অসম

assam

উমৰাংচুত পৰ্যটকৰ সুবিধাৰ্থে Eco Tourism Park মুকলি

By

Published : Nov 16, 2021, 12:57 PM IST

উমৰাংচুৰ পানিমুৰত দেওবাৰে ইক’ ট্যুৰিজিম পার্ক(Eco Tourism Park) তথা অতিথিশালাৰ শুভ উদ্বোধন ৷ ডিমা হাছাও জিলাৰ পৰ্যটন থলী উপভোগ কৰিবলৈ যোৱা পৰ্যটকসকলৰ আশ্ৰয়ৰ সুবিধাৰ্থে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ(North Cachar Hill Autonomous Council)ৰ উদ্যোগত নিৰ্মাণ কৰা হয় এই অতিথিশালাটো ৷

eco-tourism-park-inaugurates-at-umrangso
উমৰাংচুত পৰ্যটকৰ সুবিধাৰ্থে Eco Tourism Park মুকলি

ডিমা হাছাও, 16 নৱেম্বৰ : ডিমা হাছাও জিলাৰ পৰ্যটন ক্ষেত্ৰলৈ আহিছে এক সুখবৰ ৷ এতিয়াৰ পৰা উমৰাংচু ফুৰিবলৈ গ’লে আপোনালোকে থকাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় । কিয়নো উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ(North Cachar Hill Autonomous Council)ৰ উদ্যোগত উমৰাংচুত পৰ্যটকৰ বাবে নিৰ্মাণ কৰা হৈছে অতিথিশালা ।

অসমৰ অন্যতম পাহৰীয়া জিলাৰ ঔদ্যোগিক চহৰ উমৰাংচুৰ পানিমুৰত দেওবাৰে উদ্বোধন কৰা হয় ইক’ ট্যুৰিজিম পার্ক(Eco Tourism Park)ৰ ৷ এই পাৰ্কখনৰ শুভ উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ।

উমৰাংচুত পৰ্যটকৰ সুবিধাৰ্থে Eco Tourism Park মুকলি

ইণ্ডিয়ান নায়েগ্ৰা খ্যাত পানিমুৰ জলপ্ৰপাত(Panimur Waterfalls)ৰ সমীপত সেউজ পৰিৱেশৰ মাজতে নিৰ্মাণ কৰা হৈছে এই পাৰ্কখন ৷ মুঠ 16 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এই ইক’ ট্যুৰিজিম পার্কখন । ইয়াত পৰ্যটকসকল জিৰণি ল’ব পৰাকৈ আছে অতিথিশালা আৰু অত্যাধুনিক সুবিধা যুক্ত ক’টেজৰ সু-ব্যৱস্থা ।

কেন্দ্ৰীয় চৰকাৰৰ MOS পেকেজৰ অধীনত এই পার্কখন নিৰ্মাণ কৰা হৈছে । প্ৰায় তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হৈছে 40 খন ক’টেজৰ ব্যৱস্থা থকা ইক’ ট্যুৰিজিম পার্কখনৰ কাম । পাৰ্কখনৰ শুভ উদ্বোধন কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই কয় যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগিতাতেই এইখন বৃহৎ ইক’ ট্যুৰিজিম পার্ক তথা অতিথিশালাৰ নিৰ্মাণ সম্ভৱ হৈ উঠিছে ।

ইয়াৰোপৰি, পৰ্যটকসকলক অতিথিশালা আৰু ইয়াৰ ওচৰে-পাজৰে থকা অঞ্চলসমূহত স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনাই মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

লগতে পঢ়ক :পৰিভ্ৰমী আমূৰ ফেলকনৰ কোলাহলত মুখৰিত উমৰাংচু

ABOUT THE AUTHOR

...view details