অসম

assam

Political war in Goalpara Municipality: আস্থা-অনাস্থাৰ ৰাজনীতিত বিধ্বস্ত গোৱালপাৰা পৌৰসভা

By

Published : Nov 13, 2022, 10:07 AM IST

corruption-in-goalpara-municipality

দীৰ্ঘদিন ধৰি চলি অহা পৌৰসভাৰ পৌৰব’ৰ্ডত বিজেপি আৰু কংগ্ৰেছী পৌৰ আয়ুক্তৰ মাজৰ অৰিয়া-অৰিয়ে চৰম ৰূপ লৈছে ৷ ইটোৰ পিছত সিটো বিত্তীয় কেলেংকাৰী সংঘটিত কৰি ঐতিহাসিক গোৱালপাৰা পৌৰসভাত দুৰ্নীতিৰ পোহাৰ মেলা পৌৰপতি মহানন্দ পাঠকৰ বিৰুদ্ধে যোৱা ২৬ অক্টোবৰত তিনিগৰাকীকৈ পৌৰ আয়ুক্তই আনুষ্ঠানিকভাৱে অনাস্থা প্ৰস্তাৱ আনিছিল ৷

গোৱালপাৰা, 13 নৱেম্বৰ: "দুৰ্নীতিমুক্ত বুলি তেওঁলোকে কয় কিন্তু প্ৰকৃততে দুৰ্নীতিমুক্ত নহয় দুৰ্নীতিযুক্তহে ৷ গোৱালপাৰা চহৰত 19 টা ৱাৰ্ডৰ ব’ৰ্ড আছে ৷ তাৰে 12 জনে বিজেপি হোৱাৰ কাৰণে যি ইচ্ছা তাকেই কৰিব পাৰে ৷ কংগ্ৰেছী 5 গৰাকী পৌৰ আয়ুক্তক তেওঁলোকে হিচাপতেই নধৰে ৷ আমি ৰাইজৰ প্ৰতিনিধি ৷ আমি ৰাইজৰ স্বাৰ্থৰ হকে কাম কৰিবলৈ ওলাই আহিছো ৷ আমি যোৱা 8 মাহে বিজেপিৰ লগত মিলিত হৈ কাম কৰি থাকিলে বৰ্ডৰ সুবিধা হ’ব বুলি মনে মনে আছিলো ৷ কিন্তু আজিলৈ অধ্যক্ষই এটা কাম মুকলি কৰিব নোৱাৰিলে ৷ তেওঁলোকে মুকলিকৈ ভোট কৰিছিল, কিন্তু এই ভোট প্ৰক্ৰিয়া গোপন হ’ব লাগিছিল ৷" এইদৰে বিজেপিৰ পৌৰ আয়ুক্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছী পৌৰ আয়ুক্তই (BJP ward commissioner) ৷

গোৱালপাৰা পৌৰব’ৰ্ডত খাম-খেয়ালি

দীৰ্ঘদিন ধৰি চলি অহা পৌৰসভাৰ পৌৰব’ৰ্ডত বিজেপি আৰু কংগ্ৰেছী পৌৰ আয়ুক্তৰ মাজৰ অৰিয়া-অৰিয়ে চৰম ৰূপ লৈছে ৷ ইটোৰ পিছত সিটো বিত্তীয় কেলেংকাৰী সংঘটিত কৰি ঐতিহাসিক গোৱালপাৰা পৌৰসভাত দুৰ্নীতিৰ পোহাৰ মেলা পৌৰপতি মহানন্দ পাঠকৰ বিৰুদ্ধে যোৱা ২৬ অক্টোবৰত তিনিগৰাকীকৈ পৌৰ আয়ুক্তই আনুষ্ঠানিকভাৱে অনাস্থা প্ৰস্তাৱ আনি ১৯৫৬ চনৰ পৌৰ আইনৰ ৪৩ (২) নং ধাৰা অনুযায়ী বিশেষ সভাৰ দাবী জনাইছিল ৷

শনিবাৰে বিয়লি ডেৰ বজাত গোৱালপাৰা পৌৰসভাৰ (Goalpara Municipality Board) পৌৰপতি মহানন্দ পাঠকৰ পৌৰব'ৰ্ডে সংখ্যাগৰিষ্ঠতা দেখুৱাবলৈ এখন বিশেষ সভাৰ আয়োজন কৰিছিল ৷ পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত কৰা বিশেষ সভাখনত সভাপতিত্ব কৰে ব'ৰ্ডৰ উপ-সভানেত্ৰী মামনি দাস মল্লিকে ৷ ব'ৰ্ডৰ পদেন সদস্য তথা স্থানীয় বিধায়ক এ কে ৰছিদ আলমকে ধৰি পৌৰসভাৰ ১৯ গৰাকী পৌৰ আয়ুক্ত বিশেষ সভাখনত উপস্থিত থাকে।

জানিব পৰা মতে, সভাৰ আৰম্ভণিতে পৌৰপতি মহানন্দ পাঠকে নিজৰ লগত থকা সংখ্যাগৰিষ্ঠা দেখুৱাবলৈ হাত দাঙি মুকলি সমৰ্থনৰ প্ৰস্তাৱ আগবঢ়ায় ৷ পৌৰপতি মহানন্দৰ এই প্ৰস্তাৱক অনাস্থাকাৰীসকলৰ লগতে মুঠ সাতগৰাকী পৌৰ আয়ুক্তই বিৰোধ কৰাত সভাখনত তীব্ৰ বাক-বিতণ্ডা হয় ৷ প্ৰায় দুঘণ্টা সময় ধৰি এই বাক-বিতণ্ডা চলাত সভাখন উত্তেজিত হৈ পৰে ৷

উল্লেখ্য যে ১৯৫৬ চনৰ পৌৰ আইনৰ ধাৰা ২৮(২) অনুসৰি বেলট পেপাৰৰ জৰিয়তে ভোটদানৰ প্ৰক্ৰিয়াৰে সংখ্যা গৰিষ্ঠতা বা আস্থা প্ৰমান কৰিব লাগে ৷ তাৰোপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ২০০৮ চনত চলা দিলিপ সিং বনাম অসম চৰকাৰ গোচৰ(জি এল আৰ ৭১৫)ৰ ৰায়দান অনুসৰি বেলট পেপাৰৰ জৰিয়তে ভোটগ্ৰহণ স্বীকৃতিপ্ৰাপ্ত বুলি উল্লেখ আছে (Dilip Singh vs Govt of Assam case) ৷

তৎসত্বেও সভাত উপস্থিত থকা পৌৰসভাৰ বৰ্তমানৰ কাৰ্যবাহী বিষয়া তৃষ্ণা শৰ্মাকে ধৰি বিশেষ সভাৰ তদাৰকী প্ৰশাসনিক বিষয়া কল্যাণী কংকনা দাসে কোনো গুৰুত্ব আৰোপ নকৰে ৷ অৱশেষত বিশেষ সভাৰ সভাপতিয়ে পৌৰ আইনক অৱজ্ঞা কৰাৰ লগতে বেলট পেপাৰৰ জৰিয়তে ভোটদানৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক মষিমূৰ কৰি অনাস্থাৰ সন্মুখীন হোৱা পৌৰপতিৰ প্ৰতি হাত দাঙি মুকলি সমৰ্থন কৰিবৰ বাবে ঘোষণা কৰাত ছয়গৰাকী পৌৰ আয়ুক্তই তীব্ৰ বিৰাধিতা কৰি সভাকক্ষৰ পৰা ওলাই আহে ৷ অনাস্থাৰ প্ৰস্তাৱ অনা পৌৰআয়ুক্ত তিনগৰাকী হ'ল ধনজীৱ ৰাভা(১৭ নং ৱাৰ্ড), নবিউল কৰিম(১৪ নং ৱাৰ্ড) আৰু তাজমিনুৰ আলম(১৩ নং ৱাৰ্ড)।

ইপিনে আস্থা প্ৰকাশৰ বিশেষ সভাখনত মুকলি সৰ্থনক লৈ সংবাদ মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ১৭ নং ৱাৰ্ডৰ অনাস্থাকাৰী পৌৰ আয়ুক্ত ধনজীৱ‌ ৰাভাৰ লগতে একাংশ পৌৰ আয়ুক্তই ৷ বিশেষ সভাখনত পৌৰ আইন তথা গণতান্ত্ৰিক প্ৰক্ৰিয়াক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি মুকলি সমৰ্থনৰ জৰিয়তে পৌৰপতি মহানন্দৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰা অগণতান্ত্ৰিক কাৰ্যক গৰিহনা দিয়ে ক্ষোভিত পৌৰ আয়ুক্তসকলে ৷ আস্থা প্ৰদৰ্শনৰ এই অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বিৰুদ্ধে আৰু পৌৰ আইন অনুসৰি বিশেষ সভাত বেলট পেপাৰৰ জৰিয়তে গোপন ভোট দান প্ৰক্ৰিয়াৰ বাবে শীঘ্ৰেই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি জানিব দিয়ে অনাস্থাকাৰী পৌৰ আয়ুক্তসকলে ।

লগতে পঢ়ক:Badruddin Ajmal public meeting: মোৰ ভূতে খেদিছে এতিয়া কংগ্ৰেছক: আজমল

ABOUT THE AUTHOR

...view details