ইয়াৰ বিপৰীতে বাকী দলকেইটাৰ ফলাফল ক্ৰমে আছু-১, চি ৱাই এছ পি-১, এ চি পি-২, এ ভি বি পি-0, আৰছু- 0 ৷

Goalpara College student union election results
গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত NSUI আৰু ছাত্ৰ মুক্তিৰ বৃহৎ জয়

ছাত্ৰ একতা সভা নিৰ্বাচনত জয় ডংকা বজালে NSUI আৰু ছাত্ৰ মুক্তিয়ে

গোৱালপাৰা, ২ নৱেম্বৰ :বুধবাৰে ঘোষণা কৰা হ’ল গোৱালপাৰা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ৷ গোৱালপাৰা মহাবিদ্যালয়ৰ এই ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু এন এছ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থীয়ে সাধাৰণ সম্পাদকসহ মুঠ ১১ টা পদত জয়লাভ কৰিবলৈ সক্ষম হয় । এই লৈ বিজয়ী প্ৰাৰ্থীসকলকৰ লগতে ছাত্ৰ সংগঠন দুটাৰ কৰ্মী-সমৰ্থকসকলো বিজয় উল্লাসত মতলীয়া হৈ পৰা পৰিলক্ষিত হয় ।

বুধবাৰে ঘোষিত ফলাফলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু এন এছ ইউ আইৰ সমৰ্থিত সাধাৰণ সম্পাদক পদত নাজিবুল আক্ৰাম, উপ-সভাপতি পদত নুৰ মহম্মদ চাজিদ শ্বাহ, সহকাৰী সম্পাদক পদত মুস্তাফা হক, তৰ্ক আৰু আলোচ্য বিভাগৰ সম্পাদক পদত জামিনা বেগম, আভ্যন্তৰীণ ক্ৰীড়া সম্পাদক পদত মুজাহাৰুল ইছলাম জয়ী হয় ৷ লগতে আলোচনী সম্পাদক পদত আশিদুল শিকদাৰ, ফুটবল সম্পাদক পদত খুৰ্শীদ মিৰ্জা আছিকুৰ, ক্ৰিকেট সম্পাদক পদত তিলকেশ বিশ্বাসে জয়লাভ কৰে ৷

গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত NSUI আৰু ছাত্ৰ মুক্তিৰ বৃহৎ জয়

ইয়াৰ উপৰিও বহিঃবিভাগ খেল সম্পাদক পদত নাজিবুল ওমৰ, ছাত্ৰ জিৰণি কোঠা পদত এম ডি ফিৰোজ জামান আৰু ছাত্ৰী জিৰণি কোঠা পদত আফ্ৰিন চৌধুৰীয়ে জয়লাভ কৰে । সাংস্কৃতিক সম্পাদক পদত আছু সমৰ্থিত তৃপ্তি ৰয় আৰু উৎসৱ সম্পাদক পদত চি ৱাই এছ পি সমৰ্থিত নুৰানী মুস্কান মাৰ্ছিন চৌধুৰীয়ে জয়লাভ কৰে ।

একেদৰে অসম ছাত্ৰ পৰিষদ সমৰ্থিত সভাপতি পদৰ প্ৰাৰ্থী নুৰ মামুদ আলমে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ লগতে সমাজ সেৱা পদত মাহা আলমে জয়লাভ কৰিবলৈ সক্ষম হয় । আনহাতে, এ ভি বি পি আৰু আৰছুৰ সমৰ্থিত কোনো এগৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

মন কৰিবলগীয়া যে, গোৱালপাৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনকলৈ তীব্ৰ বাদ-বিবাদ হোৱা দেখিবলৈ পোৱা গৈছিল । যোৱা ১৭ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিন ধাৰ্য কৰা হৈছিল যদিও বাদ-বিবাদ হোৱাৰ ফলত উক্ত তাৰিখত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকে । পাচত বুধবাৰে অনুষ্ঠিত হয় এই নিৰ্বাচন । বুধবাৰে ভোট গ্ৰহণৰ অন্তত নিশা ভোট গণনা কৰি ফলাফল ঘোষণা কৰা হয় ।

উল্লেখ্য যে, মহাবিদ্যালয়খনৰ এইবাৰৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু এন এছ ইউ আইয়ে মিত্ৰতা কৰি নিৰ্বাচনত সমৰ্থিত প্ৰাৰ্থী আগবঢ়াইছিল । সেইদৰে আছু আৰু চি ৱাই এছ পিয়ে মিত্ৰতা কৰি সমৰ্থিত প্ৰাৰ্থী আগবঢ়োৱাৰ বিপৰীতে অসম ছাত্ৰ পৰিষদ, এ ভি বি পি আৰু আৰছুয়ে মিত্ৰতা কৰি সমৰ্থিত প্ৰাৰ্থী আগবঢ়াইছিল ।

এনে ত্ৰিকোণীয়া প্ৰতিদ্বন্দিতাৰ পাচত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু এন এছ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থীয়ে বৃহৎ বিজয় সাব্যস্ত কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক :Indrani Tahbildar Death: ইন্দ্ৰানী তহবিলদাৰ আত্মহত্যাৰ দোষীয়ে উচিত শাস্তি পাব বুলি আশাবাদী স্বামী

Last Updated : Nov 2, 2023, 9:28 AM IST

ABOUT THE AUTHOR

...view details