অসম

assam

সন্তোষ হোজাইৰ হত্যাকাণ্ড : দুই কনিষ্টবলক তিনিদিনৰ চিআইডিৰ জিম্মালৈ প্ৰেৰণ

By

Published : Dec 3, 2020, 7:59 AM IST

Updated : Dec 3, 2020, 8:05 AM IST

ঠিকাদাৰ সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাৰ লগত জড়িত অসম আৰক্ষীৰ দুই কনিষ্টবল বিপুল লস্কৰ আৰু শংকৰ বণিয়াক পুনৰ তিনিদিনৰ বাবে চিআইডিৰ জিম্মালৈ প্ৰেৰণ আদালতৰ ৷

সন্তোষ হোজাইৰ হত্যাকাণ্ড
দুই কনিষ্টবলক তিনিদিনৰ চিআইডিৰ জিম্মালৈ প্ৰেৰণ

ডিমা হাছাও, 3 ডিচেম্বৰ : সন্তোষ হোজাই অপহৰণ আৰু হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত আৰক্ষীৰ দুই কনিষ্টবল বিপুল লস্কৰ আৰু শংকৰ বণিয়াৰ চাৰিদিনৰ জিম্মা ইতিমধ্যেই অন্ত পৰিছে ৷ বুধবাৰে দুপৰীয়াৰ ভাগত অভিযুক্ত দুইগৰাকীকে হাফলং মুখ্য ন্যায় দণ্ডাধীশৰ আদালতত উপস্থিত কৰোৱা হয় আৰু তিনিদিনৰ জিম্মাত বিচাৰে ৷ মুখ্য ন্যায় দণ্ডাধীশ বংকিম শৰ্মাই দুই অভিযুক্তক পুনৰ তিনি দিনৰ বাবে চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰে ৷

চিআইডিৰ উপ-আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে যে, অভিযুক্ত দুগৰাকীকে সোধ-পোচৰ বাবে তিনিদিনৰ জিম্মালৈ অনা হৈছে ৷ ইয়াৰ বাহিৰে চিআইডিৰ উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷ উল্লেখ্য যে, যোৱা শুকুৰবাৰৰ নিশা সন্তোষ হোজাইৰ হত্যাত জড়িত থকাৰ অভিযোগত চিআইডিৰ তদন্তকাৰী দলে অসম আৰক্ষীৰ কনিষ্টবল বিপুল লস্কৰ আৰু শংকৰ বণিয়াক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক :কাছাৰত পথ দুৰ্ঘটনাত নিহত 5 গৰাকীকৈ ছাত্ৰ

Last Updated : Dec 3, 2020, 8:05 AM IST

ABOUT THE AUTHOR

...view details